Check out the new design

Përkthimi i kuptimeve të Kuranit Fisnik - Përkthimi asamisht - tefsiri i përmbledhur i Kuranit Fisnik (El Muhtesar) * - Përmbajtja e përkthimeve


Përkthimi i kuptimeve Ajeti: (143) Surja: El Enam
ثَمٰنِیَةَ اَزْوَاجٍ ۚ— مِنَ الضَّاْنِ اثْنَیْنِ وَمِنَ الْمَعْزِ اثْنَیْنِ ؕ— قُلْ ءٰٓالذَّكَرَیْنِ حَرَّمَ اَمِ الْاُنْثَیَیْنِ اَمَّا اشْتَمَلَتْ عَلَیْهِ اَرْحَامُ الْاُنْثَیَیْنِ ؕ— نَبِّـُٔوْنِیْ بِعِلْمٍ اِنْ كُنْتُمْ صٰدِقِیْنَ ۟ۙ
তেৱেঁই তোমালোকৰ বাবে আঠ প্ৰকাৰ জন্তু সৃষ্টি কৰিছে, ভেৰাৰ দুটা, ছাগলীৰ দুটা, মাইকী আৰু মতা। হে ৰাছুল! মুশ্বৰিকসকলক কওঁক যে, মতা হোৱাৰ কাৰণে উভয় প্ৰকাৰ জন্তুৰ মতাক আল্লাহে হাৰাম কৰিছে নেকি? যদি সিহঁতে হয় বুলি উত্তৰ দিয়ে তেন্তে সিহঁতক কওঁক যে, তেন্তে তোমালোকে মাইকীবোৰক কিয় হাৰাম কৰা? নে তেওঁ মাইকীবোৰক মাইকী হোৱাৰ কাৰণে হাৰাম কৰিছে? যদি সিহঁতে হয় বুলি উত্তৰ দিয়ে, তেন্তে সিহঁতক কওঁক, তেন্তে তোমালোকে মতাবোৰক কিয় হাৰাম বুলি গণ্য কৰা? অথবা তেওঁ সেইবোৰ পোৱালীক হাৰাম কৰিছে নেকি, যিবোৰ উভয় প্ৰকাৰৰ মাইকীয়ে গৰ্ভ ধাৰণ কৰে? সেইবোৰ এই কাৰণে এইবোৰ হাৰাম নেকি যে গৰ্ভত আছে? যদি সিহঁতে কয় যে, হয়; তেন্তে আপুনি সিহঁতক প্ৰশ্ন কৰক যে, সকলো পোৱালী দেখুন গৰ্ভৰ পৰাই জন্ম লাভ কৰে তেন্তে তোমালোকে এনেকুৱা কিয় কৰা যে, কেতিয়াবা মতাক হাৰাম বুলি কোৱা আকৌ কেতিয়াবা মাইকীক হাৰাম বুলি কোৱা। হে মুশ্বৰিকসকল! যদি তোমালোকৰ এই দাবী সত্য হয় যে, এইবোৰক আল্লাহে হাৰাম কৰিছে তেন্তে তোমালোকে কোৱাচোন, তোমালোকে কোনটো সঠিক জ্ঞানৰ ওপৰত নিৰ্ভৰ কৰা।
Tefsiret në gjuhën arabe:
Dobitë e ajeteve të kësaj faqeje:
• في الآيات دليل على إثبات المناظرة في مسائل العلم، وإثبات القول بالنظر والقياس.
এই আয়াতবোৰৰ দ্বাৰা জ্ঞান সম্পৰ্কীয় বিষয়ত তৰ্ক-বিতৰ্ক কৰাৰ প্ৰমাণ পোৱা যায়, লগতে গৱেষণা তথা উপযুক্ত যুক্তিৰে কথা উত্থাপনৰো প্ৰমাণ পোৱা যায়।

• الوحي وما يستنبط منه هو الطريق لمعرفة الحلال والحرام.
হালাল আৰু হাৰাম জনাৰ একমাত্ৰ মাধ্যম হৈছে অহী তথা তাৰ পৰা উলিওৱা বিধান।

• إن من الظلم أن يُقْدِم أحد على الإفتاء في الدين ما لم يكن قد غلب على ظنه أنه يفتي بالصواب الذي يرضي الله.
সঠিক সিদ্ধান্ত দিব পৰা ধাপত উপনীত নোহোৱাকৈ ফতোৱা দিয়াটোও এক প্ৰকাৰ অন্যায়, যেতিয়ালৈকে সি আল্লাহে সন্তুষ্ট হব পৰা ফতোৱা প্ৰদান কৰা শ্ৰেণীত উপনীত নহয়।

• من رحمة الله بعباده الإذن لهم في تناول المحرمات عند الاضطرار.
বান্দাৰ প্ৰতি আল্লাহৰ এইটো এটা অসীম কৃপা যে, তেওঁ নিৰুপায় অৱস্থাত বান্দাক হাৰাম বস্তু খোৱাৰো অনুমতি প্ৰদান কৰিছে।

 
Përkthimi i kuptimeve Ajeti: (143) Surja: El Enam
Përmbajtja e sureve Numri i faqes
 
Përkthimi i kuptimeve të Kuranit Fisnik - Përkthimi asamisht - tefsiri i përmbledhur i Kuranit Fisnik (El Muhtesar) - Përmbajtja e përkthimeve

Botuar nga Qendra e Tefsirit për Studime Kuranore.

Mbyll