Check out the new design

Përkthimi i kuptimeve të Kuranit Fisnik - Përkthimi asamisht - tefsiri i përmbledhur i Kuranit Fisnik (El Muhtesar) * - Përmbajtja e përkthimeve


Përkthimi i kuptimeve Ajeti: (45) Surja: El A’raf
الَّذِیْنَ یَصُدُّوْنَ عَنْ سَبِیْلِ اللّٰهِ وَیَبْغُوْنَهَا عِوَجًا ۚ— وَهُمْ بِالْاٰخِرَةِ كٰفِرُوْنَ ۟ۘ
এইসকল যালিমে নিজেও আল্লাহৰ পথৰ পৰা আঁতৰি আছিল আৰু আনকো তাৰ পৰা বিমুখ হোৱাৰ প্ৰেৰণা যোগাইছিল, আৰু এই প্ৰত্যাশা কৰিছিল যে, সত্যৰ পথ বক্ৰ হৈ যাওক, যাতে মানুহে তাত পৰিচালিত হ'ব নোৱাৰে। ইহঁতে আখিৰাতক অস্বীকাৰ কৰিছিল আৰু আখিৰাতৰ বাবে কোনো প্ৰস্তুতি গ্ৰহণ কৰা নাছিল।
Tefsiret në gjuhën arabe:
Dobitë e ajeteve të kësaj faqeje:
• عدم الإيمان بالبعث سبب مباشر للإقبال على الشهوات.
পুনৰুত্থানক অস্বীকাৰ কৰাৰ প্ৰত্যক্ষ কাৰণ হৈছে প্ৰবৃত্তিৰ অনুসৰণ।

• يتيقن الناس يوم القيامة تحقق وعد الله لأهل طاعته، وتحقق وعيده للكافرين.
ক্বিয়ামতৰ দিনা মানুহে পতিয়ন যাব যে, আনুগত্যকাৰী সকলৰ বাবে আল্লাহৰ প্ৰতিশ্ৰুতি আৰু কাফিৰ সকলৰ বাবে তেওঁৰ সতৰ্কবাণী চিৰ সত্য আছিল, আৰু সেয়া এতিয়া বাস্তৱত পৰিণত হৈছে।

• الناس يوم القيامة فريقان: فريق في الجنة وفريق في النار، وبينهما فريق في مكان وسط لتساوي حسناتهم وسيئاتهم، ومصيرهم إلى الجنة.
ক্বিয়ামতৰ দিনা মানুহৰ দুটা দল হ'বঃ এটা জান্নাতত প্ৰৱেশ কৰিব আৰু আনটো জাহান্নামত প্ৰৱেশ কৰিব। আৰু এই দুয়োটা দলৰ মাজত থাকিব কিছুমান লোক, যিসকলৰ পাপ আৰু পূণ্য হ'ব সমান, আৰু এওঁলোক অৱশেষত জান্নাতত প্ৰৱেশ কৰিব।

• على الذين يملكون المال والجاه وكثرة الأتباع أن يعلموا أن هذا كله لن يغني عنهم من الله شيئًا، ولن ينجيهم من عذاب الله.
যাৰ ওচৰত ধন-সম্পত্তি, ক্ষমতা আৰু বহুতো অনুসাৰী আছে, সিহঁতে মনত ৰখা উচিত যে, এইবোৰে সিহঁতক আল্লাহৰ পৰা ৰক্ষা কৰিব নোৱাৰে, আৰু আল্লাহৰ শাস্তিৰ পৰাও ৰক্ষা কৰিব নোৱাৰে।

 
Përkthimi i kuptimeve Ajeti: (45) Surja: El A’raf
Përmbajtja e sureve Numri i faqes
 
Përkthimi i kuptimeve të Kuranit Fisnik - Përkthimi asamisht - tefsiri i përmbledhur i Kuranit Fisnik (El Muhtesar) - Përmbajtja e përkthimeve

Botuar nga Qendra e Tefsirit për Studime Kuranore.

Mbyll