Check out the new design

Përkthimi i kuptimeve të Kuranit Fisnik - Përkthimi asamisht - tefsiri i përmbledhur i Kuranit Fisnik (El Muhtesar) * - Përmbajtja e përkthimeve


Përkthimi i kuptimeve Surja: El Alak   Ajeti:

আল-আলাক্ব

Qëllimet e sures:
الإنسان بين هدايته بالوحي وضلاله بالاستكبار والجهل.
মানুহক দুটা পথ দেখুৱা হৈছে, অহীৰ অনুসৰণ কৰি হিদায়ত প্ৰাপ্ত হওক নাইবা অজ্ঞানতা আৰু অহংকাৰ কৰি পথভ্ৰষ্ট হওক।

اِقْرَاْ بِاسْمِ رَبِّكَ الَّذِیْ خَلَقَ ۟ۚ
হে ৰাছুল, আপোনাৰ প্ৰতিপালকে আপোনাৰ প্ৰতি যি প্ৰত্যাদেশ প্ৰেৰণ কৰে সেয়া পঢ়ক। আপোনাৰ সেই প্ৰতিপালকৰ নামৰ সৈতে আৰম্ভ কৰক যিজনে সকলো সৃষ্টিকে সৃজন কৰিছে।
Tefsiret në gjuhën arabe:
خَلَقَ الْاِنْسَانَ مِنْ عَلَقٍ ۟ۚ
যিয়ে মানুহক এক ৰক্তপিণ্ডৰ পৰা সৃষ্টি কৰিছে, যিটো প্ৰথমতে পানীৰ টোপাল আছিল।
Tefsiret në gjuhën arabe:
اِقْرَاْ وَرَبُّكَ الْاَكْرَمُ ۟ۙ
হে ৰাছুল, আপোনাৰ প্ৰতিপালকে আপোনাৰ প্ৰতি যি প্ৰত্যাদেশ প্ৰেৰণ কৰে সেয়া পঢ়ক। আৰু আপোনাৰ প্ৰতিপালক অতি দয়ালু। যাৰ দয়াৰ আগত কাৰো দয়াৰ তুলনা নাই। তেওঁ বহুত দাতা আৰু উপকাৰকাৰী।
Tefsiret në gjuhën arabe:
الَّذِیْ عَلَّمَ بِالْقَلَمِ ۟ۙ
যিয়ে কলমৰ দ্বাৰা লিখা-মেলা কৰা শিকাইছে।
Tefsiret në gjuhën arabe:
عَلَّمَ الْاِنْسَانَ مَا لَمْ یَعْلَمْ ۟ؕ
মানুহে যি জনা নাছিল সেয়া তেৱেঁই শিকাইছে।
Tefsiret në gjuhën arabe:
كَلَّاۤ اِنَّ الْاِنْسَانَ لَیَطْغٰۤی ۟ۙ
সত্য কথা হৈছে এই যে, দুষ্ট মানুহ যেনে- আবু জাহাল, আল্লাহ তাআলাৰ অবাধ্যতা কৰি তেওঁৰ সীমালংঘন কৰে।
Tefsiret në gjuhën arabe:
اَنْ رَّاٰهُ اسْتَغْنٰی ۟ؕ
তাৰ ওচৰত ধন-সম্পত্তি আছে কাৰণে সি নিজকে স্বনিৰ্ভৰশীল বুলি ভাৱে।
Tefsiret në gjuhën arabe:
اِنَّ اِلٰی رَبِّكَ الرُّجْعٰی ۟ؕ
হে মানৱ, নিশ্চয় ক্বিয়ামতৰ দিনা তোমাৰ প্ৰতিপালকৰ ফালে ওভতিব লাগিব। যত তেওঁ প্ৰত্যেক ব্যক্তিকেই তাৰ প্ৰতিদান দিব, যাৰ সি অধিকাৰী।
Tefsiret në gjuhën arabe:
اَرَءَیْتَ الَّذِیْ یَنْهٰی ۟ۙ
আপুনি আবু জাহালৰ ঘটনাৰ পৰা কিবা আশ্চৰ্যজনক দেখিছে নেকি, যিয়ে বাধা দিয়ে।
Tefsiret në gjuhën arabe:
عَبْدًا اِذَا صَلّٰی ۟ؕ
আমাৰ বান্দা মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামক যেতিয়া তেওঁ কাবাৰ ওচৰত ছালাত আদায় কৰে।
Tefsiret në gjuhën arabe:
اَرَءَیْتَ اِنْ كَانَ عَلَی الْهُدٰۤی ۟ۙ
চোৱাচোন! যি ব্যক্তিক প্ৰতিৰোধ কৰা হৈ আছে, তেওঁ যদি নিজ প্ৰতিপালকৰ হিদায়তৰ ওপৰত থাকে (তেন্তে তোমালোকে কৰা বিৰোধিতাৰ কি লাভ?
Tefsiret në gjuhën arabe:
اَوْ اَمَرَ بِالتَّقْوٰی ۟ؕ
অথবা মানুহক আল্লাহৰ আদেশসমূহ পালন কৰি আৰু তেওঁ নিষেধ কৰা বস্তুসমূহৰ পৰা বিৰত ৰাখি, কেৱল তেওঁকেই ভয় কৰাৰ আদেশ দিয়ে, এনেকুৱা ব্যক্তিক প্ৰতিৰোধ কৰা উচিত নে?
Tefsiret në gjuhën arabe:
Dobitë e ajeteve të kësaj faqeje:
• رضا الله هو المقصد الأسمى.
আল্লাহে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ স্মৰণক সমুন্নত কৰি তেওঁক সন্মানিত কৰিছে।

• أهمية القراءة والكتابة في الإسلام.
আল্লাহ তাআলাৰ সন্তুষ্টিয়েই সৱাতোকৈ উৎকৃষ্ট উদ্দেশ্য।

• خطر الغنى إذا جرّ إلى الكبر والبُعد عن الحق.
ইছলামত লিখা- পঢ়াৰ গুৰুত্ব।

• النهي عن المعروف صفة من صفات الكفر.
ধন- সম্পদৰ ভয়, যেতিয়া ই অহংকাৰৰ পিনে আৰু সত্যৰ পৰা আঁতৰাই লৈ যায়।

• إكرام الله تعالى نبيه صلى الله عليه وسلم بأن رفع له ذكره.
সৎকৰ্মৰ পৰা বাধা প্ৰদান কৰাটো কুফুৰীৰ এটা অন্যতম বৈশিষ্ট্য।

 
Përkthimi i kuptimeve Surja: El Alak
Përmbajtja e sureve Numri i faqes
 
Përkthimi i kuptimeve të Kuranit Fisnik - Përkthimi asamisht - tefsiri i përmbledhur i Kuranit Fisnik (El Muhtesar) - Përmbajtja e përkthimeve

Botuar nga Qendra e Tefsirit për Studime Kuranore.

Mbyll