Check out the new design

Përkthimi i kuptimeve të Kuranit Fisnik - Përkthimi asamisht - Rafikul-Islam Habibu-Rrahman * - Përmbajtja e përkthimeve

PDF XML CSV Excel API
Please review the Terms and Policies

Përkthimi i kuptimeve Surja: El Furkan   Ajeti:
اَمْ تَحْسَبُ اَنَّ اَكْثَرَهُمْ یَسْمَعُوْنَ اَوْ یَعْقِلُوْنَ ؕ— اِنْ هُمْ اِلَّا كَالْاَنْعَامِ بَلْ هُمْ اَضَلُّ سَبِیْلًا ۟۠
অথবা তুমি ভবা নেকি যে সিহঁতৰ অধিকাংশই শুনা পায় বা বুজি পায়? প্ৰকৃততে সিহঁত হৈছে পশুৰ দৰে; বৰং সিহঁত ইয়াতকৈও অধিক পথভ্ৰষ্ট।
Tefsiret në gjuhën arabe:
اَلَمْ تَرَ اِلٰی رَبِّكَ كَیْفَ مَدَّ الظِّلَّ ۚ— وَلَوْ شَآءَ لَجَعَلَهٗ سَاكِنًا ۚ— ثُمَّ جَعَلْنَا الشَّمْسَ عَلَیْهِ دَلِیْلًا ۟ۙ
তুমি তোমাৰ প্ৰতিপালকৰ প্ৰতি লক্ষ্য নকৰা নেকি, চোৱাচোন তেওঁ কেনেকৈ ছাঁ সম্প্ৰসাৰিত কৰে? তেওঁ ইচ্ছা কৰিলে ইয়াক স্থিৰ ৰাখিব পাৰিলেহেঁতেন; পিছে আমি সূৰ্যক ইয়াৰ নিৰ্দেশক কৰি দিছোঁ।
Tefsiret në gjuhën arabe:
ثُمَّ قَبَضْنٰهُ اِلَیْنَا قَبْضًا یَّسِیْرًا ۟
তাৰ পিছত আমি ইয়াক লাহে লাহে চপাই আনো।
Tefsiret në gjuhën arabe:
وَهُوَ الَّذِیْ جَعَلَ لَكُمُ الَّیْلَ لِبَاسًا وَّالنَّوْمَ سُبَاتًا وَّجَعَلَ النَّهَارَ نُشُوْرًا ۟
আৰু তেৱেঁই তোমালোকৰ বাবে ৰাতিক কৰিছে আৱৰণস্বৰূপ, আৰু টোপনি প্ৰদান কৰিছে বিশ্ৰামৰ বাবে, লগতে সজাগ হৈ উঠিবলৈ সৃষ্টি কৰিছে দিন।
Tefsiret në gjuhën arabe:
وَهُوَ الَّذِیْۤ اَرْسَلَ الرِّیٰحَ بُشْرًاۢ بَیْنَ یَدَیْ رَحْمَتِهٖ ۚ— وَاَنْزَلْنَا مِنَ السَّمَآءِ مَآءً طَهُوْرًا ۟ۙ
আৰু তেৱেঁই সুসংবাদবাহীৰূপে বতাহ প্ৰেৰণ কৰে তেওঁৰ ৰহমতৰ বৰষুণৰ পূৰ্বে; আৰু আমিয়েই আকাশৰ পৰা পৱিত্ৰ পানী বৰ্ষণ কৰোঁ,
Tefsiret në gjuhën arabe:
لِّنُحْیِ بِهٖ بَلْدَةً مَّیْتًا وَّنُسْقِیَهٗ مِمَّا خَلَقْنَاۤ اَنْعَامًا وَّاَنَاسِیَّ كَثِیْرًا ۟
যাতে তাৰ দ্বাৰা আমি মৃত ভূ-খণ্ডক সঞ্জীৱিত কৰিব পাৰোঁ, আৰু আমি যিবোৰ জীৱ-জন্তু আৰু মানুহ সৃষ্টি কৰিছোঁ, তাৰ মাজৰ বহুতকে আমি সেয়া পান কৰাওঁ,
Tefsiret në gjuhën arabe:
وَلَقَدْ صَرَّفْنٰهُ بَیْنَهُمْ لِیَذَّكَّرُوْا ۖؗ— فَاَبٰۤی اَكْثَرُ النَّاسِ اِلَّا كُفُوْرًا ۟
নিশ্চয় আমি ইয়াক সিহঁতৰ মাজত বন্টন কৰি দিছোঁ, যাতে সিহঁতে উপদেশ গ্ৰহণ কৰিব পাৰে। তথাপিও অধিকাংশ লোকে কেৱল অকৃতজ্ঞতাই প্ৰকাশ কৰে।
Tefsiret në gjuhën arabe:
وَلَوْ شِئْنَا لَبَعَثْنَا فِیْ كُلِّ قَرْیَةٍ نَّذِیْرًا ۟ؗۖ
আৰু আমি ইচ্ছা কৰিলে প্ৰতিটো জনপদতেই একোজনকৈ সতৰ্ককাৰী পঠাব পাৰিলোঁহেঁতেন।
Tefsiret në gjuhën arabe:
فَلَا تُطِعِ الْكٰفِرِیْنَ وَجَاهِدْهُمْ بِهٖ جِهَادًا كَبِیْرًا ۟
গতিকে তুমি কাফিৰসকলৰ আনুগত্য নকৰিবা আৰু তুমি কোৰআনৰ সহায়ত সিহঁতৰ বিৰুদ্ধে কঠোৰ সংগ্ৰাম চলাই যোৱা।
Tefsiret në gjuhën arabe:
وَهُوَ الَّذِیْ مَرَجَ الْبَحْرَیْنِ هٰذَا عَذْبٌ فُرَاتٌ وَّهٰذَا مِلْحٌ اُجَاجٌ ۚ— وَجَعَلَ بَیْنَهُمَا بَرْزَخًا وَّحِجْرًا مَّحْجُوْرًا ۟
আৰু তেৱেঁই দুখন সাগৰক সমান্তৰালভাৱে প্ৰবাহিত কৰিছে, এখনৰ (পানী) সুস্বাদু মিঠা আৰু আনখনৰ লুণীয়া, কেহেটা; আৰু তেওঁ উভয়ৰ মাজত ৰাখি দিছে এটা অন্তৰায়, যিটো অনতিক্ৰম্য ব্যৱধান।
Tefsiret në gjuhën arabe:
وَهُوَ الَّذِیْ خَلَقَ مِنَ الْمَآءِ بَشَرًا فَجَعَلَهٗ نَسَبًا وَّصِهْرًا ؕ— وَكَانَ رَبُّكَ قَدِیْرًا ۟
আৰু তেৱেঁই মানুহক পানীৰ পৰা সৃষ্টি কৰিছে, তাৰ পিছত তেওঁ তাক বংশগত আৰু বৈবাহিক সম্পৰ্কশীল কৰিছে। কাৰণ তোমাৰ প্ৰতিপালক সৰ্বশক্তিমান ।
Tefsiret në gjuhën arabe:
وَیَعْبُدُوْنَ مِنْ دُوْنِ اللّٰهِ مَا لَا یَنْفَعُهُمْ وَلَا یَضُرُّهُمْ ؕ— وَكَانَ الْكَافِرُ عَلٰی رَبِّهٖ ظَهِیْرًا ۟
আৰু সিহঁতে আল্লাহৰ পৰিবৰ্তে এনেকুৱা কিছুমানৰ ইবাদত কৰে যিবোৰে সিহঁতৰ উপকাৰো কৰিব নোৱাৰে আৰু সিহঁতৰ অপকাৰো কৰিব নোৱাৰে। অৱশ্যে কাফিৰ হৈছে কেৱল তাৰ প্ৰতিপালকৰ বিৰুদ্ধে সহায়কাৰী।
Tefsiret në gjuhën arabe:
 
Përkthimi i kuptimeve Surja: El Furkan
Përmbajtja e sureve Numri i faqes
 
Përkthimi i kuptimeve të Kuranit Fisnik - Përkthimi asamisht - Rafikul-Islam Habibu-Rrahman - Përmbajtja e përkthimeve

Përkthyer nga Rafikul-Islam Habibu-Rrahman.

Mbyll