Check out the new design

அல்குர்ஆன் மொழிபெயர்ப்பு - அசாம் மொழிபெயர்ப்பு - ரபீக் அல்-இஸ்லாம் ஹபீபூர்-ரஹ்மான் * - மொழிபெயர்ப்பு அட்டவணை

PDF XML CSV Excel API
Please review the Terms and Policies

மொழிபெயர்ப்பு அத்தியாயம்: அல்அன்பால்   வசனம்:
فَلَمْ تَقْتُلُوْهُمْ وَلٰكِنَّ اللّٰهَ قَتَلَهُمْ ۪— وَمَا رَمَیْتَ اِذْ رَمَیْتَ وَلٰكِنَّ اللّٰهَ رَمٰی ۚ— وَلِیُبْلِیَ الْمُؤْمِنِیْنَ مِنْهُ بَلَآءً حَسَنًا ؕ— اِنَّ اللّٰهَ سَمِیْعٌ عَلِیْمٌ ۟
এতেকে তোমালোকে সিহঁতক হত্যা কৰা নাছিলা বৰং আল্লাহেই সিহঁতক হত্যা কৰিছিল। যেতিয়া তুমি নিক্ষেপ কৰিছিলা, তেতিয়া তুমি নিক্ষেপ কৰা নাছিলা বৰং আল্লাহেই নিক্ষেপ কৰিছিল। যাতে তেওঁ মুমিনসকলক নিজৰ তৰফৰ পৰা উত্তমৰূপে পৰীক্ষা (কৰি উচ্চ মৰ্যাদা প্ৰদান) কৰিব পাৰে, নিশ্চয় আল্লাহ সৰ্বশ্ৰোতা, সৰ্বজ্ঞ।
அரபு விரிவுரைகள்:
ذٰلِكُمْ وَاَنَّ اللّٰهَ مُوْهِنُ كَیْدِ الْكٰفِرِیْنَ ۟
এয়া আছিল তোমালোকৰ বাবে, আৰু নিশ্চয় আল্লাহে কাফিৰসকলৰ ষড়যন্ত্ৰ দুৰ্বল কৰি দিয়ে।
அரபு விரிவுரைகள்:
اِنْ تَسْتَفْتِحُوْا فَقَدْ جَآءَكُمُ الْفَتْحُ ۚ— وَاِنْ تَنْتَهُوْا فَهُوَ خَیْرٌ لَّكُمْ ۚ— وَاِنْ تَعُوْدُوْا نَعُدْ ۚ— وَلَنْ تُغْنِیَ عَنْكُمْ فِئَتُكُمْ شَیْـًٔا وَّلَوْ كَثُرَتْ ۙ— وَاَنَّ اللّٰهَ مَعَ الْمُؤْمِنِیْنَ ۟۠
যদি তোমালোকে বিজয় কামনা কৰিছা তেনেহ’লে সেয়া তোমালোকৰ ওচৰত আহি পাইছেহি; আৰু যদি তোমালোকে বিৰত হোৱা তেন্তে সেয়া হৈছে তোমালোকৰ বাবে কল্যাণকৰ; কিন্তু যদি তোমালোকে আকৌ যুদ্ধ কৰিবলৈ আহা তেন্তে আমিও আকৌ শাস্তি লৈ আহিম। তোমালোকৰ দল সংখ্যাগৰিষ্ঠ হ’লেও তথাপিও তোমালোকৰ কোনো কামত নাহিব। নিশ্চয় আল্লাহ মুমিনসকলৰ লগত আছে।
அரபு விரிவுரைகள்:
یٰۤاَیُّهَا الَّذِیْنَ اٰمَنُوْۤا اَطِیْعُوا اللّٰهَ وَرَسُوْلَهٗ وَلَا تَوَلَّوْا عَنْهُ وَاَنْتُمْ تَسْمَعُوْنَ ۟
হে মুমিনসকল! তোমালোকে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ আনুগত্য কৰা আৰু তোমালোকে তেওঁৰ কথা শুনাৰ পিছত তাৰ পৰা মুখ ঘূৰাই নল’বা।
அரபு விரிவுரைகள்:
وَلَا تَكُوْنُوْا كَالَّذِیْنَ قَالُوْا سَمِعْنَا وَهُمْ لَا یَسْمَعُوْنَ ۟ۚ
আৰু তোমালোকে সিহঁতৰ দৰে নহ’বা, যিসকলে কয়, ‘আমি শুনিছোঁ’; আচলতে সিহঁতে নুশুনে।
அரபு விரிவுரைகள்:
اِنَّ شَرَّ الدَّوَآبِّ عِنْدَ اللّٰهِ الصُّمُّ الْبُكْمُ الَّذِیْنَ لَا یَعْقِلُوْنَ ۟
নিশ্চয় আল্লাহৰ ওচৰত বিচৰণশীল জীৱৰ মাজত অতি নিকৃষ্ট হৈছে সেইসকল কলা, বোবা, যিসকলে একোৱে নুবুজে।
அரபு விரிவுரைகள்:
وَلَوْ عَلِمَ اللّٰهُ فِیْهِمْ خَیْرًا لَّاَسْمَعَهُمْ ؕ— وَلَوْ اَسْمَعَهُمْ لَتَوَلَّوْا وَّهُمْ مُّعْرِضُوْنَ ۟
আল্লাহে যদি সিহঁতৰ মাজত কিবা ভাল গুণ দেখিলহেঁতেন তেন্তে নিশ্চয় সিহঁতক শুনিবলৈ (সুযোগ) দিলেহেঁতেন। কিন্তু তেওঁ সিহঁতক শুনালেও সিহঁতে উপেক্ষা কৰি মুখ ঘূৰাই ল’লেহেঁতেন।
அரபு விரிவுரைகள்:
یٰۤاَیُّهَا الَّذِیْنَ اٰمَنُوا اسْتَجِیْبُوْا لِلّٰهِ وَلِلرَّسُوْلِ اِذَا دَعَاكُمْ لِمَا یُحْیِیْكُمْ ۚ— وَاعْلَمُوْۤا اَنَّ اللّٰهَ یَحُوْلُ بَیْنَ الْمَرْءِ وَقَلْبِهٖ وَاَنَّهٗۤ اِلَیْهِ تُحْشَرُوْنَ ۟
হে মুমিনসকল! ৰাছুলে যেতিয়া তোমালোকক এনেকুৱা কোনো বিষয়ৰ প্ৰতি আহ্বান কৰে যিটোৱে তোমালোকক জীৱন দান কৰিব, তেতিয়া তোমালোকে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ আহ্বানত সঁহাৰি দিবা আৰু জানি থোৱা, নিশ্চয় মানুহৰ আৰু তাৰ হৃদয়ৰ মাজত আল্লাহ অন্তৰায় হৈ যায়। নিশ্চয় তেওঁৰ পিনেই তোমালোকক একত্ৰিত কৰা হ’ব।
அரபு விரிவுரைகள்:
وَاتَّقُوْا فِتْنَةً لَّا تُصِیْبَنَّ الَّذِیْنَ ظَلَمُوْا مِنْكُمْ خَآصَّةً ۚ— وَاعْلَمُوْۤا اَنَّ اللّٰهَ شَدِیْدُ الْعِقَابِ ۟
আৰু তোমালোকে ফিতনা-ফাছাদৰ পৰা আঁতৰত থাকিবা, (কিয়নো ইয়াৰ অশুভ পৰিণাম) কেৱল তোমালোকৰ মাজৰ যালিমসকলৰ মাজতেই বিশেষকৈ সীমাবদ্ধ নাথাকে। লগতে জানি থোৱা, নিশ্চয় আল্লাহ শাস্তি দানত অতি কঠোৰ।
அரபு விரிவுரைகள்:
 
மொழிபெயர்ப்பு அத்தியாயம்: அல்அன்பால்
அத்தியாயங்களின் அட்டவணை பக்க எண்
 
அல்குர்ஆன் மொழிபெயர்ப்பு - அசாம் மொழிபெயர்ப்பு - ரபீக் அல்-இஸ்லாம் ஹபீபூர்-ரஹ்மான் - மொழிபெயர்ப்பு அட்டவணை

ரபீகுல் இஸ்லாம் ஹபீபுர் ரஹ்மான் மொழிபெயர்த்தது.

மூடுக