Check out the new design

పవిత్ర ఖురాన్ యొక్క భావార్థాల అనువాదం - అస్సామీ అనువాదం - రఫీఖుల్ ఇస్లాం హబీబుర్రహ్మాన్ * - అనువాదాల విషయసూచిక

PDF XML CSV Excel API
Please review the Terms and Policies

భావార్ధాల అనువాదం సూరహ్: అల్-ఇస్రా   వచనం:
وَاِمَّا تُعْرِضَنَّ عَنْهُمُ ابْتِغَآءَ رَحْمَةٍ مِّنْ رَّبِّكَ تَرْجُوْهَا فَقُلْ لَّهُمْ قَوْلًا مَّیْسُوْرًا ۟
আৰু তোমাৰ প্ৰতিপালকৰ তৰফৰ পৰা অনুগ্ৰহ লাভৰ প্ৰত্যাশাত যদি সিহঁতৰ পৰা তোমাৰ বিমুখ থাকিবলগীয়াই হয়, তেতিয়া সিহঁতৰ লগত নম্ৰভাৱে কথা ক'বা।
అరబీ భాషలోని ఖుర్ఆన్ వ్యాఖ్యానాలు:
وَلَا تَجْعَلْ یَدَكَ مَغْلُوْلَةً اِلٰی عُنُقِكَ وَلَا تَبْسُطْهَا كُلَّ الْبَسْطِ فَتَقْعُدَ مَلُوْمًا مَّحْسُوْرًا ۟
আৰু তুমি তোমাৰ হাত ডিঙিত বান্ধি নাৰাখিবা (কৃপণ নহ’বা) আৰু সম্পূৰ্ণৰূপে মুকলিও কৰি নিদিবা (অপব্যয় নকৰিবা), এনে কৰিলে তুমি নিন্দনীয় নিঃস্ব হৈ বহি পৰিবা।
అరబీ భాషలోని ఖుర్ఆన్ వ్యాఖ్యానాలు:
اِنَّ رَبَّكَ یَبْسُطُ الرِّزْقَ لِمَنْ یَّشَآءُ وَیَقْدِرُ ؕ— اِنَّهٗ كَانَ بِعِبَادِهٖ خَبِیْرًا بَصِیْرًا ۟۠
নিশ্চয় তোমাৰ প্ৰতিপালকে যাক ইচ্ছা কৰে তাৰ জীৱিকা বৃদ্ধি কৰি দিয়ে আৰু যাক ইচ্ছা কৰে সীমিত কৰি দিয়ে; নিশ্চয় তেওঁ নিজ বান্দাসকলৰ বিষয়ে সম্যক পৰিজ্ঞাত, সৰ্বদ্ৰষ্টা।
అరబీ భాషలోని ఖుర్ఆన్ వ్యాఖ్యానాలు:
وَلَا تَقْتُلُوْۤا اَوْلَادَكُمْ خَشْیَةَ اِمْلَاقٍ ؕ— نَحْنُ نَرْزُقُهُمْ وَاِیَّاكُمْ ؕ— اِنَّ قَتْلَهُمْ كَانَ خِطْاً كَبِیْرًا ۟
অভাৱ-অনাটনৰ ভয়ত তোমালোকে নিজৰ সন্তানসকলক হত্যা নকৰিবা। আমিয়েই সিহঁতক জীৱিকা দিওঁ আৰু তোমালোককো। নিশ্চয় সিহঁতক হত্যা কৰা মহাপাপ।
అరబీ భాషలోని ఖుర్ఆన్ వ్యాఖ్యానాలు:
وَلَا تَقْرَبُوا الزِّنٰۤی اِنَّهٗ كَانَ فَاحِشَةً ؕ— وَسَآءَ سَبِیْلًا ۟
আৰু তোমালোকে যিনাৰ (ব্যভিচাৰৰ) ওচৰলৈকো নাযাবা, নিশ্চয় সেয়া হৈছে অশ্লীল আৰু নিকৃষ্ট আচৰণ।
అరబీ భాషలోని ఖుర్ఆన్ వ్యాఖ్యానాలు:
وَلَا تَقْتُلُوا النَّفْسَ الَّتِیْ حَرَّمَ اللّٰهُ اِلَّا بِالْحَقِّ ؕ— وَمَنْ قُتِلَ مَظْلُوْمًا فَقَدْ جَعَلْنَا لِوَلِیِّهٖ سُلْطٰنًا فَلَا یُسْرِفْ فِّی الْقَتْلِ ؕ— اِنَّهٗ كَانَ مَنْصُوْرًا ۟
আৰু আল্লাহে যাক হত্যা কৰিবলৈ নিষিদ্ধ কৰিছে যথাৰ্থ কাৰণবিহীন তোমালোকে তাক হত্যা নকৰিবা! আৰু কোনোবাই অন্যায়ভাৱে নিহিত হ’লে তাৰ উত্তৰাধিকাৰীক আমি তাৰ প্ৰতিশোধ লোৱাৰ অধিকাৰ দিছোঁ; কিন্তু হত্যা সম্পৰ্কে সি যেন সীমালঙ্ঘন নকৰে; নিশ্চয় সি সাহায্যপ্ৰাপ্ত হ’ব।
అరబీ భాషలోని ఖుర్ఆన్ వ్యాఖ్యానాలు:
وَلَا تَقْرَبُوْا مَالَ الْیَتِیْمِ اِلَّا بِالَّتِیْ هِیَ اَحْسَنُ حَتّٰی یَبْلُغَ اَشُدَّهٗ ۪— وَاَوْفُوْا بِالْعَهْدِ ۚ— اِنَّ الْعَهْدَ كَانَ مَسْـُٔوْلًا ۟
আৰু ইয়াতীম (অনাথ) প্ৰাপ্ত বয়স্ক নোহোৱালৈকে সৎ উদ্দেশ্য ব্যতীত তাৰ সম্পত্তিৰ নিকটৱৰ্তী নহ’বা আৰু তোমালোকে প্ৰতিশ্ৰুতি পালন কৰা; নিশ্চয় প্ৰতিশ্ৰুতি সম্পৰ্কে কৈফিয়ত তলব কৰা হ’ব।
అరబీ భాషలోని ఖుర్ఆన్ వ్యాఖ్యానాలు:
وَاَوْفُوا الْكَیْلَ اِذَا كِلْتُمْ وَزِنُوْا بِالْقِسْطَاسِ الْمُسْتَقِیْمِ ؕ— ذٰلِكَ خَیْرٌ وَّاَحْسَنُ تَاْوِیْلًا ۟
আৰু ওজন কৰি দিয়াৰ সময়ত পূৰ্ণমাত্ৰাত ওজন কৰি দিবা, আৰু ওজন কৰিবা সঠিক তুলাচনীত, এইটোৱে হৈছে উত্তম আৰু পৰিণামত উৎকৃষ্ট।
అరబీ భాషలోని ఖుర్ఆన్ వ్యాఖ్యానాలు:
وَلَا تَقْفُ مَا لَیْسَ لَكَ بِهٖ عِلْمٌ ؕ— اِنَّ السَّمْعَ وَالْبَصَرَ وَالْفُؤَادَ كُلُّ اُولٰٓىِٕكَ كَانَ عَنْهُ مَسْـُٔوْلًا ۟
আৰু যি বিষয়ে তোমাৰ কোনো জ্ঞান নাই তাৰ অনুসৰণ নকৰিবা; নিশ্চয় কাণ, চকু আৰু হৃদয়- ইয়াৰ প্ৰত্যেকটোৰ বিষয়ে কৈফিয়ত তলব কৰা হ’ব।
అరబీ భాషలోని ఖుర్ఆన్ వ్యాఖ్యానాలు:
وَلَا تَمْشِ فِی الْاَرْضِ مَرَحًا ۚ— اِنَّكَ لَنْ تَخْرِقَ الْاَرْضَ وَلَنْ تَبْلُغَ الْجِبَالَ طُوْلًا ۟
আৰু পৃথিৱীত ফুটনিমাৰি নুফুৰিবা, নিশ্চয় তুমি কেতিয়াও ভৰিৰে ভূপৃষ্ঠক বিদীৰ্ণ কৰিব নোৱাৰিবা আৰু কদাপিও পৰ্বত-সমান উচ্চতা লাভ কৰিব নোৱাৰিবা।
అరబీ భాషలోని ఖుర్ఆన్ వ్యాఖ్యానాలు:
كُلُّ ذٰلِكَ كَانَ سَیِّئُهٗ عِنْدَ رَبِّكَ مَكْرُوْهًا ۟
এই সকলোবোৰ হৈছে বেয়া কৰ্ম, তোমাৰ প্ৰতিপালকৰ ওচৰত ঘৃণনীয়।
అరబీ భాషలోని ఖుర్ఆన్ వ్యాఖ్యానాలు:
 
భావార్ధాల అనువాదం సూరహ్: అల్-ఇస్రా
సూరాల విషయసూచిక పేజీ నెంబరు
 
పవిత్ర ఖురాన్ యొక్క భావార్థాల అనువాదం - అస్సామీ అనువాదం - రఫీఖుల్ ఇస్లాం హబీబుర్రహ్మాన్ - అనువాదాల విషయసూచిక

దాని అనువాదము రఫీఖుల్ ఇస్లాం హబీబుర్రహ్మాన్.

మూసివేయటం