prev

আত-তাগাবূন

next

1 : 64

یُسَبِّحُ لِلّٰهِ مَا فِی السَّمٰوٰتِ وَمَا فِی الْاَرْضِ ۚ— لَهُ الْمُلْكُ وَلَهُ الْحَمْدُ ؗ— وَهُوَ عَلٰی كُلِّ شَیْءٍ قَدِیْرٌ ۟

আকাশমণ্ডল আৰু পৃথিৱীত যি যি আছে সেই সকলোৱে আল্লাহৰ পৱিত্ৰতা আৰু মহিমা ঘোষণা কৰে, তেওঁৰেই আধিপত্য আৰু তেওঁৰেই প্ৰশংসা; আৰু তেওঁ সকলো বস্তুৰ ওপৰত ক্ষমতাৱান।
info
التفاسير: |

2 : 64

هُوَ الَّذِیْ خَلَقَكُمْ فَمِنْكُمْ كَافِرٌ وَّمِنْكُمْ مُّؤْمِنٌ ؕ— وَاللّٰهُ بِمَا تَعْمَلُوْنَ بَصِیْرٌ ۟

তেৱেঁই তোমালোকক সৃষ্টি কৰিছে। তাৰ পিছত তোমালোকৰ মাজত কিছুমান হৈছে কাফিৰ আৰু কিছুমান হৈছে মুমিন; আৰু তোমালোকে যি আমল কৰা সেই সম্পৰ্কে আল্লাহ সম্যক দ্ৰষ্টা।
info
التفاسير: |

3 : 64

خَلَقَ السَّمٰوٰتِ وَالْاَرْضَ بِالْحَقِّ وَصَوَّرَكُمْ فَاَحْسَنَ صُوَرَكُمْ ۚ— وَاِلَیْهِ الْمَصِیْرُ ۟

তেৱেঁই আকাশমণ্ডল আৰু পৃথিৱীক যথাযথভাৱে সৃষ্টি কৰিছে আৰু তোমালোকক আকৃতি দান কৰিছে, তাৰ পিছত তোমালোকৰ আকৃতি উৎকৃষ্ট কৰিছে; আৰু প্ৰত্যাৱৰ্তন কেৱল তেওঁৰ ওচৰতেই।
info
التفاسير: |

4 : 64

یَعْلَمُ مَا فِی السَّمٰوٰتِ وَالْاَرْضِ وَیَعْلَمُ مَا تُسِرُّوْنَ وَمَا تُعْلِنُوْنَ ؕ— وَاللّٰهُ عَلِیْمٌۢ بِذَاتِ الصُّدُوْرِ ۟

আকাশমণ্ডলত আৰু পৃথিৱীত যি আছে সকলো তেওঁ জানে আৰু তোমালোকে যি গোপন কৰা আৰু যি প্ৰকাশ কৰা সেয়াও তেওঁ জানে; আৰু অন্তৰসমূহত যি আছে সেই বিষয়ে আল্লাহ সম্যক জ্ঞানী।
info
التفاسير: |

5 : 64

اَلَمْ یَاْتِكُمْ نَبَؤُا الَّذِیْنَ كَفَرُوْا مِنْ قَبْلُ ؗ— فَذَاقُوْا وَبَالَ اَمْرِهِمْ وَلَهُمْ عَذَابٌ اَلِیْمٌ ۟

ইয়াৰ আগত যিসকলে কুফুৰী কৰিছে সিহঁতৰ সংবাদ তোমালোকৰ ওচৰলৈ আহি পোৱা নাইনে? সিহঁতে নিজৰ কৰ্মৰ বেয়া পৰিণতি ভোগ কৰিছে আৰু সিহঁতৰ বাবে আছে যন্ত্ৰণাদায়ক শাস্তি।
info
التفاسير: |

6 : 64

ذٰلِكَ بِاَنَّهٗ كَانَتْ تَّاْتِیْهِمْ رُسُلُهُمْ بِالْبَیِّنٰتِ فَقَالُوْۤا اَبَشَرٌ یَّهْدُوْنَنَا ؗ— فَكَفَرُوْا وَتَوَلَّوْا وَّاسْتَغْنَی اللّٰهُ ؕ— وَاللّٰهُ غَنِیٌّ حَمِیْدٌ ۟

এয়া এই কাৰণে যে, সিহঁতৰ ওচৰলৈ সিহঁতৰ ৰাছুলসকলে সুস্পষ্ট প্ৰমাণাদিসহ আহিছিল, তথাপিও সিহঁতে কৈছিল, ‘মানুহেই আমাক পথৰ সন্ধান দিব নেকি’? তাৰ পিছত সিহঁতে কুফুৰী কৰিছিল আৰু মুখ ঘূৰাই লৈছিল; ফলত আল্লাহেও (সিহঁতৰ ঈমানৰ বিষয়ে) ভ্ৰুক্ষেপ নকৰিলে; আৰু আল্লাহ অভাৱমুক্ত, সপ্ৰশংসিত।
info
التفاسير: |

7 : 64

زَعَمَ الَّذِیْنَ كَفَرُوْۤا اَنْ لَّنْ یُّبْعَثُوْا ؕ— قُلْ بَلٰی وَرَبِّیْ لَتُبْعَثُنَّ ثُمَّ لَتُنَبَّؤُنَّ بِمَا عَمِلْتُمْ ؕ— وَذٰلِكَ عَلَی اللّٰهِ یَسِیْرٌ ۟

কাফিৰসকলে ধাৰণা কৰে যে, সিহঁতক কেতিয়াও পুনৰুত্থিত কৰা নহ’ব। কোৱা, ‘নিশ্চয় কৰা হ’ব, মোৰ প্ৰতিপালকৰ শপত! তোমালোকক নিশ্চয় পুনৰুত্থিত কৰা হ’ব। তাৰ পিছত তোমালোকে যি কৰিছিলা সেই বিষয়ে তোমালোকক নিশ্চয় অৱগত কৰোৱা হ’ব আৰু এইটো আল্লাহৰ পক্ষে তেনেই সহজ’।
info
التفاسير: |

8 : 64

فَاٰمِنُوْا بِاللّٰهِ وَرَسُوْلِهٖ وَالنُّوْرِ الَّذِیْۤ اَنْزَلْنَا ؕ— وَاللّٰهُ بِمَا تَعْمَلُوْنَ خَبِیْرٌ ۟

এতেকে তোমালোকে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ প্ৰতি, লগতে আমি যি নূৰ অৱতীৰ্ণ কৰিছোঁ তাৰ প্ৰতি ঈমান পোষণ কৰা; আৰু তোমালোকৰ কৃতকৰ্ম সম্পৰ্কে আল্লাহ সবিশেষ অৱহিত।
info
التفاسير: |

9 : 64

یَوْمَ یَجْمَعُكُمْ لِیَوْمِ الْجَمْعِ ذٰلِكَ یَوْمُ التَّغَابُنِ ؕ— وَمَنْ یُّؤْمِنْ بِاللّٰهِ وَیَعْمَلْ صَالِحًا یُّكَفِّرْ عَنْهُ سَیِّاٰتِهٖ وَیُدْخِلْهُ جَنّٰتٍ تَجْرِیْ مِنْ تَحْتِهَا الْاَنْهٰرُ خٰلِدِیْنَ فِیْهَاۤ اَبَدًا ؕ— ذٰلِكَ الْفَوْزُ الْعَظِیْمُ ۟

স্মৰণ কৰা, যিদিনা তেওঁ তোমালোকক সমাবেশ দিৱসৰ উদ্দেশ্যে সমবেত কৰিব, সেই দিনটোৱে হ’ব ক্ষতিৰ দিন; আৰু যিয়ে আল্লাহৰ প্ৰতি ঈমান আনিব আৰু সৎকৰ্ম কৰিব, তেওঁ তাৰ পাপসমূহ মোচন কৰি দিব আৰু তাক জান্নাতত প্ৰৱেশ কৰাব, যাৰ তলত নদীসমূহ প্ৰবাহিত, তাত সিহঁত চিৰস্থায়ী হ’ব। এইটোৱে হৈছে মহা সফলতা।
info
التفاسير: |
prev

আত-তাগাবূন

next
:
0:00 0:00