Check out the new design

Salin ng mga Kahulugan ng Marangal na Qur'an - Salin sa Wikang Asames ng Al-Mukhtasar fī Tafsīr Al-Qur’an Al-Karīm * - Indise ng mga Salin


Salin ng mga Kahulugan Ayah: (2) Surah: Yūnus
اَكَانَ لِلنَّاسِ عَجَبًا اَنْ اَوْحَیْنَاۤ اِلٰی رَجُلٍ مِّنْهُمْ اَنْ اَنْذِرِ النَّاسَ وَبَشِّرِ الَّذِیْنَ اٰمَنُوْۤا اَنَّ لَهُمْ قَدَمَ صِدْقٍ عِنْدَ رَبِّهِمْ ؔؕ— قَالَ الْكٰفِرُوْنَ اِنَّ هٰذَا لَسٰحِرٌ مُّبِیْنٌ ۟
মানুহৰ বাবে এয়া আচৰিত বিষয় নেকি যে আমি সিহঁতৰ জাতিৰেই এজনক এই আদেশ প্ৰদান কৰি অহী প্ৰেৰণ কৰিছো যে, মানুহক আল্লাহৰ শাস্তিৰ পৰা সতৰ্ক কৰা। আৰু হে ৰাছুল! যিসকলে ঈমান আনিছে আপুনি তেওঁলোকক এই আনন্দদায়ক সুসংবাদ দি দিয়ক যে, তেওঁলোকে যি সৎকৰ্ম আগলৈ প্ৰেৰণ কৰিছে, তাৰ প্ৰতিফল স্বৰূপে তেওঁলোকৰ প্ৰতিপালকৰ ওচৰত তেওঁলোকৰ বাবে আছে উচ্চ মৰ্যাদা। কাফিৰসকলে কয়ঃ নিশ্চয় এই ব্যক্তি যিয়ে এই আয়াতসমূহ লৈ আহিছে, তেওঁ এজন প্ৰকাশ্য যাদুকৰ।
Ang mga Tafsir na Arabe:
Ilan sa mga Pakinabang ng mga Ayah sa Pahinang Ito:
• إثبات نبوة النبي صلى الله عليه وسلم وأن إرساله أمر معقول لا عجب فيه .
নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ নবুওৱত প্ৰমাণ কৰা, আৰু তেওঁক ৰিছালত প্ৰদান কৰাটো হৈছে এটা যুক্তিসংগত বিষয়, এয়া কোনো আশ্চৰ্যজনক বিষয় নহয়।

• خلق السماوات والأرض ومن فيهما، وتدبير الأمر، وتقدير الأزمان واختلاف الليل والنهار كلها آيات عظيمة دالة على ألوهية الله سبحانه.
আকাশমণ্ডল আৰু পৃথিৱী তথা ইয়াৰ মাজত থকা সকলো বস্তুৰ সৃষ্টি, সকলো বিষয় নিয়ন্ত্ৰণ কৰা, সময় নিৰ্ধাৰণ কৰা, দিন-ৰাতিৰ আৱৰ্তন, এই সকলোবোৰ হৈছে ডাঙৰ ডাঙৰ নিদৰ্শন, যিবোৰে প্ৰমাণ কৰে যে, একমাত্ৰ আল্লাহেই ইবাদতৰ যোগ্য।

• الشفاعة يوم القيامة لا تكون إلا لمن أذن له الله، ورضي قوله وفعله.
ক্বিয়ামতৰ দিনা মধ্যস্ততা কেৱল সেই ব্যক্তিৰ ক্ষেত্ৰতে প্ৰযোজ্য হ'ব, যাৰ বাবে ছুপাৰিছ কৰাৰ অনুমতি আল্লাহে প্ৰদান কৰিব আৰু তাৰ কথা আৰু কৰ্মত আল্লাহে সন্তুষ্ট হ'ব।

• تقدير الله عز وجل لحركة الشمس ولمنازل القمر يساعد على ضبط التاريخ والأيام والسنين.
সৰ্বশক্তিমান আল্লাহৰ ফালৰ পৰা সূৰ্যৰ গতি আৰু চন্দ্ৰৰ মঞ্জিল নিৰ্ধাৰণ হৈছে, তাৰিখ, দিন আৰু বছৰ নিৰ্ধাৰণত সহায়ক।

 
Salin ng mga Kahulugan Ayah: (2) Surah: Yūnus
Indise ng mga Surah Numero ng Pahina
 
Salin ng mga Kahulugan ng Marangal na Qur'an - Salin sa Wikang Asames ng Al-Mukhtasar fī Tafsīr Al-Qur’an Al-Karīm - Indise ng mga Salin

Inilabas ng Markaz Tafsīr Lid-Dirāsāt Al-Qur’ānīyah (Sentro ng Tafsīr Para sa mga Pag-aaral Pang-Qur’an).

Isara