Check out the new design

Salin ng mga Kahulugan ng Marangal na Qur'an - Salin sa Wikang Asames ng Al-Mukhtasar fī Tafsīr Al-Qur’an Al-Karīm * - Indise ng mga Salin


Salin ng mga Kahulugan Ayah: (9) Surah: Ibrāhīm
اَلَمْ یَاْتِكُمْ نَبَؤُا الَّذِیْنَ مِنْ قَبْلِكُمْ قَوْمِ نُوْحٍ وَّعَادٍ وَّثَمُوْدَ ۛؕ۬— وَالَّذِیْنَ مِنْ بَعْدِهِمْ ۛؕ— لَا یَعْلَمُهُمْ اِلَّا اللّٰهُ ؕ— جَآءَتْهُمْ رُسُلُهُمْ بِالْبَیِّنٰتِ فَرَدُّوْۤا اَیْدِیَهُمْ فِیْۤ اَفْوَاهِهِمْ وَقَالُوْۤا اِنَّا كَفَرْنَا بِمَاۤ اُرْسِلْتُمْ بِهٖ وَاِنَّا لَفِیْ شَكٍّ مِّمَّا تَدْعُوْنَنَاۤ اِلَیْهِ مُرِیْبٍ ۟
হে কাফিৰসকল! তোমালোকৰ ওচৰত পূৰ্বৱৰ্তী অস্বীকাৰকাৰী লোকসকলৰ বাৰ্তা আহি পোৱা নাই নে, নূহ জাতি, আদ সম্প্ৰদায়, হুদ সম্প্ৰদায়, ছামূদ সম্প্ৰদায়, ছলেহ সম্প্ৰদায় আৰু সিহঁতৰ পিছত আগমন কৰা সম্প্ৰদায়সমূহ, যিবোৰৰ সংখ্যা অত্যাধিক, সঠিক সংখ্যা আল্লাহৰ বাহিৰে আন কোনেও নাজানে। সিহঁতৰ ওচৰত সিহঁতৰ ৰাছুলসকলে স্পষ্ট প্ৰমাণ লৈ আগমন কৰিছিল। কিন্তু সিহঁতে ৰাছুলৰ প্ৰতি ক্ৰোধান্বিত হৈ নিজৰ হাতৰ আঙুলি নিজেই কামুৰিছিল। আৰু ৰাছুলসকলক উদ্দেশ্যি কৈছিলঃ আপুনি যি লৈ আহিছে সেয়া আমি অস্বীকাৰ কৰো। আপুনি আমাক যিটোৰ পিনে আহ্বান কৰি আছে, সেই বিষয়ে আমি মহা সন্দেহত আছো।
Ang mga Tafsir na Arabe:
Ilan sa mga Pakinabang ng mga Ayah sa Pahinang Ito:
• من وسائل الدعوة تذكير المدعوين بنعم الله تعالى عليهم، خاصة إن كان ذلك مرتبطًا بنعمة كبيرة، مثل نصر على عدوه أو نجاة منه.
দাৱাত প্ৰদানৰ এটা অন্যতম পদ্ধতি হৈছে আহ্বানকৃত লোকসকলক আল্লাহৰ নিয়ামত সম্পৰ্কে স্মৰণ কৰোৱা। বিশেষকৈ যদি তেওঁলোক কোনো ডাঙৰ নিয়ামতপ্ৰাপ্ত লোক হয়। উদাহৰণ স্বৰূপে, শত্ৰুৰ বিপক্ষে সহায় লাভ, অথবা বিপদৰ পৰা ৰক্ষা পোৱা ইত্যাদি।

• من فضل الله تعالى أنه وعد عباده مقابلة شكرهم بمزيد الإنعام، وفي المقابل فإن وعيده شديد لمن يكفر به.
এয়া আল্লাহৰ মহা অনুগ্ৰহ যে তেওঁ বান্দাসকলক কৃতজ্ঞতাৰ বিনিময়ত আৰু অধিক প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি দিছে। পক্ষান্তৰে অকৃতজ্ঞকাৰী সকলৰ বাবে আছে তেওঁৰ অতি কঠিন শাস্তি।

• كفر العباد لا يضر اللهَ البتة، كما أن إيمانهم لا يضيف له شيئًا، فهو غني حميد بذاته.
বান্দাৰ কুফুৰীয়ে আল্লাহৰ একো ক্ষতি সাধন কৰিব নোৱাৰে। যিদৰে সিহঁতৰ ঈমানে তেওঁৰ সন্মান বৃদ্ধি নকৰে। কাৰণ তেওঁ অমুখাপেক্ষী স্বয়ং প্ৰশংসিত।

 
Salin ng mga Kahulugan Ayah: (9) Surah: Ibrāhīm
Indise ng mga Surah Numero ng Pahina
 
Salin ng mga Kahulugan ng Marangal na Qur'an - Salin sa Wikang Asames ng Al-Mukhtasar fī Tafsīr Al-Qur’an Al-Karīm - Indise ng mga Salin

Inilabas ng Markaz Tafsīr Lid-Dirāsāt Al-Qur’ānīyah (Sentro ng Tafsīr Para sa mga Pag-aaral Pang-Qur’an).

Isara