Check out the new design

Salin ng mga Kahulugan ng Marangal na Qur'an - Salin sa Wikang Asames ng Al-Mukhtasar fī Tafsīr Al-Qur’an Al-Karīm * - Indise ng mga Salin


Salin ng mga Kahulugan Ayah: (27) Surah: An-Nahl
ثُمَّ یَوْمَ الْقِیٰمَةِ یُخْزِیْهِمْ وَیَقُوْلُ اَیْنَ شُرَكَآءِیَ الَّذِیْنَ كُنْتُمْ تُشَآقُّوْنَ فِیْهِمْ ؕ— قَالَ الَّذِیْنَ اُوْتُوا الْعِلْمَ اِنَّ الْخِزْیَ الْیَوْمَ وَالسُّوْٓءَ عَلَی الْكٰفِرِیْنَ ۟ۙ
তাৰ পিছত কিয়ামতৰ দিনা আল্লাহে সিহঁতক শাস্তিৰ দ্বাৰা অপমানিত কৰিব আৰু ক'বঃ সেইসকল অংশীদাৰ ক'ত এতিয়া? যিবোৰক তোমালোকে মোৰ সৈতে ইবাদতত অংশী কৰিছিলা, আৰু সেইবোৰৰ কাৰণে তোমালোকে মোৰ নবী আৰু মুমিনসকলৰ লগত শত্ৰুতা পোষণ কৰিছিলা। আল্লাহৱালা জ্ঞানী লোকসকলে ক'বঃ নিশ্চয় কিয়ামতৰ দিনা অপমান আৰু শাস্তি হৈছে কাফিৰসকলৰ বাবে।
Ang mga Tafsir na Arabe:
Ilan sa mga Pakinabang ng mga Ayah sa Pahinang Ito:
• فضيلة أهل العلم، وأنهم الناطقون بالحق في الدنيا ويوم يقوم الأشهاد، وأن لقولهم اعتبارًا عند الله وعند خلقه.
আহলে ইল্ম লোকসকলৰ মৰ্যাদা। তেওঁলোকেই পৃথিৱীত সত্য কথা কয়, আৰু কিয়ামত দিৱসতো সত্য কথা কব। আৰু তেওঁলোকৰ কথা আল্লাহৰ ওচৰত আৰু তেওঁৰ বান্দাসকলৰ ওচৰত মহত্ব আছে।

• من أدب الملائكة مع الله أنهم أسندوا العلم إلى الله دون أن يقولوا: إنا نعلم ما كنتم تعملون، وإشعارًا بأنهم ما علموا ذلك إلا بتعليم من الله تعالى.
ফিৰিস্তাসকলৰ এটা অন্যতম শিষ্টাচাৰ হৈছে তেওঁলোকে জ্ঞানক আল্লাহৰ লগত সম্পৃক্ত কৰিছে, এইটো কোৱা নাই যে, নিশ্চয় আমি তোমালোকৰ কৰ্ম সম্পৰ্কে অৱগত আছিলো। ইয়াত এই কথাৰ পিনেও ইংগিত কৰা হৈছে, তেওঁলোকে আল্লাহে জনোৱাৰ পিছতহে জানিছে।

• من كرم الله وجوده أنه يعطي أهل الجنة كل ما تمنوه عليه، حتى إنه يُذَكِّرهم أشياء من النعيم لم تخطر على قلوبهم.
এয়া আল্লাহৰ উদাৰতা আৰু দানশীলতা যে, তেওঁ জান্নাতীসকলক সেই সকলো বস্তু প্ৰদান কৰিব যিবোৰ তেওঁলোকে প্ৰত্যাশা কৰিব। আনকি তেওঁলোকক এনেকুৱা নিয়ামত সম্পৰ্কে স্মৰণ কৰাই দিব যিবোৰ তেওঁলোকৰ মনত উদ্ভৱে হোৱা নাছিল।

• العمل هو السبب والأصل في دخول الجنة والنجاة من النار، وذلك يحصل برحمة الله ومنَّته على المؤمنين لا بحولهم وقوتهم.
আমলেই হৈছে জান্নাতত প্ৰৱেশ কৰাৰ আৰু জাহান্নামৰ পৰা মুক্তি পোৱাৰ মূল কাৰণ। কিন্তু আমল কৰাৰ সামৰ্থ বান্দাৰ শক্তিৰ দ্বাৰা নহয় বৰং আল্লাহৰ কৃপা আৰু তেওঁৰ অনুগ্ৰহৰ দ্বাৰাহে লাভ হয়।

 
Salin ng mga Kahulugan Ayah: (27) Surah: An-Nahl
Indise ng mga Surah Numero ng Pahina
 
Salin ng mga Kahulugan ng Marangal na Qur'an - Salin sa Wikang Asames ng Al-Mukhtasar fī Tafsīr Al-Qur’an Al-Karīm - Indise ng mga Salin

Inilabas ng Markaz Tafsīr Lid-Dirāsāt Al-Qur’ānīyah (Sentro ng Tafsīr Para sa mga Pag-aaral Pang-Qur’an).

Isara