Check out the new design

Salin ng mga Kahulugan ng Marangal na Qur'an - Salin sa Wikang Asames ng Al-Mukhtasar fī Tafsīr Al-Qur’an Al-Karīm * - Indise ng mga Salin


Salin ng mga Kahulugan Ayah: (124) Surah: Tā-ha
وَمَنْ اَعْرَضَ عَنْ ذِكْرِیْ فَاِنَّ لَهٗ مَعِیْشَةً ضَنْكًا وَّنَحْشُرُهٗ یَوْمَ الْقِیٰمَةِ اَعْمٰی ۟
যিয়ে মোৰ স্মৰণৰ পৰা বিমুখ হ'ব আৰু ইয়াক গ্ৰহণ নকৰিব, সি পৃথিৱী আৰু আখিৰাতত সংকীৰ্ণ জীৱন লাভ কৰিব, আৰু কিয়ামতৰ দিনা আমি তাক হাচৰৰ ময়দানলৈ দৃষ্টিহীন আৰু প্ৰমাণহীন অৱস্থাত খেদি লৈ যাম।
Ang mga Tafsir na Arabe:
Ilan sa mga Pakinabang ng mga Ayah sa Pahinang Ito:
• الأدب في تلقي العلم، وأن المستمع للعلم ينبغي له أن يتأنى ويصبر حتى يفرغ المُمْلِي والمعلم من كلامه المتصل بعضه ببعض.
জ্ঞান আহৰণ কৰাৰ সময়ত শিষ্টাচাৰৰ প্ৰতি মনোযোগ দিয়া উচিত, লগতে জ্ঞান অৰ্জনকাৰীয়ে ধৈৰ্য্য ধাৰণ কৰা উচিত তথা মৌনতা অৱলম্বন কৰি মনোযোগ সহকাৰে শ্ৰৱণ কৰা উচিত, যাতে শিক্ষকে নিজৰ সম্পূৰ্ণ কথা ব্যক্ত কৰাৰ সুবিধা পায়, কাৰণ বিষয় এটাত এটা অংশ আনটোৰ লগত সম্পৃক্ত থাকে।

• نسي آدم فنسيت ذريته، ولم يثبت على العزم المؤكد، وهم كذلك، وبادر بالتوبة فغفر الله له، ومن يشابه أباه فما ظلم.
যিহেতু আদম আলাইহিচ্ছালামে ভুল কৰিছিল, সেয়ে তেওঁৰ সন্তানসকলেও ভুল কৰে। তেওঁ দৃঢ় সংকল্পত উপনীত হোৱা নাছিল, সেয়ে তেওঁৰ সন্তানসকলৰো একেই অৱস্থা। কিন্তু তেওঁ তৎক্ষণাত তাওবা কৰিছিল আৰু আল্লাহেও তেওঁক ক্ষমা কৰি দিছিল। এতেকে যিয়ে পিতৃৰ দৰে তৎক্ষণাত তাওবা কৰিব, তেওঁক অন্যায়কাৰী বুলি গণ্য কৰা নহ'ব।

• فضيلة التوبة؛ لأن آدم عليه السلام كان بعد التوبة أحسن منه قبلها.
তাওবাৰ গুৰুত্বঃ কিয়নো আদম আলাইহিচ্ছালামে তাওবা কৰাৰ পিচত আগতকৈ ভাল অৱস্থাত জীৱন-যাপন কৰিছিল।

• المعيشة الضنك في دار الدنيا، وفي دار البَرْزَخ، وفي الدار الآخرة لأهل الكفر والضلال.
কাফিৰ তথা পথভ্ৰষ্ট লোকসকলৰ বাবে পৃথিৱী, বৰঝখ আৰু আখিৰাতত সংকীৰ্ণ তথা কঠিন জীৱন আছে।

 
Salin ng mga Kahulugan Ayah: (124) Surah: Tā-ha
Indise ng mga Surah Numero ng Pahina
 
Salin ng mga Kahulugan ng Marangal na Qur'an - Salin sa Wikang Asames ng Al-Mukhtasar fī Tafsīr Al-Qur’an Al-Karīm - Indise ng mga Salin

Inilabas ng Markaz Tafsīr Lid-Dirāsāt Al-Qur’ānīyah (Sentro ng Tafsīr Para sa mga Pag-aaral Pang-Qur’an).

Isara