Salin ng mga Kahulugan ng Marangal na Qur'an - Salin sa Wikang Asames ng Al-Mukhtasar fī Tafsīr Al-Qur’an Al-Karīm

external-link copy
15 : 28

وَدَخَلَ الْمَدِیْنَةَ عَلٰی حِیْنِ غَفْلَةٍ مِّنْ اَهْلِهَا فَوَجَدَ فِیْهَا رَجُلَیْنِ یَقْتَتِلٰنِ ؗ— هٰذَا مِنْ شِیْعَتِهٖ وَهٰذَا مِنْ عَدُوِّهٖ ۚ— فَاسْتَغَاثَهُ الَّذِیْ مِنْ شِیْعَتِهٖ عَلَی الَّذِیْ مِنْ عَدُوِّهٖ ۙ— فَوَكَزَهٗ مُوْسٰی فَقَضٰی عَلَیْهِ ؗ— قَالَ هٰذَا مِنْ عَمَلِ الشَّیْطٰنِ ؕ— اِنَّهٗ عَدُوٌّ مُّضِلٌّ مُّبِیْنٌ ۟

এদিনাখন মুছা আলাইহিচ্ছালাম এনেকুৱা এটা সময়ত নগৰত প্ৰৱেশ কৰিলে, যেতিয়া মানুহে নিজ নিজ ঘৰত বিশ্ৰাম কৰি আছিল। তেওঁ দেখা পালে দুজন লোকে পৰস্পৰে কাজিয়া কৰি আছে তথা মাৰপিট কৰি আছে। সিহঁতৰ মাজৰ এজন আছিল মুছাৰ সম্প্ৰদায়ৰ অৰ্থাৎ বনী ইছৰাঈলৰ, আৰু আনজন আছিল কিবতী অৰ্থাৎ মুছা আলাইহিচ্ছালামৰ শত্ৰু ফিৰআউন সম্প্ৰদায়ৰ। এতেকে যিজন মুছাৰ সম্প্ৰদায়ৰ আছিল, সি মুছা আলাইহিচ্ছালামৰ পৰা নিজৰ শত্ৰু কিবতীৰ বিৰুদ্ধে সহায় কৰিবলৈ কাকুতি-মিনতি কৰিলে। ফলত মুছা আলাইহিচ্ছালামে কিবতীক এটা ঘোচা মাৰিলে, শক্তিশালী ঘোচাৰ ফলত মানুহজন নিহত হ’ল। এই দেখি মুছা আলাইহিচ্ছালামে ক’লেঃ নিশ্চয় এইটো চয়তানৰ শোভনীয় কৰ্ম তথা তাৰ প্ৰৱঞ্চনাৰ অন্তৰ্ভুক্ত। নিঃসন্দেহে চয়তানে তাৰ অনুসাৰীসকলক পথভ্ৰষ্ট কৰে আৰু সি হৈছে এজন প্ৰকাশ্য শত্ৰু। এতেকে মোৰ দ্বাৰা যি সংঘটিত হৈছে, সেইটো তাৰ শত্ৰুতাৰ কাৰণেই হৈছে। আনহাতে তাৰ কামেই হৈছে মানুহক পথভ্ৰষ্ট কৰা, গতিকে সি মোক পথভ্ৰষ্ট কৰিব বিচাৰিছে। info
التفاسير:
Ilan sa mga Pakinabang ng mga Ayah sa Pahinang Ito:
• الاعتراف بالذنب من آداب الدعاء.
অপৰাধ স্বীকাৰ কৰাটো হৈছে দুআ কৰাৰ অন্যতম শিষ্টাচাৰ। info

• الشكر المحمود هو ما يحمل العبد على طاعة ربه، والبعد عن معصيته.
ইতিবাচক কৃতজ্ঞতা হৈছে সেইটো, যি কৃতজ্ঞতাই বান্দাক নিজ প্ৰতিপালকৰ আনুগত্য পালনত তথা পাপকৰ্মৰ পৰা আঁতৰি থকাত সহায় কৰে। info

• أهمية المبادرة إلى النصح خاصة إذا ترتب عليه إنقاذ مؤمن من الهلاك.
কাৰোবাৰ শুভকামনা কৰিলে সোনকালে কৰাৰ গুৰুত্ব। বিশেষকৈ কোনো মুমিনক বিনাশৰ পৰা ৰক্ষা কৰাৰ সময়ত। info

• وجوب اتخاذ أسباب النجاة، والالتجاء إلى الله بالدعاء.
আত্মৰক্ষাৰ উপায় অৱলম্বন কৰাৰ লগতে আল্লাহৰ ওচৰত বিনয়পূৰ্বক দুআ কৰাটোও অতি আৱশ্যক। info