Salin ng mga Kahulugan ng Marangal na Qur'an - الترجمة الأسامية للمختصر في تفسير القرآن الكريم * - Indise ng mga Salin


Salin ng mga Kahulugan Ayah: (69) Surah: Āl-‘Imrān
وَدَّتْ طَّآىِٕفَةٌ مِّنْ اَهْلِ الْكِتٰبِ لَوْ یُضِلُّوْنَكُمْ ؕ— وَمَا یُضِلُّوْنَ اِلَّاۤ اَنْفُسَهُمْ وَمَا یَشْعُرُوْنَ ۟
হে মুমিনসকল! ইয়াহূদী আৰু খৃষ্টানসকলৰ ধৰ্মগুৰুসকলে তোমালোকক এই সত্যৰ পৰা পথভ্ৰষ্ট কৰিব বিচাৰে, যিটোৰ হিদায়ত আল্লাহে তোমালোকক প্ৰদান কৰিছে। যদিও সিহঁতে নিজকেই পথভ্ৰষ্ট কৰি আছে। কাৰণ মুমিনসকলক পথভ্ৰষ্ট কৰাৰ প্ৰয়াসে সিহঁতৰ নিজৰ ভ্ৰষ্টতা বৃদ্ধি কৰে, অথচ সিহঁত নিজৰ কৰ্মৰ পৰিণাম সম্পৰ্কে নাজানে।
Ang mga Tafsir na Arabe:
Ilan sa mga Pakinabang ng mga Ayah sa Pahinang Ito:
• أن الرسالات الإلهية كلها اتفقت على كلمة عدل واحدة، وهي: توحيد الله تعالى والنهي عن الشرك.
সকলো ঐশী ধৰ্মই এটা ন্যায় বাক্যৰ ওপৰত একমত। আৰু সেয়া হৈছেঃ আল্লাহক এক বুলি স্বীকাৰ কৰা (আৰু কেৱল তেওঁৰেই ইবাদত কৰা), আৰু শ্বিৰ্ক বৰ্জন কৰা।

• أهمية العلم بالتاريخ؛ لأنه قد يكون من الحجج القوية التي تُرَدُّ بها دعوى المبطلين.
ইতিহাসৰ জ্ঞান আহৰণ কৰাৰ মহত্ব। কিয়নো কেতিয়াবা কেতিয়াবা এই জ্ঞানে অসত্যৰ প্ৰচাৰকসকলৰ দাবী খন্ডন কৰাত সহায় কৰে।

• أحق الناس بإبراهيم عليه السلام من كان على ملته وعقيدته، وأما مجرد دعوى الانتساب إليه مع مخالفته فلا تنفع.
ইব্ৰাহীম আলাইহিছ ছালামৰ লগত সম্পৰ্ক স্থাপন কৰাৰ আটাইতকৈ বেছি অধিকাৰ সেই ব্যক্তিৰ যিয়ে তেওঁৰ দ্বীন আৰু বিশ্বাসৰ ওপৰত প্ৰতিষ্ঠিত। তেওঁৰ বিৰুদ্ধাচৰণ কৰি কেৱল তেওঁৰ লগত সম্পৰ্ক স্থাপনৰ দাবী কৰাটো লাভদায়ক নহয়।

• دَلَّتِ الآيات على حرص كفرة أهل الكتاب على إضلال المؤمنين من هذه الأمة حسدًا من عند أنفسهم.
এই আয়াতসমূহৰ দ্বাৰা এই কথাও প্ৰমাণ হয় যে, আহলে কিতাবৰ কাফিৰসকলে কেৱল ঈৰ্ষাৰ কাৰণে মুমিনসকলক পথভ্ৰষ্ট কৰাৰ কামনা কৰে।

 
Salin ng mga Kahulugan Ayah: (69) Surah: Āl-‘Imrān
Indise ng mga Surah Numero ng Pahina
 
Salin ng mga Kahulugan ng Marangal na Qur'an - الترجمة الأسامية للمختصر في تفسير القرآن الكريم - Indise ng mga Salin

الترجمة الأسامية للمختصر في تفسير القرآن الكريم، صادر عن مركز تفسير للدراسات القرآنية.

Isara