Salin ng mga Kahulugan ng Marangal na Qur'an - الترجمة الأسامية للمختصر في تفسير القرآن الكريم * - Indise ng mga Salin


Salin ng mga Kahulugan Ayah: (18) Surah: Al-Jāthiyah
ثُمَّ جَعَلْنٰكَ عَلٰی شَرِیْعَةٍ مِّنَ الْاَمْرِ فَاتَّبِعْهَا وَلَا تَتَّبِعْ اَهْوَآءَ الَّذِیْنَ لَا یَعْلَمُوْنَ ۟
এতেকে আমি আপোনাক প্ৰতিষ্ঠিত কৰিছোঁ এটা উৎকৃষ্ট পথত, তথা বিশেষ বিধানৰ ওপৰত আৰু সঠিক চৰীয়তৰ ওপৰত। এইটো দৰাচলতে সেই আদেশৰেই এটা অংগ, যিটো আমি আপোনাৰ পূৰ্বৱৰ্তী ৰাছুলসকলক প্ৰদান কৰিছিলোঁ। যাতে আপুনি মানুহক ঈমানৰ প্ৰতি আৰু নেক আমলৰ প্ৰতি আহ্বান কৰে। গতিকে আপুনি এই চৰীয়তৰ অনুসৰণ কৰক, আৰু সেইসকল লোকৰ ইচ্ছাৰ অনুসৰণ নকৰিব, যিসকলে সত্য সম্পৰ্কে একোৱেই নাজানে। সেইকাৰণেই সিহঁতৰ চাহিদাই সিহঁতক সত্যৰ পৰা আঁতৰাই পথভ্ৰষ্ট কৰিব।
Ang mga Tafsir na Arabe:
Ilan sa mga Pakinabang ng mga Ayah sa Pahinang Ito:
• العفو والتجاوز عن الظالم إذا لم يُظهر الفساد في الأرض، ويَعْتَدِ على حدود الله؛ خلق فاضل أمر الله به المؤمنين إن غلب على ظنهم العاقبة الحسنة.
যদি কোনো কাফিৰ ব্যক্তিয়ে অন্যায়-অত্যাচাৰৰ জৰিয়তে পৃথিৱীত উপদ্ৰৱ সৃষ্টি নকৰে তথা আল্লাহে নিৰ্ধাৰিত কৰা সীমা লঙ্ঘন নকৰে তেন্তে তেনেকুৱা ব্যক্তিক ক্ষমা কৰি দিয়া উচিত। ইয়াৰ আদেশ আল্লাহে মুমিনসকলক দিছে, যদিহে ইয়াৰ ভাল পৰিণাম প্ৰকট হোৱাৰ আশা থাকে।

• وجوب اتباع الشرع والبعد عن اتباع أهواء البشر.
মানুহৰ ইচ্ছাৰ অনুসৰণৰ পৰা আঁতৰি চৰীয়তৰ অনুসৰণ কৰা অনিবাৰ্য।

• كما لا يستوي المؤمنون والكافرون في الصفات، فلا يستوون في الجزاء.
যিদৰে মুমিন আৰু কাফিৰৰ বৈশিষ্ট্য সমান নহয়, ঠিক সেইদৰে সিহঁতৰ প্ৰতিদানো সমান নহয়।

• خلق الله السماوات والأرض وفق حكمة بالغة يجهلها الماديون الملحدون.
আল্লাহে আকাশমণ্ডল আৰু পৃথিৱীক পূৰ্ণ হিকমত সহকাৰে সৃষ্টি কৰিছে। কিন্তু ভৌতিকবাদী বিধৰ্মীসকলে এইবোৰ নাজানে।

 
Salin ng mga Kahulugan Ayah: (18) Surah: Al-Jāthiyah
Indise ng mga Surah Numero ng Pahina
 
Salin ng mga Kahulugan ng Marangal na Qur'an - الترجمة الأسامية للمختصر في تفسير القرآن الكريم - Indise ng mga Salin

الترجمة الأسامية للمختصر في تفسير القرآن الكريم، صادر عن مركز تفسير للدراسات القرآنية.

Isara