Check out the new design

Salin ng mga Kahulugan ng Marangal na Qur'an - Salin sa Wikang Asames ng Al-Mukhtasar fī Tafsīr Al-Qur’an Al-Karīm * - Indise ng mga Salin


Salin ng mga Kahulugan Surah: Ar-Rahmān   Ayah:
فَبِاَیِّ اٰلَآءِ رَبِّكُمَا تُكَذِّبٰنِ ۟
হে মানৱ ও জিন জাতি! তোমালোকৰ ওপৰত আল্লাহৰ অসংখ্য অনুগ্ৰহ আছে, তাৰে কোনটো কোনটো অস্বীকাৰ কৰিবা?
Ang mga Tafsir na Arabe:
هٰذِهٖ جَهَنَّمُ الَّتِیْ یُكَذِّبُ بِهَا الْمُجْرِمُوْنَ ۟ۘ
সিহঁতক ভৰ্ৎসনা কৰি কোৱা হ’বঃ এইখনেই সেই জাহান্নাম যিখনক অপৰাধীসকলে পৃথিৱীত অস্বীকাৰ কৰিছিল। যিখন আজি সিহঁতৰ চকুৰ সন্মুখত, আজি সিহঁতে কোনো পধ্যেই ইয়াক অবিশ্বাস কৰিব নোৱাৰিব।
Ang mga Tafsir na Arabe:
یَطُوْفُوْنَ بَیْنَهَا وَبَیْنَ حَمِیْمٍ اٰنٍ ۟ۚ
সিহঁতে সেই জাহান্নামৰ মাজত প্ৰচণ্ড উতলা পানীত ঘূৰপাক খাব।
Ang mga Tafsir na Arabe:
فَبِاَیِّ اٰلَآءِ رَبِّكُمَا تُكَذِّبٰنِ ۟۠
হে মানৱ ও জিন জাতি! তোমালোকৰ ওপৰত আল্লাহৰ অসংখ্য অনুগ্ৰহ আছে, তাৰে কোনটো কোনটো অস্বীকাৰ কৰিবা?
Ang mga Tafsir na Arabe:
وَلِمَنْ خَافَ مَقَامَ رَبِّهٖ جَنَّتٰنِ ۟ۚ
আৰু যি ব্যক্তিয়ে পৰকালত নিজ প্ৰতিপালকৰ সন্মুখত দণ্ডায়মান হোৱাক ভয় কৰে তথা ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে তাৰ বাবে আছে দুটা জান্নাত।
Ang mga Tafsir na Arabe:
فَبِاَیِّ اٰلَآءِ رَبِّكُمَا تُكَذِّبٰنِ ۟ۙ
হে মানৱ ও জিন জাতি! তোমালোকৰ ওপৰত আল্লাহৰ অসংখ্য অনুগ্ৰহ আছে, তাৰে কোনটো কোনটো অস্বীকাৰ কৰিবা?
Ang mga Tafsir na Arabe:
ذَوَاتَاۤ اَفْنَانٍ ۟ۚ
এই দুয়োটা জান্নাত বহু সতেজ ডাল-পাত আৰু ফলবিশিষ্ট।
Ang mga Tafsir na Arabe:
فَبِاَیِّ اٰلَآءِ رَبِّكُمَا تُكَذِّبٰنِ ۟
হে মানৱ ও জিন জাতি! তোমালোকৰ ওপৰত আল্লাহৰ অসংখ্য অনুগ্ৰহ আছে, তাৰে কোনটো কোনটো অস্বীকাৰ কৰিবা?
Ang mga Tafsir na Arabe:
فِیْهِمَا عَیْنٰنِ تَجْرِیٰنِ ۟ۚ
উভয় জান্নাতত আছে প্রবাহমান পানীবিশিষ্ট দুটা ঝর্না।
Ang mga Tafsir na Arabe:
فَبِاَیِّ اٰلَآءِ رَبِّكُمَا تُكَذِّبٰنِ ۟
হে মানৱ ও জিন জাতি! তোমালোকৰ ওপৰত আল্লাহৰ অসংখ্য অনুগ্ৰহ আছে, তাৰে কোনটো কোনটো অস্বীকাৰ কৰিবা?
Ang mga Tafsir na Arabe:
فِیْهِمَا مِنْ كُلِّ فَاكِهَةٍ زَوْجٰنِ ۟ۚ
উভয়তে আছে প্ৰত্যেক ফল-মূলৰ দুটা দুটা প্ৰকাৰ।
Ang mga Tafsir na Arabe:
فَبِاَیِّ اٰلَآءِ رَبِّكُمَا تُكَذِّبٰنِ ۟
হে মানৱ ও জিন জাতি! তোমালোকৰ ওপৰত আল্লাহৰ অসংখ্য অনুগ্ৰহ আছে, তাৰে কোনটো কোনটো অস্বীকাৰ কৰিবা?
Ang mga Tafsir na Arabe:
مُتَّكِـِٕیْنَ عَلٰی فُرُشٍ بَطَآىِٕنُهَا مِنْ اِسْتَبْرَقٍ ؕ— وَجَنَا الْجَنَّتَیْنِ دَانٍ ۟ۚ
তেওঁলোকে বিছনাত আউজি বহিব। যিখন বিছনাৰ ভিতৰভাগ হৈছে মোটা ৰেচমৰ দ্বাৰা তৈয়াৰী। তথা উভয় জান্নাতৰ ফল-মূল ইমান নিকটৱৰ্তী থাকিব যে, থিয় হৈ, বহি আৰু আউজি বহিও পাৰি খাব পৰা যাব।
Ang mga Tafsir na Arabe:
فَبِاَیِّ اٰلَآءِ رَبِّكُمَا تُكَذِّبٰنِ ۟
হে মানৱ ও জিন জাতি! তোমালোকৰ ওপৰত আল্লাহৰ অসংখ্য অনুগ্ৰহ আছে, তাৰে কোনটো কোনটো অস্বীকাৰ কৰিবা?
Ang mga Tafsir na Arabe:
فِیْهِنَّ قٰصِرٰتُ الطَّرْفِ ۙ— لَمْ یَطْمِثْهُنَّ اِنْسٌ قَبْلَهُمْ وَلَا جَآنٌّ ۟ۚ
তাত থাকিব এনেকুৱা নাৰীসকল, যিসকলৰ দৃষ্টি একমাত্ৰ তেওঁলোকৰ স্বামীৰ প্রতিহে সীমাবদ্ধ। তেওঁলোকৰ সতীত্বক নিজৰ স্বামীৰ পূর্বে কোনো জিন আৰু মানৱে স্পৰ্শ কৰা নাই।
Ang mga Tafsir na Arabe:
فَبِاَیِّ اٰلَآءِ رَبِّكُمَا تُكَذِّبٰنِ ۟
হে মানৱ ও জিন জাতি! তোমালোকৰ ওপৰত আল্লাহৰ অসংখ্য অনুগ্ৰহ আছে, তাৰে কোনটো কোনটো অস্বীকাৰ কৰিবা?
Ang mga Tafsir na Arabe:
كَاَنَّهُنَّ الْیَاقُوْتُ وَالْمَرْجَانُ ۟ۚ
সৌন্দৰ্য আৰু পৰিচ্ছন্নতাত তেওঁলোক যেনিবা মণি-মুকুতা।
Ang mga Tafsir na Arabe:
فَبِاَیِّ اٰلَآءِ رَبِّكُمَا تُكَذِّبٰنِ ۟
হে মানৱ ও জিন জাতি! তোমালোকৰ ওপৰত আল্লাহৰ অসংখ্য অনুগ্ৰহ আছে, তাৰে কোনটো কোনটো অস্বীকাৰ কৰিবা?
Ang mga Tafsir na Arabe:
هَلْ جَزَآءُ الْاِحْسَانِ اِلَّا الْاِحْسَانُ ۟ۚ
যি ব্যক্তিয়ে সুন্দৰভাৱে নিজ প্ৰতিপালকৰ আনুগত্য কৰে, তাৰ প্রতিদান ইয়াৰ বাহিৰে আৰু কি হ’ব পাৰে যে, আল্লাহে তাক উত্তম প্রতিদান দান কৰিব।
Ang mga Tafsir na Arabe:
فَبِاَیِّ اٰلَآءِ رَبِّكُمَا تُكَذِّبٰنِ ۟
হে মানৱ ও জিন জাতি! তোমালোকৰ ওপৰত আল্লাহৰ অসংখ্য অনুগ্ৰহ আছে, তাৰে কোনটো কোনটো অস্বীকাৰ কৰিবা?
Ang mga Tafsir na Arabe:
وَمِنْ دُوْنِهِمَا جَنَّتٰنِ ۟ۚ
উল্লেখিত জান্নাত দুটাৰ বাহিৰেও আৰু দুখন জান্নাত আছে।
Ang mga Tafsir na Arabe:
فَبِاَیِّ اٰلَآءِ رَبِّكُمَا تُكَذِّبٰنِ ۟ۙ
হে মানৱ ও জিন জাতি! তোমালোকৰ ওপৰত আল্লাহৰ অসংখ্য অনুগ্ৰহ আছে, তাৰে কোনটো কোনটো অস্বীকাৰ কৰিবা?
Ang mga Tafsir na Arabe:
مُدْهَآمَّتٰنِ ۟ۚ
সেই দুখন অতি ঘন সেউজীয়া।
Ang mga Tafsir na Arabe:
فَبِاَیِّ اٰلَآءِ رَبِّكُمَا تُكَذِّبٰنِ ۟ۚ
হে মানৱ ও জিন জাতি! তোমালোকৰ ওপৰত আল্লাহৰ অসংখ্য অনুগ্ৰহ আছে, তাৰে কোনটো কোনটো অস্বীকাৰ কৰিবা?
Ang mga Tafsir na Arabe:
فِیْهِمَا عَیْنٰنِ نَضَّاخَتٰنِ ۟ۚ
এই দুয়োখন জান্নাতত আছে অতি উচ্ছলিত পানীৰ দুটা ঝর্না। যি ঝৰ্নাত পানীৰ গতি কেতিয়াও বন্ধ নহ’ব।
Ang mga Tafsir na Arabe:
فَبِاَیِّ اٰلَآءِ رَبِّكُمَا تُكَذِّبٰنِ ۟ۚ
হে মানৱ ও জিন জাতি! তোমালোকৰ ওপৰত আল্লাহৰ অসংখ্য অনুগ্ৰহ আছে, তাৰে কোনটো কোনটো অস্বীকাৰ কৰিবা?
Ang mga Tafsir na Arabe:
فِیْهِمَا فَاكِهَةٌ وَّنَخْلٌ وَّرُمَّانٌ ۟ۚ
এই দুয়োখন জান্নাতত আছে প্রচুৰ ফল-মূল, লগতে আছে বৃহৎ খেজুৰ গছ আৰু ডালিম।
Ang mga Tafsir na Arabe:
فَبِاَیِّ اٰلَآءِ رَبِّكُمَا تُكَذِّبٰنِ ۟ۚ
হে মানৱ ও জিন জাতি! তোমালোকৰ ওপৰত আল্লাহৰ অসংখ্য অনুগ্ৰহ আছে, তাৰে কোনটো কোনটো অস্বীকাৰ কৰিবা?
Ang mga Tafsir na Arabe:
Ilan sa mga Pakinabang ng mga Ayah sa Pahinang Ito:
• أهمية الخوف من الله واستحضار رهبة الوقوف بين يديه.
আল্লাহক ভয় কৰাৰ গুৰুত্ব, আৰু তেওঁৰ সন্মুখত দণ্ডায়মান হোৱাৰ কথাক সদায় স্মৰণ কৰা।

• مدح نساء الجنة بالعفاف دلالة على فضيلة هذه الصفة في المرأة.
জান্নাতী নাৰীসকলক সতী-সাধ্বী বুলি প্রশংসা কৰা হৈছে, গতিকে এইটোৱে উক্ত বৈশিষ্ট্যৰ অধিকাৰিণী নাৰীসকলৰ মর্যাদাৰ প্রমাণ বহন কৰে।

• الجزاء من جنس العمل.
যেনেকুৱা কৰ্ম তেনেকুৱা ফল।

 
Salin ng mga Kahulugan Surah: Ar-Rahmān
Indise ng mga Surah Numero ng Pahina
 
Salin ng mga Kahulugan ng Marangal na Qur'an - Salin sa Wikang Asames ng Al-Mukhtasar fī Tafsīr Al-Qur’an Al-Karīm - Indise ng mga Salin

Inilabas ng Markaz Tafsīr Lid-Dirāsāt Al-Qur’ānīyah (Sentro ng Tafsīr Para sa mga Pag-aaral Pang-Qur’an).

Isara