Salin ng mga Kahulugan ng Marangal na Qur'an - Salin sa Wikang Asames ng Al-Mukhtasar fī Tafsīr Al-Qur’an Al-Karīm

external-link copy
9 : 62

یٰۤاَیُّهَا الَّذِیْنَ اٰمَنُوْۤا اِذَا نُوْدِیَ لِلصَّلٰوةِ مِنْ یَّوْمِ الْجُمُعَةِ فَاسْعَوْا اِلٰی ذِكْرِ اللّٰهِ وَذَرُوا الْبَیْعَ ؕ— ذٰلِكُمْ خَیْرٌ لَّكُمْ اِنْ كُنْتُمْ تَعْلَمُوْنَ ۟

হে আল্লাহৰ প্ৰতি ঈমান পোষণকাৰী আৰু তেওঁৰ চৰীয়তৰ প্ৰতি আমলকাৰীসকল! জুমুআৰ দিনা ইমাম মিম্বৰত উঠাৰ পিছত মুআজ্জিনে যেতিয়া ছালাতৰ বাবে আজান দিয়ে তেতিয়া তোমালোকে খুৎবা শুনিবলৈ আৰু ছালাত আদায় কৰিবলৈ মছজিদৰ পিনে অগ্ৰসৰ হোৱা আৰু ক্ৰয়-বিক্ৰয় বন্ধ কৰা, যাতে ই তোমালোকক ইবাদতৰ পৰা অমনোযোগী নকৰে। হে মুমিনসকল! জুমুআৰ আজানৰ পিছত ছালাতৰ বাবে যোৱা আৰু ক্ৰয়-বিক্ৰয় বন্ধ কৰাটো তোমালোকৰ বাবে উত্তম। যদি তোমালোকে এই বিষয়ে অৱগত তেন্তে আল্লাহে তোমালোকক যি আদেশ কৰিছে সেয়া পালন কৰা। info
التفاسير: |
Ilan sa mga Pakinabang ng mga Ayah sa Pahinang Ito:
• وجوب السعي إلى الجمعة بعد النداء وحرمة ما سواه من الدنيا إلا لعذر.
আজানৰ পিছত জুমআৰ ছালাতৰ বাবে ওলাই যোৱা বাঞ্চনীয়। কোনো উচিত কাৰণ নোহোৱাকৈ আজানৰ পিছত অইন কোনো কাম কৰা হাৰাম। info

• تخصيص سورة للمنافقين فيه تنبيه على خطورتهم وخفاء أمرهم.
মুনাফিক সম্পৰ্কে এটি পৰিপূৰ্ণ ছুৰা অৱতীৰ্ণ হোৱাটো এই কথা প্ৰমাণ কৰে যে, সিহঁতৰ অনিষ্টতাৰ পৰা সাৱধান থকা উচিত, লগতে সিহঁতৰ বিষয়টো গোপনীয়। info

• العبرة بصلاح الباطن لا بجمال الظاهر ولا حسن المنطق.
ইছলামৰ উদ্দেশ্য হৈছে অন্তৰাত্মাক সংশোধন কৰা। বাহ্যিক সৌন্দৰ্য চৰ্চা তথা আকৰ্ষণীয় কথাৰে মোহিত কৰা নহয়। info