Check out the new design

Salin ng mga Kahulugan ng Marangal na Qur'an - Salin sa Wikang Asames ng Al-Mukhtasar fī Tafsīr Al-Qur’an Al-Karīm * - Indise ng mga Salin


Salin ng mga Kahulugan Ayah: (56) Surah: Al-A‘rāf
وَلَا تُفْسِدُوْا فِی الْاَرْضِ بَعْدَ اِصْلَاحِهَا وَادْعُوْهُ خَوْفًا وَّطَمَعًا ؕ— اِنَّ رَحْمَتَ اللّٰهِ قَرِیْبٌ مِّنَ الْمُحْسِنِیْنَ ۟
গুনাহ কৰি পৃথিৱীত বিপৰ্যয় সৃষ্টি নকৰিবা, অথচ আল্লাহে ৰাছুল প্ৰেৰণ কৰি পৃথিৱীখনক সংশোধন কৰিছে আৰু তেওঁৰ আনুগত্যৰ জৰিয়তে ইয়াক গঢ়ি তুলিছে। আল্লাহৰ শাস্তিক ভয় কৰি আৰু তেওঁৰ ছোৱাবৰ আশা পোষণ কৰি কেৱল তেওঁৰ ওচৰতেই প্ৰাৰ্থনা কৰা। নিশ্চয় আল্লাহৰ ৰহমত নেকপৰায়ণ লোকসকলৰ অতি সন্নিকট। এতেকে তোমালোকেও তাৰ অন্তৰ্ভুক্ত হোৱা।
Ang mga Tafsir na Arabe:
Ilan sa mga Pakinabang ng mga Ayah sa Pahinang Ito:
• القرآن الكريم كتاب هداية فيه تفصيل ما تحتاج إليه البشرية، رحمة من الله وهداية لمن أقبل عليه بقلب صادق.
পৱিত্ৰ কোৰআন হৈছে এখন পথপ্ৰদৰ্শনকাৰী পুথি। তাত সেই সকলো কথাৰ বৰ্ণনা আছে যিবোৰ মানৱতাৰ বাবে অতি প্ৰয়োজনীয়। এইখন হৈছে আল্লাহৰ কৃপা আৰু সেই ব্যক্তিৰ বাবে হিদায়ত যিয়ে সঁচা অৰ্থত ইয়াক গ্ৰহণ কৰিব।

• خلق الله السماوات والأرض في ستة أيام لحكمة أرادها سبحانه، ولو شاء لقال لها: كوني فكانت.
আল্লাহে আকাশমণ্ডল আৰু পৃথিৱীক কিবা ৰহস্যজনিত কাৰণে ছয় দিনত সৃষ্টি কৰিছে, অন্যথা তেওঁ ইচ্ছা কৰিলে কেৱল ‘হ’ বুলি ক'লেই হৈ গ'লহেঁতেন।

• يتعين على المؤمنين دعاء الله تعالى بكل خشوع وتضرع حتى يستجيب لهم بفضله.
মুমিনসকলে আল্লাহক নম্ৰতা তথা সম্পূৰ্ণ বিনয় সহকাৰে আহ্বান কৰা উচিত, যাতে আল্লাহে নিজৰ অনুগ্ৰহত তেওঁলোকৰ দুআ কবূল কৰে।

• الفساد في الأرض بكل صوره وأشكاله منهيٌّ عنه.
পৃথিৱীত বিপৰ্যয় সৃষ্টি কৰা নিষিদ্ধ, সেয়া যিকোনো ৰূপতে নহওঁক কিয়।

 
Salin ng mga Kahulugan Ayah: (56) Surah: Al-A‘rāf
Indise ng mga Surah Numero ng Pahina
 
Salin ng mga Kahulugan ng Marangal na Qur'an - Salin sa Wikang Asames ng Al-Mukhtasar fī Tafsīr Al-Qur’an Al-Karīm - Indise ng mga Salin

Inilabas ng Markaz Tafsīr Lid-Dirāsāt Al-Qur’ānīyah (Sentro ng Tafsīr Para sa mga Pag-aaral Pang-Qur’an).

Isara