Check out the new design

Salin ng mga Kahulugan ng Marangal na Qur'an - Salin sa Wikang Asames ng Al-Mukhtasar fī Tafsīr Al-Qur’an Al-Karīm * - Indise ng mga Salin


Salin ng mga Kahulugan Surah: Al-Layl   Ayah:

আল-লাইল

Ilan sa mga Layon ng Surah:
بيان أحوال الخلق في الإيمان والإنفاق وحال كل فريق.
ঈমান আৰু আল্লাহৰ পথত ব্যয় কৰাৰ ক্ষেত্ৰত সৃষ্টিৰ বিভিন্ন অৱস্থাৰ বৰ্ণনা, আৰু প্ৰত্যেক দলৰ অৱস্থাৰ বৰ্ণনা।

وَالَّیْلِ اِذَا یَغْشٰی ۟ۙ
আল্লাহ তাআলাই ৰাতিৰ শপত কৰিছে, যেতিয়া ই তাৰ অন্ধাকাৰৰ জৰিয়তে আকাশ আৰু পৃথিৱীৰ মাজত সকলো বস্তুক আৱৰি ধৰে।
Ang mga Tafsir na Arabe:
وَالنَّهَارِ اِذَا تَجَلّٰی ۟ۙ
আৰু দিনৰ শপত কৰিছে, যেতিয়া ই প্ৰকাশ হয় আৰু স্পষ্ট হয়।
Ang mga Tafsir na Arabe:
وَمَا خَلَقَ الذَّكَرَ وَالْاُ ۟ۙ
আৰু তেওঁৰ সৃষ্টিৰ দুটা প্ৰকাৰৰ শপত কৰিছে, মতা- মাইকিৰ।
Ang mga Tafsir na Arabe:
اِنَّ سَعْیَكُمْ لَشَتّٰی ۟ؕ
হে মানৱ, নিশ্চয় তোমালোকৰ প্ৰয়াস বেলেগ বেলেগ প্ৰকাৰৰ। কিছুমান সৎ প্ৰয়াস, যিবোৰ জান্নাতত প্ৰৱেশ কৰাৰ মাধ্যম আৰু কিছুমান অসৎ প্ৰয়াস, যিবোৰ জাহান্নামত প্ৰৱেশ কৰাৰ মাধ্যম।
Ang mga Tafsir na Arabe:
فَاَمَّا مَنْ اَعْطٰی وَاتَّقٰی ۟ۙ
এতেকে যিয়ে য'ত খৰচ কৰা জৰুৰীভাৱে, সি তাত খৰচ কৰিছে যেনে- যাকাত, আহাৰ- ভোজন, আৰু কাফফাৰা আদি। আৰু আল্লাহ তাআলাই যাৰ পৰা বিৰত থাকিবলৈ কৈছে, তাৰ পৰা দূৰত্ব অৱলম্বন কৰিছে।
Ang mga Tafsir na Arabe:
وَصَدَّقَ بِالْحُسْنٰی ۟ۙ
আৰু আল্লাহ তাআলাই পৰিণামৰ যি প্ৰতিশ্ৰুতি কৰিছে সেয়া পূৰ্ণ কৰিছে।
Ang mga Tafsir na Arabe:
فَسَنُیَسِّرُهٗ لِلْیُسْرٰی ۟ؕ
আমি তাৰ বাবে সত্কৰ্ম কৰাৰ আৰু আল্লাহৰ পথত খৰচ কৰা সহজ কৰি দিম।
Ang mga Tafsir na Arabe:
وَاَمَّا مَنْ بَخِلَ وَاسْتَغْنٰی ۟ۙ
আৰু সেই ব্যক্তি যিয়ে তাৰ সম্পদ ব্যয় কৰাৰ ক্ষেত্ৰত কৃপণালী কৰে আৰু জৰুৰী কামত খৰচ নকৰে আৰু ধন-সম্পদৰ লালসাত আল্লাহক অৱহেলা কৰে আৰু আল্লাহৰ পৰা তাৰ কৰুণা বিচৰা নাই।
Ang mga Tafsir na Arabe:
وَكَذَّبَ بِالْحُسْنٰی ۟ۙ
আৰু আল্লাহ তাআলাই তাৰ পথত ধন খৰচ কৰাৰ প্ৰতি যি পৰিণাম প্ৰদানৰ প্ৰতিশ্ৰুতি দিছে তাক অস্বীকাৰ কৰিছে।
Ang mga Tafsir na Arabe:
Ilan sa mga Pakinabang ng mga Ayah sa Pahinang Ito:
• أهمية تزكية النفس وتطهيرها.
আত্মা পৱিত্ৰ কৰাৰ মহত্ব।

• المتعاونون على المعصية شركاء في الإثم.
পাপ কৰ্মৰ প্ৰতি সহায়- সহযোগ কৰা ব্যক্তিও পাপ কৰ্মৰ সমানেই অংশীদাৰ।

• الذنوب سبب للعقوبات الدنيوية.
পাৰ্থিৱ শাস্তিৰ এটা কাৰণ হৈছে পাপ।

• كلٌّ ميسر لما خلق له فمنهم مطيع ومنهم عاصٍ.
প্ৰত্যেক ব্যক্তিৰ কাৰণে সেই কাম সহজ কৰি দিয়া হয়, যাৰ কাৰণে তাক সৃষ্টি কৰা হৈছে।

 
Salin ng mga Kahulugan Surah: Al-Layl
Indise ng mga Surah Numero ng Pahina
 
Salin ng mga Kahulugan ng Marangal na Qur'an - Salin sa Wikang Asames ng Al-Mukhtasar fī Tafsīr Al-Qur’an Al-Karīm - Indise ng mga Salin

Inilabas ng Markaz Tafsīr Lid-Dirāsāt Al-Qur’ānīyah (Sentro ng Tafsīr Para sa mga Pag-aaral Pang-Qur’an).

Isara