Check out the new design

Kur'an-ı Kerim meal tercümesi - Assamca Muhtasar Kur'an-ı Kerim Tefsiri Tercümesi * - Mealler fihristi


Anlam tercümesi Ayet: (101) Sure: Sûratu'n-Nahl
وَاِذَا بَدَّلْنَاۤ اٰیَةً مَّكَانَ اٰیَةٍ ۙ— وَّاللّٰهُ اَعْلَمُ بِمَا یُنَزِّلُ قَالُوْۤا اِنَّمَاۤ اَنْتَ مُفْتَرٍ ؕ— بَلْ اَكْثَرُهُمْ لَا یَعْلَمُوْنَ ۟
আৰু আমি যেতিয়া কোৰআনৰ কোনো এটা আয়াত আন এটা আয়াতৰ দ্বাৰা ৰহিত কৰোঁ, (এই ক্ষেত্ৰত আল্লাহেই সৰ্বজ্ঞ, কোনটো আয়াত ৰহিত কৰা উচিত আৰু কোনটো নহয়) তেতিয়া সিহঁতে কয়ঃ হে মুহাম্মদ! তুমি এজন মিছলীয়া, আল্লাহ সম্পৰ্কে মিছা কথা বিয়পাই আছা। প্ৰকৃততে সিহঁতৰ অধিকাংশই নাজানে যে, ৰহিত কৰাৰ দায়িত্ব আল্লাহৰ হাতত, তেওঁ বিশেষ হিকমতত এনেকুৱা কৰে।
Arapça tefsirler:
Bu sayfadaki ayetlerin faydaları:
• العمل الصالح المقرون بالإيمان يجعل الحياة طيبة.
ঈমানৰ দ্বাৰা সুসজ্জিত নেক আমলে জীৱনক পৱিত্ৰ কৰি তোলে।

• الطريق إلى السلامة من شر الشيطان هو الالتجاء إلى الله، والاستعاذة به من شره.
চয়তানৰ অনিষ্টৰ পৰা ৰক্ষা পাবলৈ হ'লে আল্লাহৰ ওচৰত দুআ কৰিব লাগিব, লগতে চয়তানৰ অনিষ্টৰ পৰা আল্লাহৰ ওচৰত আশ্ৰয় প্ৰাৰ্থনা কৰিব লাগিব।

• على المؤمنين أن يجعلوا القرآن إمامهم، فيتربوا بعلومه، ويتخلقوا بأخلاقه، ويستضيئوا بنوره، فبذلك تستقيم أمورهم الدينية والدنيوية.
মুমিনসকলে কোৰআনক নেতৃত্ব হিচাপে লোৱা উচিত, আৰু ইয়াৰ জ্ঞানৰ দ্বাৰা নিজৰ জীৱনক বাস্তৱায়ন কৰা উচিত। ইয়াৰ শিষ্টাচাৰসমূহ অৱলম্বন কৰা উচিত, ইয়াৰ জ্যোতিৰে উপকৃত হোৱা উচিত। ইয়াৰ দ্বাৰাই তেওঁলোকৰ দ্বীন আৰু দুনিয়াৰ সকলো সমস্যা সমাধান কৰা সম্ভৱ।

• نسخ الأحكام واقع في القرآن زمن الوحي لحكمة، وهي مراعاة المصالح والحوادث، وتبدل الأحوال البشرية.
অহীৰ ধাৰাবাহিকতা চলি থকা অৱস্থাত কিছুমান বিধানক ৰহিত কৰি আন কিছুমান বিধানক স্থান দিয়া হৈছিল। বিশেষ কাৰণত এইটো কৰিছিল, মানুহৰ অৱস্থাৰ পৰিবৰ্তন, নতুন নতুন ঘটনা তথা বিভিন্ন কল্যাণৰ কাৰণে।

 
Anlam tercümesi Ayet: (101) Sure: Sûratu'n-Nahl
Surelerin fihristi Sayfa numarası
 
Kur'an-ı Kerim meal tercümesi - Assamca Muhtasar Kur'an-ı Kerim Tefsiri Tercümesi - Mealler fihristi

Kur'an Araştırmaları Tefsir Merkezi Tarafından Yayınlanmıştır.

Kapat