Check out the new design

Kur'an-ı Kerim meal tercümesi - Assamca Muhtasar Kur'an-ı Kerim Tefsiri Tercümesi * - Mealler fihristi


Anlam tercümesi Ayet: (58) Sure: Sûratu'n-Nahl
وَاِذَا بُشِّرَ اَحَدُهُمْ بِالْاُ ظَلَّ وَجْهُهٗ مُسْوَدًّا وَّهُوَ كَظِیْمٌ ۟ۚ
এইসকল মুশ্বৰিকৰ মাজৰ কাৰোবাক যদি কন্যা সন্তান জন্ম লাভ কৰাৰ সুসংবাদ দিয়া হয়, তেতিয়া সিহঁতৰ মুখ ক'লা পৰি যায় আৰু সিহঁতৰ অন্তৰ দুখত ভাগি পৰে, এনেকুৱা সংবাদক সিহঁতে ইমান অপছন্দ কৰে। আকৌ সেই ব্যক্তিয়েই আল্লাহৰ বাবে সেইটো পছন্দ কৰে, যিটো নিজৰ বাবে অপছন্দ কৰে।
Arapça tefsirler:
Bu sayfadaki ayetlerin faydaları:
• من جهالات المشركين: نسبة البنات إلى الله تعالى، ونسبة البنين لأنفسهم، وأَنفَتُهم من البنات، وتغيّر وجوههم حزنًا وغمَّا بالبنت، واستخفاء الواحد منهم وتغيبه عن مواجهة القوم من شدّة الحزن وسوء الخزي والعار والحياء الذي يلحقه بسبب البنت.
মুশ্বৰিকসকলৰ মুৰ্খতাৰ এটা প্ৰমাণ এই যে, সিহঁতে আল্লাহৰ কন্যা সন্তান আছে বুলি দাবী কৰে। কিন্তু নিজৰ বাবে পুত্ৰ সন্তানক প্ৰাধান্য দিয়ে। সিহঁতে কন্যা সন্তানৰ পৰা পলায়ন কৰে, আৰু কন্যা সন্তানৰ খবৰ পালে সিহঁতৰ মুখমণ্ডলৰ ৰং পৰিবৰ্তন হৈ যায়। দুশ্চিন্তাই সিহঁতৰ মুখ ছানি ধৰে। লাজত সিহঁতে মানুহৰ পৰা আত্মগোপন কৰে।

• من سنن الله إمهال الكفار وعدم معاجلتهم بالعقوبة ليترك الفرصة لهم للإيمان والتوبة.
আল্লাহৰ এটা সাধাৰণ নিয়ম হৈছে, তেওঁ কাফিৰসকলক অৱকাশ দিয়ে আৰু শাস্তি প্ৰদানত খৰধৰ নকৰে, যাতে সিহঁতে ঈমান পোষণ কৰাৰ আৰু তাওবা কৰাৰ সুবিধা পায়।

• مهمة النبي صلى الله عليه وسلم الكبرى هي تبيان ما جاء في القرآن، وبيان ما اختلف فيه أهل الملل والأهواء من الدين والأحكام، فتقوم الحجة عليهم ببيانه.
নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ গুৰুত্বপূৰ্ণ ভূমিকাটো হৈছে কোৰআনৰ ব্যাখ্যা কৰা, লগতে বিভিন্ন সম্প্ৰদায়ৰ মাজত থকা দ্বীন আৰু বিধি-বিধান সম্পৰ্কীয় মতভেদসমূহৰ সঠিক সমাধান দাঙি ধৰা। যাতে এই স্পষ্টীকৰণৰ পিছত সিহঁতৰ বাবে কোনো অজুহাত দাঙি ধৰাৰ সুযোগ নাথাকে।

 
Anlam tercümesi Ayet: (58) Sure: Sûratu'n-Nahl
Surelerin fihristi Sayfa numarası
 
Kur'an-ı Kerim meal tercümesi - Assamca Muhtasar Kur'an-ı Kerim Tefsiri Tercümesi - Mealler fihristi

Kur'an Araştırmaları Tefsir Merkezi Tarafından Yayınlanmıştır.

Kapat