Kur'an-ı Kerim meal tercümesi - الترجمة الأسامية للمختصر في تفسير القرآن الكريم * - Mealler fihristi


Anlam tercümesi Ayet: (80) Sure: Sûratu Tâhâ
یٰبَنِیْۤ اِسْرَآءِیْلَ قَدْ اَنْجَیْنٰكُمْ مِّنْ عَدُوِّكُمْ وَوٰعَدْنٰكُمْ جَانِبَ الطُّوْرِ الْاَیْمَنَ وَنَزَّلْنَا عَلَیْكُمُ الْمَنَّ وَالسَّلْوٰی ۟
আমি বনী ইছৰাঈলক ফিৰআউন আৰু তাৰ সৈন্যবাহিনীৰ পৰা ৰক্ষা কৰাৰ পিচত ক'লোঃ হে বনী ইছৰাঈল! আমি তোমালোকক তোমালোকৰ শত্ৰুৰ পৰা ৰক্ষা কৰিছোঁ। তথা তুৰ পৰ্বতৰ কাষত অৱস্থিত উপত্যকাৰ সোঁফালে মূছাৰ লগত কথাপোকথন কৰিম বুলি তোমালোকক প্ৰতিশ্ৰুতি দিছোঁ। লগতে তীহৰ ময়দানত আমি আমাৰ নিয়ামতৰ পৰা তোমালোকৰ ওপৰত অৱতীৰ্ণ কৰিছিলোঁ মৌৰ দৰে মিঠা পানীয় আৰু বটা চৰাইৰ দৰে সৰু চৰাইৰ পৱিত্ৰ মাংস।
Arapça tefsirler:
Bu sayfadaki ayetlerin faydaları:
• من سُنَّة الله انتقامه من المجرمين بما يشفي صدور المؤمنين، ويقر أعينهم، ويذهب غيظ قلوبهم.
অপৰাধীবিলাকৰ পৰা প্ৰতিশোধ লোৱাটো আল্লাহৰ নীতি, ইয়াৰ ফলত মুমিনসকলৰ অন্তৰে প্ৰশান্তি লাভ কৰে, তেওঁলোকৰ চকু শীতল হয় আৰু অন্তৰৰ ক্ৰোধ বাৰণ হয়।

• الطاغية شؤم على نفسه وعلى قومه؛ لأنه يضلهم عن الرشد، وما يهديهم إلى خير ولا إلى نجاة.
স্বৈৰাচাৰী ৰজা সদায় নিজ প্ৰজাসকলৰ বাবে দুৰ্ভাগ্যৰ কাৰণ হয়। কিয়নো সি সিহঁতক সত্যৰ পৰা আঁতৰাই ৰাখে, আৰু কোনো কল্যাণৰ তথা মুক্তিৰ পথ নেদেখুৱায়।

• النعم تقتضي الحفظ والشكر المقرون بالمزيد، وجحودها يوجب حلول غضب الله ونزوله.
নিয়ামতসমূহ সুৰক্ষিত কৰি ৰখা উচিত, আৰু ইয়াৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰা উচিত, ইয়াৰ ফলত নিয়ামত বৃদ্ধি পায়। আনহাতে অকৃতজ্ঞতাৰ ফলত আল্লাহৰ প্ৰকোপ অৱতীৰ্ণ হোৱাৰ কাৰণ হৈ পৰে।

• الله غفور على الدوام لمن تاب من الشرك والكفر والمعصية، وآمن به وعمل الصالحات، ثم ثبت على ذلك حتى مات عليه.
যিয়ে শ্বিৰ্ক, কুফৰ আৰু পাপকৰ্মৰ পৰা তাওবা কৰিব, তথা আল্লাহৰ প্ৰতি ঈমান আনিব আৰু সৎকৰ্ম কৰিব, লগতে মৃত্যু পৰ্যন্ত সেই পথতে অটল থাকিব তেনেকুৱা ব্যক্তিৰ প্ৰতি আল্লাহ সদায় ক্ষমাশীল।

• أن العجلة وإن كانت في الجملة مذمومة فهي ممدوحة في الدين.
খৰধৰ কৰাটো যদিও স্বাভাৱিকতে ভাল নহয়, তথাপিও ধৰ্মৰ ক্ষেত্ৰত এইটো প্ৰশংসনীয়।

 
Anlam tercümesi Ayet: (80) Sure: Sûratu Tâhâ
Surelerin fihristi Sayfa numarası
 
Kur'an-ı Kerim meal tercümesi - الترجمة الأسامية للمختصر في تفسير القرآن الكريم - Mealler fihristi

الترجمة الأسامية للمختصر في تفسير القرآن الكريم، صادر عن مركز تفسير للدراسات القرآنية.

Kapat