Check out the new design

Kur'an-ı Kerim meal tercümesi - Assamca Muhtasar Kur'an-ı Kerim Tefsiri Tercümesi * - Mealler fihristi


Anlam tercümesi Ayet: (13) Sure: Sûratu Fâtır
یُوْلِجُ الَّیْلَ فِی النَّهَارِ وَیُوْلِجُ النَّهَارَ فِی الَّیْلِ ۙ— وَسَخَّرَ الشَّمْسَ وَالْقَمَرَ ۖؗ— كُلٌّ یَّجْرِیْ لِاَجَلٍ مُّسَمًّی ؕ— ذٰلِكُمُ اللّٰهُ رَبُّكُمْ لَهُ الْمُلْكُ ؕ— وَالَّذِیْنَ تَدْعُوْنَ مِنْ دُوْنِهٖ مَا یَمْلِكُوْنَ مِنْ قِطْمِیْرٍ ۟ؕ
আল্লাহে ৰাতিক দিনৰ ভিতৰত প্ৰৱেশ কৰাই দিনক দীৰ্ঘ কৰি দিয়ে। তথা দিনক ৰাতিৰ ভিতৰত প্ৰৱেশ কৰাই ৰাতিক দীৰ্ঘ কৰি দিয়ে। আল্লাহেই চন্দ্ৰ সূৰ্য্যক নিয়ন্ত্ৰণ কৰে। উভয়েই এটা নিৰ্ধাৰিত সময়লৈকে চলমান থাকিব। সেই নিৰ্ধাৰিত সময়ৰ সঠিক জ্ঞান একমাত্ৰ আল্লাহৰ ওচৰতহে আছে। জানি থোৱা উচিত যে, নিৰ্ধাৰিত সময়ৰ দ্বাৰা ইয়াত কিয়ামত বুজোৱা হৈছে। তোমালোকৰ প্ৰতিপালক আল্লাহেই এই সময় নিৰ্ধাৰণ কৰিছে তথা এইবোৰক কামত নিয়োজিত কৰি ৰাখিছে। ৰাজত্ব একমাত্ৰ তেওঁৰেই। আল্লাহৰ বাহিৰে তোমালোকে যিবোৰ মূৰ্ত্তিৰ উপাসনা কৰা, সেইবোৰে খেজুৰৰ গুটিত থকা পাতল আৱৰণ এটাৰো অধিকাৰী নহয়। এতেকে তোমালোকে মোক এৰি কিয় সেইবোৰৰ উপাসনা কৰা?
Arapça tefsirler:
Bu sayfadaki ayetlerin faydaları:
• تسخير البحر، وتعاقب الليل والنهار، وتسخير الشمس والقمر: من نعم الله على الناس، لكن الناس تعتاد هذه النعم فتغفل عنها.
সাগৰৰ নিজৰ কৰ্মত ব্যস্ত থকা, দিন-ৰাতিৰ আৱৰ্তন আৰু চন্দ্ৰ-সূৰ্য্যৰ নিয়ন্ত্ৰণ আদি মানুহৰ ওপৰত আল্লাহৰ এটা ডাঙৰ উপকাৰ। কিন্তু মানুহে এইবোৰ উপকাৰ সদায় উপভোগ কৰাৰ কাৰণে এইবোৰক গুৰুত্ব নিদিয়া হৈছে।

• سفه عقول المشركين حين يدعون أصنامًا لا تسمع ولا تعقل.
এইটো মুশ্বৰিকসকলৰ মুৰ্খতাৰ পৰিচয় যে, সিহঁতে এনেকুৱা কিছুমান মূৰ্ত্তিক আহ্বান কৰে যিবোৰে একো শুনাও নাপায় আৰু একো বুজিও নাপায়।

• الافتقار إلى الله صفة لازمة للبشر، والغنى صفة كمال لله.
মানুহৰ এটা আৱশ্যক গুণ হৈছে সিহঁত আল্লাহৰ মুখাপেক্ষী। আনহাতে অমুখাপেক্ষীতা হৈছে আল্লাহৰ এটা পৰিপূৰ্ণ বৈশিষ্ট্য।

• تزكية النفس عائدة إلى العبد؛ فهو يحفظها إن شاء أو يضيعها.
নিজকে পৱিত্ৰ ৰখাৰ দায়িত্ব হৈছে স্বয়ং মানুহৰ নিজৰেই। সিহঁতে ইচ্ছা কৰিলে নিজকে সুৰক্ষিত ৰাখিব পাৰে আৰু ইচ্ছা কৰিলে বিনষ্ট কৰিব পাৰে।

 
Anlam tercümesi Ayet: (13) Sure: Sûratu Fâtır
Surelerin fihristi Sayfa numarası
 
Kur'an-ı Kerim meal tercümesi - Assamca Muhtasar Kur'an-ı Kerim Tefsiri Tercümesi - Mealler fihristi

Kur'an Araştırmaları Tefsir Merkezi Tarafından Yayınlanmıştır.

Kapat