Check out the new design

Kur'an-ı Kerim meal tercümesi - Assamca Muhtasar Kur'an-ı Kerim Tefsiri Tercümesi * - Mealler fihristi


Anlam tercümesi Ayet: (8) Sure: Sûretu'ş-Şûrâ
وَلَوْ شَآءَ اللّٰهُ لَجَعَلَهُمْ اُمَّةً وَّاحِدَةً وَّلٰكِنْ یُّدْخِلُ مَنْ یَّشَآءُ فِیْ رَحْمَتِهٖ ؕ— وَالظّٰلِمُوْنَ مَا لَهُمْ مِّنْ وَّلِیٍّ وَّلَا نَصِیْرٍ ۟
আল্লাহে যদি সকলোকে ইছলাম ধৰ্মত দীক্ষিত কৰি এটা উম্মতৰ অন্তৰ্ভুক্ত কৰাৰ ইচ্ছা কৰিলেহেঁতেন, তেন্তে তেওঁলোকক ইছলামৰ ওপৰত প্ৰতিষ্ঠিত কৰি একেটা উম্মতৰে অন্তৰ্ভুক্ত কৰিলেহেঁতেন আৰু সকলোকে জান্নাতত প্ৰৱেশ কৰালেহেঁতেন। কিন্তু তেওঁৰ হিকমতৰ দাবী হৈছে, তেওঁ যাক ইচ্ছা কৰে তাকেই ইছলামত প্ৰৱেশ কৰাৰ সুযোগ দিয়ে আৰু তাক জান্নাতত প্ৰৱেশ কৰায়। কুফৰ আৰু গুনাহৰ দ্বাৰা নিজৰ ওপৰত অন্যায় কৰা লোকসকলৰ বাবে কোনো অভিভাৱক নাই, যিয়ে সিহঁতৰ দায়িত্বভাৰ গ্ৰহণ কৰিব। সিহঁতৰ বাবে কোনো সহায়কো নাই, যিয়ে সিহঁতক আল্লাহৰ শাস্তিৰ পৰা ৰক্ষা কৰিব।
Arapça tefsirler:
Bu sayfadaki ayetlerin faydaları:
• عظمة الله ظاهرة في كل شيء.
আল্লাহৰ মহানতা প্ৰত্যেক বস্তুৰ দ্বাৰাই স্পষ্ট।

• دعاء الملائكة لأهل الإيمان بالخير.
ফিৰিস্তাসকলে মুমিনসকলৰ বাবে কল্যাণৰ দুআ কৰে।

• القرآن والسُنَّة مرجعان للمؤمنين في شؤونهم كلها، وبخاصة عند الاختلاف.
কোৰআন আৰু হাদীছ এই দুখন হৈছে মুমিনসকলৰ বাবে প্ৰত্যেক ক্ষেত্ৰতে মূল গ্ৰন্থ। বিশেষকৈ মতভেদৰ সময়ত।

• الاقتصار على إنذار أهل مكة ومن حولها؛ لأنهم مقصودون بالرد عليهم لإنكارهم رسالته صلى الله عليه وسلم وهو رسول للناس كافة كما قال تعالى: ﴿وَمَآ أَرسَلنُّكَ إلَّا كافةً لِّلنَّاس...﴾، (سبأ: 28).
মক্কা আৰু তাৰ ওচৰে-পাঁজৰে থকা লোকসকলক সাৱধান কৰাৰ বৰ্ণনা এইকাৰণে আহিছে, কাৰণ সিহতৰ ধাৰণাক খণ্ডন কৰাটোৱে হৈছে ইয়াৰ উদ্দেশ্য। কিয়নো প্ৰথমে সিহঁতেই নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ৰিছালতক অস্বীকাৰ কৰিছিল। পক্ষান্তৰে নবী চাল্লাল্লাহু আলাইহি অছাল্লাম হৈছে গোটেই মানৱজাতিৰ প্ৰতি প্ৰেৰিত ৰাছুল। যেনে আল্লাহ তাআলাই কৈছেঃ ﴿وَمَآ أَرۡسَلۡنَٰكَ إِلَّا كَآفَّةً لِّلنَّاسِ...﴾ অৰ্থাৎ আমি আপোনাক গোটেই মানৱজাতিৰ বাবে ৰাছুল হিচাপে প্ৰেৰণ কৰিছোঁ। (ছুৰা ছাবা)

 
Anlam tercümesi Ayet: (8) Sure: Sûretu'ş-Şûrâ
Surelerin fihristi Sayfa numarası
 
Kur'an-ı Kerim meal tercümesi - Assamca Muhtasar Kur'an-ı Kerim Tefsiri Tercümesi - Mealler fihristi

Kur'an Araştırmaları Tefsir Merkezi Tarafından Yayınlanmıştır.

Kapat