Check out the new design

قرآن کریم کے معانی کا ترجمہ - المختصر فی تفسیر القرآن الکریم کا آسامی ترجمہ * - ترجمے کی لسٹ


معانی کا ترجمہ سورت: حِجر   آیت:
الَّذِیْنَ جَعَلُوا الْقُرْاٰنَ عِضِیْنَ ۟
যিসকলে কোৰআনক বিভিন্নভাৱে বিভক্ত কৰিছে। ফলত সিহঁতে কৈছেঃ এয়া হৈছে যাদু অথবা জ্যোতিষবিদ্ধা নাইবা কবিতা।
عربی تفاسیر:
فَوَرَبِّكَ لَنَسْـَٔلَنَّهُمْ اَجْمَعِیْنَ ۟ۙ
এতেকে হে ৰাছুল! আপোনাৰ প্ৰতিপালকৰ শপত! আমি কিয়ামতৰ দিনা সেই সকলো লোককে প্ৰশ্ন কৰিম, যিসকলে কোৰআনক বিভিন্নভাৱে বিভক্ত কৰিছে।
عربی تفاسیر:
عَمَّا كَانُوْا یَعْمَلُوْنَ ۟
আমি সিহঁতক কুফৰী আৰু গুনাহ সম্পৰ্কে প্ৰশ্ন কৰিম, যিবোৰ সিহঁতে কৰিছিল।
عربی تفاسیر:
فَاصْدَعْ بِمَا تُؤْمَرُ وَاَعْرِضْ عَنِ الْمُشْرِكِیْنَ ۟
হে ৰাছুল! আপুনি সেই আদেশৰ ঘোষণা দিয়ক যিটো আল্লাহে আপোনাক আদেশ কৰিছে। আনহাতে মুশ্বৰিকসকলে যি কয় আৰু কৰে তাৰ প্ৰতি আপুনি ভ্ৰুক্ষেপ নকৰিব।
عربی تفاسیر:
اِنَّا كَفَیْنٰكَ الْمُسْتَهْزِءِیْنَ ۟ۙ
আৰু সিহঁতক ভয় নকৰিব। কুৰাইছৰ মাজৰ পৰা কাফিৰসকলৰ নেতৃবৰ্গৰ উপহাস আৰু চক্ৰান্তৰ পৰা ৰক্ষা কৰিবলৈ আপোনাৰ বাবে আমিয়েই যথেষ্ট।
عربی تفاسیر:
الَّذِیْنَ یَجْعَلُوْنَ مَعَ اللّٰهِ اِلٰهًا اٰخَرَ ۚ— فَسَوْفَ یَعْلَمُوْنَ ۟
যিসকলে আল্লাহৰ সৈতে আনক উপাস্য কৰি লৈছে। অতি শীঘ্ৰেই সিহঁতে নিজৰ শ্বিৰ্কৰ পৰিণাম সম্পৰ্কে অৱগত হ'ব।
عربی تفاسیر:
وَلَقَدْ نَعْلَمُ اَنَّكَ یَضِیْقُ صَدْرُكَ بِمَا یَقُوْلُوْنَ ۟ۙ
হে ৰাছুল! নিশ্চয় আমি জানো সিহঁতে কৰা অস্বীকাৰ আৰু উপহাসৰ ফলত আপোনাৰ অন্তৰ সংকীৰ্ণ হৈ পৰে।
عربی تفاسیر:
فَسَبِّحْ بِحَمْدِ رَبِّكَ وَكُنْ مِّنَ السّٰجِدِیْنَ ۟ۙ
এতেকে আপুনি আল্লাহক অনোপযুক্ত সকলো বিষয়ৰ পৰা পৱিত্ৰ ঘোষণা কৰি তেওঁৰ আশ্ৰয় গ্ৰহণ কৰক। লগতে পৰিপূৰ্ণ গুণাৱলীৰ সৈতে তেওঁৰ প্ৰশংসা কৰক। তথা আল্লাহৰ ইবাদতকাৰী আৰু তেওঁৰ বাবে চালাত আদায়কাৰী হৈ যাওক। ইয়াৰ ভিতৰতেই আপোনাৰ আন্তৰিক শান্তি নিহিত আছে।
عربی تفاسیر:
وَاعْبُدْ رَبَّكَ حَتّٰی یَاْتِیَكَ الْیَقِیْنُ ۟۠
এতেকে জীৱিত থকালৈকে নিজ প্ৰতিপালকৰ ইবাদত কৰি যাওক, আনকি এই অৱস্থাতেই আপোনাৰ মৃত্যু হওঁক।
عربی تفاسیر:
حالیہ صفحہ میں آیات کے فوائد:
• عناية الله ورعايته بصَوْن النبي صلى الله عليه وسلم وحمايته من أذى المشركين.
নবী চা্ল্লাল্লাহু আলাইহি অছাল্লামক মুশ্বৰিকসকলৰ নিৰ্যাতনৰ পৰা ৰক্ষা কৰিবলৈ আল্লাহৰ বিশেষ তৎপৰতা।

• التسبيح والتحميد والصلاة علاج الهموم والأحزان، وطريق الخروج من الأزمات والمآزق والكروب.
আল্লাহৰ পৱিত্ৰতা বৰ্ণনা কৰা, তেওঁৰ প্ৰশংসা কৰা আৰু ছালাত আদায় কৰাটো হৈছে দুখ, দুশ্চিন্তা আৰু বিপদ-আপদৰ পৰা মুক্তি লাভ কৰাৰ সহজ উপায়।

• المسلم مطالب على سبيل الفرضية بالعبادة التي هي الصلاة على الدوام حتى يأتيه الموت، ما لم يغلب الغشيان أو فقد الذاكرة على عقله.
মৃত্যু পৰ্যন্ত অচেতন নোহোৱালৈকে মুছলিমৰ ওপৰত ছালাত আদায় কৰা ফৰজ।

• سمى الله الوحي روحًا؛ لأنه تحيا به النفوس.
আল্লাহে অহীক ৰূহ নামেৰে নামকৰণ কৰিছে, কিয়নো ইয়াৰ দ্বাৰা অন্তৰসমূহে জীৱন লাভ কৰে।

• مَلَّكَنا الله تعالى الأنعام والدواب وذَلَّلها لنا، وأباح لنا تسخيرها والانتفاع بها؛ رحمة منه تعالى بنا.
এয়া আল্লাহৰ আমাৰ ওপৰত অসীম অনুগ্ৰহ যে, তেওঁ আমাক চতুষ্পদ জন্তুৰ মালিক বনাইছে, তথা সেইবোৰক অধীনত ৰখাৰ সুযোগ দিছে আৰু সেইবোৰৰ দ্বাৰা উপকৃত হ'বলৈ আমাৰ বাবে বৈধ কৰিছে।

 
معانی کا ترجمہ سورت: حِجر
سورتوں کی لسٹ صفحہ نمبر
 
قرآن کریم کے معانی کا ترجمہ - المختصر فی تفسیر القرآن الکریم کا آسامی ترجمہ - ترجمے کی لسٹ

مرکز تفسیر للدراسات القرآنیۃ سے شائع ہوا ہے

بند کریں