قرآن کریم کے معانی کا ترجمہ - الترجمة الأسامية للمختصر في تفسير القرآن الكريم * - ترجمے کی لسٹ


معانی کا ترجمہ آیت: (67) سورت: سورۂ نحل
وَمِنْ ثَمَرٰتِ النَّخِیْلِ وَالْاَعْنَابِ تَتَّخِذُوْنَ مِنْهُ سَكَرًا وَّرِزْقًا حَسَنًا ؕ— اِنَّ فِیْ ذٰلِكَ لَاٰیَةً لِّقَوْمٍ یَّعْقِلُوْنَ ۟
আৰু তোমালোকৰ বাবে আমি প্ৰদান কৰা খেজুৰ আৰু আঙুৰ আদি ফলৰ মাজতো আছে শিক্ষা। সেইবোৰৰ দ্বাৰা তোমালোকে মাদক দ্ৰৱ্য বনোৱা, যি দ্ৰৱ্যই তোমালোকৰ বিবেক-বুদ্ধি কাঢ়ি নিয়ে। এইটো ভাল বস্তু নহয়। আনহাতে তোমালোকে এইবোৰ ফলৰ দ্বাৰা ভাল বস্তুও তৈয়াৰ কৰা, যিবোৰৰ দ্বাৰা তোমালোকে উপকৃত হোৱা, যেনেঃ শুকান খেজুৰ, কিচমিচ, ছিৰ্কা আৰু জুচ আদি। এইবোৰ বস্তুত সেইসকল লোকৰ বাবে আল্লাহৰ ক্ষমতা আৰু অনুগ্ৰহৰ প্ৰমাণ আছে, যিসকলে বিবেক-বুদ্ধিৰ দ্বাৰা কাম লয়। কাৰণ তেওঁলোকেই শিক্ষা গ্ৰহণ কৰে।
عربی تفاسیر:
حالیہ صفحہ میں آیات کے فوائد:
• جعل تعالى لعباده من ثمرات النخيل والأعناب منافع للعباد، ومصالح من أنواع الرزق الحسن الذي يأكله العباد طريًّا ونضيجًا وحاضرًا ومُدَّخَرًا وطعامًا وشرابًا.
খেজুৰ আৰু আঙুৰ আদি ফলৰ মাজত আল্লাহে বান্দাৰ বাবে বহুতো উপকাৰ নিহিত কৰি ৰাখিছে। দুয়োটাই উত্তম খাদ্য দ্ৰৱ্য, কেচা পকা উভয় অৱস্থাতেই মানুহে ইয়াক ভক্ষণ কৰে। সময়তো খায়, জমাও কৰিও থয়। লগতে অতিৰিক্ত খাদ্য বস্তু তৈয়াৰ কৰে আৰু পানীয় প্ৰস্তুত কৰে।

• في خلق النحلة الصغيرة وما يخرج من بطونها من عسل لذيذ مختلف الألوان بحسب اختلاف أرضها ومراعيها، دليل على كمال عناية الله تعالى، وتمام لطفه بعباده، وأنه الذي لا ينبغي أن يوحَّد غيره ويُدْعى سواه.
সৰু সৰু মৌ-মাখিৰ সৃষ্টি আৰু সেইবোৰৰ পেটৰ পৰা ওলোৱা বিভিন্ন ৰঙৰ সুস্বাদু মৌ, যিবোৰ সংগৃহীত বিভিন্ন স্থান আৰু ঠাইৰ পৰা, এইবোৰৰ দ্বাৰা এইটো প্ৰমাণিত হয় যে, আল্লাহ তেওঁৰ বান্দাসকলৰ প্ৰতি কিমান দয়ালু আৰু কৃপাশীল। গতিকে তেওঁৰ বাহিৰে আন কাৰোবাক একক বুলি বিশ্বাস কৰাও উচিত নহয় আৰু আহ্বান কৰাও উচিত নহয়।

• من منن الله العظيمة على عباده أن جعل لهم أزواجًا ليسكنوا إليها، وجعل لهم من أزواجهم أولادًا تقرُّ بهم أعينهم، ويخدمونهم ويقضون حوائجهم، وينتفعون بهم من وجوه كثيرة.
বান্দাৰ ওপৰত আল্লাহৰ এটা অন্যতম উপকাৰ হৈছে, তেওঁ সিহঁতৰ বাবে পত্নী সৃষ্টি কৰিছে, যাতে সিহঁতে প্ৰশান্তি লাভ কৰিব পাৰে। আৰু পত্নীৰ পৰা সন্তান সৃষ্টি কৰিছে, যাতে সিহঁতক দেখি চকু জুৰ যায়। সিহঁতে তেওঁলোকৰ সেৱা আগবঢ়ায় আৰু তেওঁলোকৰ প্ৰয়োজন পূৰণ কৰে, লগতে বিভিন্ন ধৰণে তেওঁলোকৰ উপকাৰ কৰে।

 
معانی کا ترجمہ آیت: (67) سورت: سورۂ نحل
سورتوں کی لسٹ صفحہ نمبر
 
قرآن کریم کے معانی کا ترجمہ - الترجمة الأسامية للمختصر في تفسير القرآن الكريم - ترجمے کی لسٹ

الترجمة الأسامية للمختصر في تفسير القرآن الكريم، صادر عن مركز تفسير للدراسات القرآنية.

بند کریں