Check out the new design

قرآن کریم کے معانی کا ترجمہ - المختصر فی تفسیر القرآن الکریم کا آسامی ترجمہ * - ترجمے کی لسٹ


معانی کا ترجمہ آیت: (97) سورت: مائدہ
جَعَلَ اللّٰهُ الْكَعْبَةَ الْبَیْتَ الْحَرَامَ قِیٰمًا لِّلنَّاسِ وَالشَّهْرَ الْحَرَامَ وَالْهَدْیَ وَالْقَلَآىِٕدَ ؕ— ذٰلِكَ لِتَعْلَمُوْۤا اَنَّ اللّٰهَ یَعْلَمُ مَا فِی السَّمٰوٰتِ وَمَا فِی الْاَرْضِ وَاَنَّ اللّٰهَ بِكُلِّ شَیْءٍ عَلِیْمٌ ۟
আল্লাহে সন্মানিত কা'বা ঘৰক মানুহৰ বাবে (দ্বীন আৰু দুনিয়াৰ) স্থাপনাৰ সাধন বনাইছে, ইয়াৰ দ্বাৰাই তেওঁলোকৰ ধৰ্মীয় বিধি-বিধান, যেনে- ছালাত, চওম, হজ্জ তথা ওমৰা আদি পালন কৰা হয়। ইয়াৰ দ্বাৰা তেওঁলোকৰ পাৰ্থিৱ সহায়ও হয়, হৰমত তেওঁলোকে নিৰাপত্তা পায়, তথা সকলো ধৰণৰ ফল তেওঁলোকে তাত উপলব্ধ পায়, আনহাতে সন্মানিত মাহবোৰক (জুল কাদা, জুল-হিজ্জা, মুহাৰ্ৰম তথা ৰজব) তেওঁলোকৰ পাৰ্থিৱ জীৱন স্থাপনৰ মাধ্যম বনাইছে, এইবোৰ মাহৰ মাজত কোনেও তেওঁলোকৰ লগত যুদ্ধ নকৰে, তথা তেওঁলোকে এইবোৰ মাহৰ মাজত সুৰক্ষিত থাকে, লগতে হজ্জত কুৰবানী কৰা জন্তুবোৰক তথা সিহঁতৰ ডিঙিত বান্ধি দিয়া চিহ্নকো স্থাপনাৰ মাধ্যম বনাইছে, এই চিহ্নই বুজাই যে, এইবোৰ জন্তু হৰমলৈ প্ৰেৰণ কৰা হৈছে, যাতে কোনেও সেইবোৰক বিৰক্ত নকৰে। আল্লাহে তোমালোকৰ প্ৰতি এই অনুগ্ৰহ এই কাৰণে কৰিছে, যাতে তোমালোকে জানিব পাৰা যে, আকাশমণ্ডল আৰু পৃথিৱীত যি আছে, সেই সকলোবোৰ আল্লাহে জানে, লগতে আল্লাহ সকলো বস্তু সম্পৰ্কে অৱগত। ইয়াৰ প্ৰমাণ এই যে, তেওঁ তোমালোকৰ বাবে তোমালোকৰ লাগতীয়াল বস্তুবোৰ উপলব্ধ কৰিছে, আনহাতে ক্ষতিকাৰক বস্তুবোৰক আহি পোৱাৰ আগতেই নিষ্কৃয় কৰিছে, কাৰণ তেওঁ জানে কোনটো বস্তুৰ মাজত বান্দাৰ কল্যাণ নিহিত হৈ আছে।
عربی تفاسیر:
حالیہ صفحہ میں آیات کے فوائد:
• الأصل في شعائر الله تعالى أنها جاءت لتحقيق مصالح العباد الدنيوية والأخروية، ودفع المضار عنهم.
আল্লাহ তাআলাৰ ধৰ্মীয় প্ৰতীকৰ উদ্দেশ্য হৈছে, বান্দাৰ ধৰ্মীয় তথা পাৰ্থিৱ প্ৰয়োজনীয়তা পূৰণ কৰা লগতে ক্ষতিকৰ বস্তুবোৰ দূৰ কৰা।

• عدم الإعجاب بالكثرة، فإنّ كثرة الشيء ليست دليلًا على حِلِّه أو طِيبه، وإنما الدليل يكمن في الحكم الشرعي.
সংখ্যাগৰিষ্ঠতাক লৈ আনন্দিত হোৱা উচিত নহয়, কিয়নো সংখ্যাগৰিষ্ঠতা কোনো বস্তুৰ ভাল অথবা হালাল হোৱাৰ প্ৰমাণ নহয়। বৰং ইয়াৰ বাবে চৰীয়তৰ দলীলৰ প্ৰয়োজন।

• من أدب المُسْتفتي: تقييد السؤال بحدود معينة، فلا يسوغ السؤال عما لا حاجة للمرء ولا غرض له فيه.
প্ৰশ্ন কৰাৰ এটা নীতি এই যে, প্ৰশ্নৰ নিৰ্দিষ্ট সীমা হোৱা উচিত, এনেকুৱা প্ৰশ্ন কৰা উচিত নহয়, যিটোত কোনো উদ্দেশ্য নাই বা কোনো প্ৰয়োজন নাই।

• ذم مسالك المشركين فيما اخترعوه وزعموه من محرمات الأنعام ك: البَحِيرة، والسائبة، والوصِيلة، والحامي.
মুশ্বৰিকসকলৰ নীতিক ভৰ্ত্সনা কৰিছে, কিয়নো সিহঁতে আল্লাহৰ প্ৰতি মিছা আৰোপ কৰি কৈছে যে, আল্লাহে বাহীৰা, ছায়েবা, অছীলা তথা হামী আদি জন্তুক হাৰাম কৰিছে।

 
معانی کا ترجمہ آیت: (97) سورت: مائدہ
سورتوں کی لسٹ صفحہ نمبر
 
قرآن کریم کے معانی کا ترجمہ - المختصر فی تفسیر القرآن الکریم کا آسامی ترجمہ - ترجمے کی لسٹ

مرکز تفسیر للدراسات القرآنیۃ سے شائع ہوا ہے

بند کریں