Check out the new design

قرآن کریم کے معانی کا ترجمہ - آسامی ترجمہ - رفیق الاسلام حبیب الرحمن * - ترجمے کی لسٹ

PDF XML CSV Excel API
Please review the Terms and Policies

معانی کا ترجمہ سورت: اِسراء   آیت:
وَاِنْ كَادُوْا لَیَسْتَفِزُّوْنَكَ مِنَ الْاَرْضِ لِیُخْرِجُوْكَ مِنْهَا وَاِذًا لَّا یَلْبَثُوْنَ خِلٰفَكَ اِلَّا قَلِیْلًا ۟
আৰু সিহঁতে তোমাক দেশৰ পৰা উৎখাত কৰিবলৈ প্ৰায় চূড়ান্ত চেষ্টা কৰিছিল, যাতে তোমাক তাৰ পৰা বহিষ্কাৰ কৰিব পাৰে, এনে কৰিলে সিহঁতেও তোমাৰ পিছত বেছি সময় তিষ্ঠি থাকিব নোৱাৰিলেহেঁতেন।
عربی تفاسیر:
سُنَّةَ مَنْ قَدْ اَرْسَلْنَا قَبْلَكَ مِنْ رُّسُلِنَا وَلَا تَجِدُ لِسُنَّتِنَا تَحْوِیْلًا ۟۠
আমাৰ ৰাছুলসকলৰ মাজৰ পৰা তোমাৰ পূৰ্বে যিসকলক প্ৰেৰণ কৰিছিলোঁ তেওঁলোকৰ ক্ষেত্ৰতো আছিল এইটোৱেই নিয়ম আৰু তুমি আমাৰ নিয়মৰ কোনো পৰিবৰ্তন নাপাবা।
عربی تفاسیر:
اَقِمِ الصَّلٰوةَ لِدُلُوْكِ الشَّمْسِ اِلٰی غَسَقِ الَّیْلِ وَقُرْاٰنَ الْفَجْرِ ؕ— اِنَّ قُرْاٰنَ الْفَجْرِ كَانَ مَشْهُوْدًا ۟
সূৰ্য ঢালখোৱাৰ পিছৰ পৰা ৰাতিৰ ঘন অন্ধকাৰ পৰ্যন্ত ছালাত কায়েম কৰা আৰু ফজৰৰ ছালাত (আদায় কৰা)। নিশ্চয় ফজৰৰ ছালাত হৈছে (ফিৰিস্তাসকলৰ) উপস্থিতিৰ সময়।
عربی تفاسیر:
وَمِنَ الَّیْلِ فَتَهَجَّدْ بِهٖ نَافِلَةً لَّكَ ۖۗ— عَسٰۤی اَنْ یَّبْعَثَكَ رَبُّكَ مَقَامًا مَّحْمُوْدًا ۟
আৰু ৰাতিৰ কিছু অংশত (কোৰআনৰ দ্বাৰা) তাহাজ্জুদ আদায় কৰা, এইটো হৈছে তোমাৰ বাবে এটা অতিৰিক্ত কৰ্তব্য। আশা কৰা যায় তোমাৰ প্ৰতিপালকে তোমাক প্ৰতিষ্ঠিত কৰিব প্ৰশংসিত স্থানত।
عربی تفاسیر:
وَقُلْ رَّبِّ اَدْخِلْنِیْ مُدْخَلَ صِدْقٍ وَّاَخْرِجْنِیْ مُخْرَجَ صِدْقٍ وَّاجْعَلْ لِّیْ مِنْ لَّدُنْكَ سُلْطٰنًا نَّصِیْرًا ۟
আৰু কোৱা, ‘হে মোৰ প্ৰতিপালক! তুমি মোক সত্যতাৰ সৈতে প্ৰৱেশ কৰোৱা আৰু মোক বাহিৰ কৰা সত্যতাৰ সৈতে আৰু তোমাৰ ফালৰ পৰা মোক দান কৰা সাহায্যকাৰী শক্তি’।
عربی تفاسیر:
وَقُلْ جَآءَ الْحَقُّ وَزَهَقَ الْبَاطِلُ ؕ— اِنَّ الْبَاطِلَ كَانَ زَهُوْقًا ۟
আৰু কোৱা, ‘সত্য আহি পাইছে আৰু বাতিল (অসত্য) বিলুপ্ত হৈছে; নিশ্চয় বাতিল বিলুপ্ত হ’বলগীয়াই আছিল’।
عربی تفاسیر:
وَنُنَزِّلُ مِنَ الْقُرْاٰنِ مَا هُوَ شِفَآءٌ وَّرَحْمَةٌ لِّلْمُؤْمِنِیْنَ ۙ— وَلَا یَزِیْدُ الظّٰلِمِیْنَ اِلَّا خَسَارًا ۟
আৰু আমি কোৰআন অৱতীৰ্ণ কৰোঁ, যিখন মুমিনসকলৰ বাবে আৰোগ্য আৰু ৰহমত, কিন্তু ই যালিমসকলৰ ক্ষতিহে বৃদ্ধি কৰে।
عربی تفاسیر:
وَاِذَاۤ اَنْعَمْنَا عَلَی الْاِنْسَانِ اَعْرَضَ وَنَاٰ بِجَانِبِهٖ ۚ— وَاِذَا مَسَّهُ الشَّرُّ كَانَ یَـُٔوْسًا ۟
আৰু যেতিয়া আমি মানুহৰ প্ৰতি অনুগ্ৰহ কৰোঁ তেতিয়া সি মুখ ঘূৰাই লয় আৰু আঁতৰ হৈ যায়। কিন্তু যেতিয়া তাক অনিষ্টই স্পৰ্শ কৰে তেতিয়া সি একেবাৰে হতাশ হৈ পৰে।
عربی تفاسیر:
قُلْ كُلٌّ یَّعْمَلُ عَلٰی شَاكِلَتِهٖ ؕ— فَرَبُّكُمْ اَعْلَمُ بِمَنْ هُوَ اَهْدٰی سَبِیْلًا ۟۠
কোৱা, ‘প্ৰত্যেকেই নিজ নিজ প্ৰকৃতি অনুযায়ী কাম কৰে কিন্তু তোমাৰ প্ৰতিপালকহে অধিক অৱগত যে, কোন সৰ্বাধিক নিৰ্ভুল পথত পৰিচালিত’।
عربی تفاسیر:
وَیَسْـَٔلُوْنَكَ عَنِ الرُّوْحِ ؕ— قُلِ الرُّوْحُ مِنْ اَمْرِ رَبِّیْ وَمَاۤ اُوْتِیْتُمْ مِّنَ الْعِلْمِ اِلَّا قَلِیْلًا ۟
আৰু সিহঁতে তোমাক ৰূহ সম্পৰ্কে প্ৰশ্ন কৰে। কোৱা, ‘ৰূহ হৈছে মোৰ প্ৰতিপালকৰ আদেশ বিশেষ, আৰু তোমালোকক অতি সামান্য জ্ঞানহে দিয়া হৈছে’।
عربی تفاسیر:
وَلَىِٕنْ شِئْنَا لَنَذْهَبَنَّ بِالَّذِیْۤ اَوْحَیْنَاۤ اِلَیْكَ ثُمَّ لَا تَجِدُ لَكَ بِهٖ عَلَیْنَا وَكِیْلًا ۟ۙ
আৰু আমি ইচ্ছা কৰিলে তোমাৰ প্ৰতি যি অহী কৰিছোঁ তাক নিশ্চয় প্ৰত্যাহাৰ কৰিব পাৰিলোঁহেঁতেন; তাৰ পিছত এই বিষয়ে তুমি আমাৰ বিৰুদ্ধে কোনো কৰ্মবিধায়ক নাপালাহেঁতেন।
عربی تفاسیر:
 
معانی کا ترجمہ سورت: اِسراء
سورتوں کی لسٹ صفحہ نمبر
 
قرآن کریم کے معانی کا ترجمہ - آسامی ترجمہ - رفیق الاسلام حبیب الرحمن - ترجمے کی لسٹ

ترجمہ رفیق الاسلام حبیب الرحمن نے کیا ہے۔

بند کریں