Check out the new design

Қуръони Карим маъноларининг таржимаси - Қуръон Каримнинг асомийча мухтасар таржимаси * - Таржималар мундарижаси


Маънолар таржимаси Оят: (28) Сура: Оли Имрон
لَا یَتَّخِذِ الْمُؤْمِنُوْنَ الْكٰفِرِیْنَ اَوْلِیَآءَ مِنْ دُوْنِ الْمُؤْمِنِیْنَ ۚ— وَمَنْ یَّفْعَلْ ذٰلِكَ فَلَیْسَ مِنَ اللّٰهِ فِیْ شَیْءٍ اِلَّاۤ اَنْ تَتَّقُوْا مِنْهُمْ تُقٰىةً ؕ— وَیُحَذِّرُكُمُ اللّٰهُ نَفْسَهٗ ؕ— وَاِلَی اللّٰهِ الْمَصِیْرُ ۟
হে ঈমান্দাৰসকল! তোমালোকে কাফিৰসকলক নিজৰ অন্তৰঙ্গ বন্ধু হিচাপে গ্ৰহণ নকৰিবা আৰু মুমিনসকলক এৰি সিহঁতৰ লগত আন্তৰিকতা নকৰিবা আৰু সিহঁতক সহায় নকৰিবা। আৰু যিয়ে এনেকুৱা কৰিব তাৰ লগত আল্লাহৰ আৰু আল্লাহৰ লগত তাৰ কোনো সম্পৰ্ক নাই। কিন্তু যদি তোমালোক সিহঁতৰ অধীনত থাকা আৰু সিহঁতৰ ফালৰ পৰা যদি প্ৰাণৰ ক্ষতি সাধন হোৱাৰ আশংকা থাকে তেন্তে এনেকুৱা পৰিস্থিতিত সিহঁতৰ অন্যায়ৰ পৰা বাচিবলৈ অন্তৰত বিদ্বেষ ৰাখি কথাত আৰু কৰ্মত কোমলতা প্ৰকাশ কৰিলেও কোনো অসুবিধা নাই। আৰু আল্লাহে তোমালোকক তেওঁৰ ভয় পোষণ কৰিবলৈ কয়, এতেকে তেওঁক ভয় কৰা। গুনাহত লিপ্ত হৈ তেওঁৰ ক্ৰোধৰ চিকাৰ নহ'বা। আৰু সকলো বান্দাই নিজৰ কৰ্মৰ ফলাফল গ্ৰহণ কৰিবলৈ কিয়ামতৰ দিনা তেওঁৰ ওচৰলৈকেই প্ৰত্যাৱৰ্তন কৰিব লাগিব।
Арабча тафсирлар:
Ушбу саҳифадаги оят фойдаларидан:
• أن التوفيق والهداية من الله تعالى، والعلم - وإن كثر وبلغ صاحبه أعلى المراتب - إن لم يصاحبه توفيق الله لم ينتفع به المرء.
পথপ্ৰদৰ্শন আৰু তাওফীক প্ৰদানকাৰী একমাত্ৰ আল্লাহ তাআলা। জ্ঞান যিমানেই অধিক নাথাকক কিয় আৰু সেই জ্ঞানৰ ফলত যিমান ডাঙৰ পদতেই অধিষ্ঠিত নহওঁক কিয়, যদি আল্লাহৰ তাওফীক লগত নাথাকে তেন্তে তাৰ দ্বাৰা উপকৃত হোৱা সম্ভৱ নহয়।

• أن الملك لله تعالى، فهو المعطي المانع، المعز المذل، بيده الخير كله، وإليه يرجع الأمر كله، فلا يُسأل أحد سواه.
ৰাজত্ব আল্লাহ তাআলাৰ। তেৱেঁই প্ৰদানকাৰী, তেৱেঁই প্ৰতিৰোধকাৰী, তেৱেঁই সন্মান দানকাৰী আৰু তেৱেঁই অপমানকাৰী। সকলো ধৰণৰ কল্যাণ তেওঁৰেই হাতত। সকলো ধৰণৰ বিষয় তেওঁৰ পিনেই প্ৰত্যাৱৰ্তন কৰে। তেওঁৰ বাহিৰে আন কাৰো ওচৰত প্ৰাৰ্থনা কৰা সমীচিন নহয়।

• خطورة تولي الكافرين، حيث توعَّد الله فاعله بالبراءة منه وبالحساب يوم القيامة.
কাফিৰসকলৰ লগত বন্ধুত্ব কৰাৰ ভয়াৱহ পৰিণাম। কাৰণ আল্লাহে সতৰ্ক কৰিছে যে, এনেকুৱা বন্ধুত্বকাৰীৰ লগত তেওঁৰ কোনো সম্পৰ্ক নাই লগতে ক্বিয়ামতৰ দিনা সি হিচাপ দিব লাগিব।

 
Маънолар таржимаси Оят: (28) Сура: Оли Имрон
Суралар мундарижаси Бет рақами
 
Қуръони Карим маъноларининг таржимаси - Қуръон Каримнинг асомийча мухтасар таржимаси - Таржималар мундарижаси

Тафсир маркази томонидан нашр этилган.

Ёпиш