Қуръони Карим маъноларининг таржимаси - Қуръон Каримнинг асомийча мухтасар таржимаси * - Таржималар мундарижаси


Маънолар таржимаси Оят: (35) Сура: Сод сураси
قَالَ رَبِّ اغْفِرْ لِیْ وَهَبْ لِیْ مُلْكًا لَّا یَنْۢبَغِیْ لِاَحَدٍ مِّنْ بَعْدِیْ ۚ— اِنَّكَ اَنْتَ الْوَهَّابُ ۟
ছুলাইমান আলাইহিচ্ছালামে ক'লেঃ হে মোৰ প্ৰতিপালক! মোৰ গুনাহসমূহ ক্ষমা কৰি দিয়া। তথা মোক এনেকুৱা ৰাজত্ব প্ৰদান কৰা যিটো কেৱল মোৰ বাবেই নিৰ্দিষ্ট। তেনেকুৱা ৰাজত্ব মোৰ পিছত কোনেও যাতে নাপায়। হে মোৰ প্ৰতিপালক! নিশ্চয় তুমি অত্যন্ত দানশীল তথা মহা দাতা।
Арабча тафсирлар:
Ушбу саҳифадаги оят фойдаларидан:
• الحث على تدبر القرآن.
কোৰআনৰ বাণীকলৈ গৱেষণা কৰাৰ প্ৰেৰণা।

• في الآيات دليل على أنه بحسب سلامة القلب وفطنة الإنسان يحصل له التذكر والانتفاع بالقرآن الكريم.
উক্ত আয়াতবোৰত এই প্ৰমাণ পোৱা গ’ল যে, মানুহৰ অন্তৰ যিমানেই স্বচ্ছ হ’ব আৰু তাৰ বিবেক উজ্জ্বল হ’ব, সি কোৰআনৰ দ্বাৰা সিমানেই উপদেশ গ্ৰহণ কৰিব তথা উপকৃত হ’ব।

• في الآيات دليل على صحة القاعدة المشهورة: «من ترك شيئًا لله عوَّضه الله خيرًا منه».
উক্ত আয়াতবোৰত এটা বিখ্যাত নিয়মৰ শুদ্ধতাৰ প্ৰমাণ পোৱা যায়, সেইটো হৈছে এই যে, “যিয়ে আল্লাহৰ উদ্দেশ্যে কোনো বস্তু পৰিত্যাগ কৰিব, আল্লাহে তাক ইয়াৰ পৰিবৰ্তে ইয়াতকৈও উত্তম বস্তু দান কৰিব”।

 
Маънолар таржимаси Оят: (35) Сура: Сод сураси
Суралар мундарижаси Бет рақами
 
Қуръони Карим маъноларининг таржимаси - Қуръон Каримнинг асомийча мухтасар таржимаси - Таржималар мундарижаси

Қуръон Карим тафсирининг асомийча мухтасар таржимаси, Қуръон тадқиқиотлари тафсир маркази томонидан нашр қилинган

Ёпиш