Қуръони Карим маъноларининг таржимаси - Қуръон Каримнинг асомийча мухтасар таржимаси * - Таржималар мундарижаси


Маънолар таржимаси Оят: (135) Сура: Анъом сураси
قُلْ یٰقَوْمِ اعْمَلُوْا عَلٰی مَكَانَتِكُمْ اِنِّیْ عَامِلٌ ۚ— فَسَوْفَ تَعْلَمُوْنَ ۙ— مَنْ تَكُوْنُ لَهٗ عَاقِبَةُ الدَّارِ ؕ— اِنَّهٗ لَا یُفْلِحُ الظّٰلِمُوْنَ ۟
হে ৰাছুল! কওক যে, হে মোৰ সম্প্ৰদায়ৰ লোকসকল! তোমালোকে নিজৰ অৱস্থাত আৰু কুফৰ তথা পথভ্ৰষ্টতাত অটল থাকা, অৱশ্যে মই স্পষ্টৰূপে বাৰ্তা পৌঁচাই প্ৰমাণ সাব্যস্ত কৰিছো। এতেকে তোমালোকৰ পথভ্ৰষ্টতা তথা কুফুৰীৰ প্ৰতি মই কোনো ভ্ৰুক্ষেপ নকৰো। ময়ো সেই সত্যৰ ওপৰত অটল থাকিম যিটো মোৰ ওচৰত আছে। এতেকে অনতিপলমে তোমালোকে জানিবলৈ পাবা যে পৃথিৱীত কোনে সহায় প্ৰাপ্ত হয় আৰু কোনে পৃথিৱীৰ উত্তৰাধিকাৰী লাভ কৰে আৰু কোনে আখিৰাতত আনন্দ উপভোগ কৰিব। এই কথা নিশ্চিত যে, মুশ্বৰিকসকল পৃথিৱী আৰু আখিৰাতত কেতিয়াও সফলতা লাভ কৰিব নোৱাৰে। বৰং ক্ষতিগ্ৰস্ততা হ'ব সিহঁতৰ পৰিণাম। যদিও পৃথিৱীত সিহঁতে তোমালোকৰ দৰেই অনুগ্ৰহসমূহৰ পৰা উপকৃত হয়।
Арабча тафсирлар:
Ушбу саҳифадаги оят фойдаларидан:
• تفاوت مراتب الخلق في أعمال المعاصي والطاعات يوجب تفاوت مراتبهم في درجات العقاب والثواب.
যিদৰে গুনাহ আৰু নেকীৰ ক্ষেত্ৰত মানুহৰ বেলেগ বেলেগ শ্ৰেণী থাকে, ঠিক সেইদৰে শাস্তি আৰু ছোৱাবৰ ক্ষেত্ৰতো বেলেগ বেলেগ শ্ৰেণী হ'ব।

• اتباع الشيطان موجب لانحراف الفطرة حتى تصل لاستحسان القبيح مثل قتل الأولاد ومساواة أصنامهم بالله سبحانه وتعالى.
চয়তানৰ অনুসৰণৰ ফলত মানুহৰ স্বভাৱ বিকৃত হয়। অৱশেষত বেয়া বস্তুও তাৰ দৃষ্টিত ভাল দেখা পোৱা যায়, যেনে সন্তান হত্যা কৰা আৰু মূৰ্তিবিলাকক আল্লাহৰ সমকক্ষ স্থিৰ কৰা।

 
Маънолар таржимаси Оят: (135) Сура: Анъом сураси
Суралар мундарижаси Бет рақами
 
Қуръони Карим маъноларининг таржимаси - Қуръон Каримнинг асомийча мухтасар таржимаси - Таржималар мундарижаси

Қуръон Карим тафсирининг асомийча мухтасар таржимаси, Қуръон тадқиқиотлари тафсир маркази томонидан нашр қилинган

Ёпиш