Қуръони Карим маъноларининг таржимаси - Қуръон Каримнинг асомийча мухтасар таржимаси * - Таржималар мундарижаси


Маънолар таржимаси Оят: (6) Сура: Анъом сураси
اَلَمْ یَرَوْا كَمْ اَهْلَكْنَا مِنْ قَبْلِهِمْ مِّنْ قَرْنٍ مَّكَّنّٰهُمْ فِی الْاَرْضِ مَا لَمْ نُمَكِّنْ لَّكُمْ وَاَرْسَلْنَا السَّمَآءَ عَلَیْهِمْ مِّدْرَارًا ۪— وَّجَعَلْنَا الْاَنْهٰرَ تَجْرِیْ مِنْ تَحْتِهِمْ فَاَهْلَكْنٰهُمْ بِذُنُوْبِهِمْ وَاَنْشَاْنَا مِنْ بَعْدِهِمْ قَرْنًا اٰخَرِیْنَ ۟
কাফিৰসকলে আল্লাহৰ এই নীতি নাজানে নেকি যে, তেওঁ অত্যাচাৰী জাতিক ধ্বংস কৰে। ইহঁতৰ পূৰ্বে আল্লাহে অসংখ্য জাতিক নাশ কৰিছে, সিহঁতক তেওঁ এনেকুৱা শক্তি তথা পৃথিৱীত প্ৰতিষ্ঠিত হ'বলৈ এনেকুৱা মাধ্যম প্ৰদান কৰিছিল, যিবোৰ এইসকল কাফিৰক দিয়া হোৱা নাই। সিহঁতৰ ওপৰত ধাৰাসাৰ বৰষুণ দিছিল আৰু সিহঁতৰ আবাসস্থলৰ তলেদি নদী প্ৰবাহিত কৰিছিল, তথাপিও সিহঁতে আল্লাহক অৱজ্ঞা কৰিছিল। ফলত আল্লাহে সিহঁতৰ পাপকৰ্মৰ কাৰণে সিহঁতক ধ্বংস কৰিছিল, আৰু সিহঁতৰ পিছত অন্য জাতিক সৃষ্টি কৰিলে।
Арабча тафсирлар:
Ушбу саҳифадаги оят фойдаларидан:
• شدة عناد الكافرين، وبيان إصرارهم على الكفر على الرغم من قيام الحجة عليهم بالأدلة الحسية.
কাফিৰসকলৰ চৰম অবাধ্যতাৰ বৰ্ণনা যে, সিহঁতে অনুভূত দলীল-প্ৰমাণ পোৱাৰ পিছতো কুফৰৰ ওপৰত অটল থাকে।

• التأمل في سنن الله تعالى في السابقين لمعرفة أسباب هلاكهم والحذر منها.
অতীত লোক সকলৰ প্ৰতি আল্লাহৰ নীতি-নিয়মসমূহৰ চৰ্চা কৰা, যাতে সিহঁতৰ ধ্বংসৰ কাৰণসমূহ গম পোৱা যায় লগতে সেইবোৰৰ পৰা বিৰত থাকিব পাৰি।

• من رحمة الله بعباده أن لم ينزل لهم رسولًا من الملائكة لأنهم لا يمهلون للتوبة إذا نزل.
বান্দাৰ প্ৰতি আল্লাহৰ অন্যতম এটা কৃপা হৈছে এই যে, তেওঁ সিহঁতৰ প্ৰতি ফিৰিস্তাক ৰাছুল হিচাপে প্ৰেৰণ কৰা নাই, কাৰণ এনেকুৱা পৰিস্থিতিত সিহঁতে তাওবাৰ অৱকাশ নাপালেহেঁতেন।

 
Маънолар таржимаси Оят: (6) Сура: Анъом сураси
Суралар мундарижаси Бет рақами
 
Қуръони Карим маъноларининг таржимаси - Қуръон Каримнинг асомийча мухтасар таржимаси - Таржималар мундарижаси

Қуръон Карим тафсирининг асомийча мухтасар таржимаси, Қуръон тадқиқиотлари тафсир маркази томонидан нашр қилинган

Ёпиш