《古兰经》译解 - 古兰经简要注释阿萨姆语翻译 * - 译解目录


含义的翻译 段: (47) 章: 优努斯
وَلِكُلِّ اُمَّةٍ رَّسُوْلٌ ۚ— فَاِذَا جَآءَ رَسُوْلُهُمْ قُضِیَ بَیْنَهُمْ بِالْقِسْطِ وَهُمْ لَا یُظْلَمُوْنَ ۟
পূৰ্বৱৰ্তী সম্প্ৰদায়সমূহৰ মাজৰ প্ৰত্যেক সম্প্ৰদায়ৰ ওচৰলৈ একোজনকৈ ৰাছুল প্ৰেৰণ কৰা হৈছিল। এতেকে সেই ৰাছুলে যেতিয়া সেই বাৰ্তা পৌঁচাই দিছিল, যিটো পৌঁচাই দিয়াৰ দায়িত্ব তেওঁক দিয়া হৈছিল, আৰু মানুহে তাক অস্বীকাৰ কৰিছিল, ফলত সিহঁতৰ আৰু ৰাছুলৰ মাজত ন্যায় অনুসাৰে ফয়চালা কৰি দিয়া হৈছিল। ইপিনে আল্লাহে নিজ অনুগ্ৰহত তেওঁৰ ৰাছুলক ৰক্ষা কৰিলে আৰু অস্বীকাৰকাৰীসকলক ন্যায় অনুসাৰে ধ্বংস কৰিলে। সিহঁতৰ কৰ্মৰ প্ৰতিফলত অকণো অন্যায় কৰা নহয়।
阿拉伯语经注:
这业中每段经文的优越:
• الإنسان هو الذي يورد نفسه موارد الهلاك، فالله مُنَزَّه عن الظلم.
মানুহে নিজেই নিজকে বিনাশৰ পথত পৰিচালিত কৰে, অন্যথা আল্লাহে কেতিয়াও কাৰো প্ৰতি অন্যায় নকৰে।

• مهمة الرسول هي التبليغ للمرسل إليهم، والله يتولى حسابهم وعقابهم بحكمته، فقد يعجله في حياة الرسول أو يؤخره بعد وفاته.
ৰাছুলৰ দায়িত্ব হৈছে যিসকলৰ ওচৰলৈ তেওঁক প্ৰেৰণ কৰা হৈছে সিহঁতক বাৰ্তা পৌঁচাই দিয়া। আনহাতে আল্লাহে নিজৰ হিকমত অনুযায়ী সিহঁতৰ হিচাপ লব আৰু প্ৰতিফল দিব। কেতিয়াবা ৰাছুলৰ জীৱনকালত, আকৌ কেতিয়াবা ৰাছুলৰ মৃত্যুৰ পিছত।

• النفع والضر بيد الله عز وجل، فلا أحد من الخلق يملك لنفسه أو لغيره ضرًّا ولا نفعًا.
উপকাৰ আৰু অপকাৰৰ অধিকাৰ সৰ্বশক্তিমান আল্লাহৰ হাতত। কোনো ব্যক্তিয়ে স্বয়ং নিজৰ বাবে লাভ অথবা ক্ষতিৰ অধিকাৰ নাৰাখে।

• لا ينفع الإيمان صاحبه عند معاينة الموت.
মৃত্যু দেখাৰ পিছত ঈমান পোষণ কৰিলে, সেই ঈমানে কোনো উপকাৰ সাধন নকৰে।

 
含义的翻译 段: (47) 章: 优努斯
章节目录 页码
 
《古兰经》译解 - 古兰经简要注释阿萨姆语翻译 - 译解目录

古兰经简要注释阿萨姆语翻译,古兰经研究注释中心发行

关闭