《古兰经》译解 - 古兰经简要注释阿萨姆语翻译

external-link copy
40 : 27

قَالَ الَّذِیْ عِنْدَهٗ عِلْمٌ مِّنَ الْكِتٰبِ اَنَا اٰتِیْكَ بِهٖ قَبْلَ اَنْ یَّرْتَدَّ اِلَیْكَ طَرْفُكَ ؕ— فَلَمَّا رَاٰهُ مُسْتَقِرًّا عِنْدَهٗ قَالَ هٰذَا مِنْ فَضْلِ رَبِّیْ ۫— لِیَبْلُوَنِیْۤ ءَاَشْكُرُ اَمْ اَكْفُرُ ؕ— وَمَنْ شَكَرَ فَاِنَّمَا یَشْكُرُ لِنَفْسِهٖ ۚ— وَمَنْ كَفَرَ فَاِنَّ رَبِّیْ غَنِیٌّ كَرِیْمٌ ۟

ছুলাইমানৰ ওচৰত উপস্থিত এজন জ্ঞানী সদাচাৰী ব্যক্তি, যাৰ ওচৰত আছিল ঐশী গ্ৰন্থৰ জ্ঞান, লগতে আছিল আল্লাহৰ মহান নামসমূহৰ জ্ঞান অৰ্থাৎ ইছমে আজমৰ জ্ঞান, যিবোৰৰ দ্বাৰা দুআ কৰিলে দুআ কবূল হয়, তেওঁ ক’লেঃ মই নিমিষতে তেওঁৰ সিংহাসন আনিব পাৰিম। মই আল্লাহৰ ওচৰত দুআ কৰিম, তেৱেঁই ইয়াত উপস্থিত কৰি দিব। ইয়াৰ পিছত তেওঁ আল্লাহৰ ওচৰত দুআ কৰিলে, আৰু তৎক্ষণাত সেই সিংহাসন আল্লাহে উপস্থিত কৰি দিলে। ছুলাইমান আলাইহিচ্ছালামে যেতিয়া তেওঁৰ সিংহাসন সন্মুখত দেখা পালে তেতিয়া ক’লেঃ এয়া মোৰ প্ৰতিপালকৰ অনুগ্ৰহ। তেওঁ মোক পৰীক্ষা কৰিব বিচাৰিছে, মই তেওঁৰ কৃতজ্ঞ হওঁ নে অকৃতজ্ঞ? যিয়ে তেওঁৰ কৃতজ্ঞতা প্ৰকাশ কৰিব, সেই কৃতজ্ঞতাৰ প্ৰতিফল তেওঁ নিজেই লাভ কৰিব। নিশ্চয় আল্লাহ অমুখাপেক্ষী, বান্দাৰ কৃতজ্ঞতাই তেওঁৰ কোনো মৰ্যাদা বৃদ্ধি নকৰে। আনহাতে যিয়ে আল্লাহৰ নিয়ামতৰ অনাদৰ কৰি অকৃতজ্ঞতা কৰিব, তেন্তে জানি থোৱা! নিশ্চিতভাৱে তেনেকুৱা ব্যক্তিৰ কৃতজ্ঞতাৰ পৰা মোৰ প্ৰতিপালক অমুখাপেক্ষী, তেওঁ অতি মহান। তথা এইটো তেওঁৰ মহান কৃপা যে, তেওঁ অকৃতজ্ঞ ব্যক্তিকো নিয়ামত প্ৰদান কৰে। info
التفاسير:
这业中每段经文的优越:
• عزة الإيمان تحصّن المؤمن من التأثر بحطام الدنيا.
ঈমানৰ শক্তিয়ে মুমিনক পাৰ্থিৱ সামগ্ৰীৰ দ্বাৰা প্ৰভাৱিত হোৱাৰ পৰা ৰক্ষা কৰে। info

• الفرح بالماديات والركون إليها صفة من صفات الكفار.
ধন-সম্পদৰ দ্বাৰা আনন্দিত হোৱা তথা সেই পিনে সম্পূৰ্ণৰূপে মনোনিৱেশ কৰাটো হৈছে কাফিৰসকলৰ স্বভাৱ। info

• يقظة شعور المؤمن تجاه نعم الله.
মুমিন ব্যক্তি আল্লাহৰ নিয়ামতৰ ক্ষেত্ৰত সদায় সচেতন থাকে। info

• اختبار ذكاء الخصم بغية التعامل معه بما يناسبه.
বিৰোধী পক্ষৰ সৈতে উচিত ব্যৱহাৰ কৰিবলৈ তাৰ বুদ্ধিমত্তাৰ পৰীক্ষা লোৱাত বাধা নাই। info

• إبراز التفوق على الخصم للتأثير فيه.
বিৰোধী পক্ষক প্ৰভাৱিত কৰিবলৈ সিহঁতৰ সন্মুখত নিজৰ শ্ৰেষ্ঠতা প্ৰকাশ কৰাত অসুবিধা নাই। info