《古兰经》译解 - 古兰经简要注释阿萨姆语翻译 * - 译解目录


含义的翻译 段: (165) 章: 阿里欧姆拉尼
اَوَلَمَّاۤ اَصَابَتْكُمْ مُّصِیْبَةٌ قَدْ اَصَبْتُمْ مِّثْلَیْهَا ۙ— قُلْتُمْ اَنّٰی هٰذَا ؕ— قُلْ هُوَ مِنْ عِنْدِ اَنْفُسِكُمْ ؕ— اِنَّ اللّٰهَ عَلٰی كُلِّ شَیْءٍ قَدِیْرٌ ۟
(হে মুমিনসকল!) যেতিয়া তোমালোকে উহুদৰ ময়দানত পৰাজয়ৰূপে এটা মুচিবতৰ সন্মুখীন হৈছিলা, আৰু তোমালোকৰ মাজৰ কিছুমান শ্বহীদ হৈছিল, অথচ ইয়াৰ পূৰ্বে বদৰৰ যুদ্ধত তোমালোকে নিজ শত্ৰুসকলক দ্বিগুণ অধিক হত্যা আৰু গ্ৰেপ্তাৰ কৰিছিলা, তথাপিও তোমালোকে কৈছা নেকি যে, এই মুচিবত ক’ৰ পৰা আহিল অথচ আমি ঈমান্দাৰ আৰু আমাৰ মাজত আল্লাহৰ নবীও উপস্থিত? হে নবী কৈ দিয়কঃ তোমালোকৰ ওপৰত এই মুচিবত অহাৰ কাৰণ হৈছে, তোমালোকে বিভেদ কৰিছিলা আৰু ৰাছুলক অৱজ্ঞা কৰিছিলা। নিশ্চয় আল্লাহ প্ৰত্যেক বস্তু ওপৰত ক্ষমতাৱান। তেওঁ যাক ইচ্ছা কৰে সহায় কৰে আৰু যাক ইচ্ছা কৰে অপমাণ কৰে।
阿拉伯语经注:
这业中每段经文的优越:
• النصر الحقيقي من الله تعالى، فهو القوي الذي لا يحارب، والعزيز الذي لا يغالب.
প্ৰকৃত সহায় একমাত্ৰ আল্লাহৰ তৰফৰ পৰা আহে। তেওঁ ইমান শক্তিশালী যে, তেওঁৰ লগত যুদ্ধ কৰা অসম্ভৱ। তেওঁ ইমান প্ৰভুত্বশালী যে, তেওঁক পৰাজয় কৰা অসম্ভৱ।

• لا تستوي في الدنيا حال من اتبع هدى الله وعمل به وحال من أعرض وكذب به، كما لا تستوي منازلهم في الآخرة.
যিয়ে আল্লাহৰ হিদায়তৰ অনুসৰণ কৰিছে আৰু তাৰ ওপৰত আমল কৰিছে, পৃথিৱীত তাৰ অৱস্থা সেই ব্যক্তিৰ দৰে হব নোৱাৰে, যিয়ে হিদায়তৰ পৰা বিমুখ হৈছে আৰু অস্বীকাৰ কৰিছে। এইদৰে আখিৰাততো সিহঁতৰ স্থান সমান হ’ব নোৱাৰে।

• ما ينزل بالعبد من البلاء والمحن هو بسبب ذنوبه، وقد يكون ابتلاء ورفع درجات، والله يعفو ويتجاوز عن كثير منها.
বান্দাৰ প্ৰতি যি আপদ-বিপদ আহে, সেয়া তাৰ গুনাহৰ কাৰণে আহে। কেতিয়াবা কেতিয়াবা সেয়া পৰীক্ষা স্বৰূপেও আহে, ফলত বান্দাৰ মৰ্যদা বৃদ্ধি পায়। আনকি আল্লাহে বহুত গুনাহ ক্ষমা কৰি দিয়ে।

 
含义的翻译 段: (165) 章: 阿里欧姆拉尼
章节目录 页码
 
《古兰经》译解 - 古兰经简要注释阿萨姆语翻译 - 译解目录

古兰经简要注释阿萨姆语翻译,古兰经研究注释中心发行

关闭