《古兰经》译解 - 古兰经简要注释阿萨姆语翻译 * - 译解目录


含义的翻译 段: (159) 章: 艾奈尔姆
اِنَّ الَّذِیْنَ فَرَّقُوْا دِیْنَهُمْ وَكَانُوْا شِیَعًا لَّسْتَ مِنْهُمْ فِیْ شَیْءٍ ؕ— اِنَّمَاۤ اَمْرُهُمْ اِلَی اللّٰهِ ثُمَّ یُنَبِّئُهُمْ بِمَا كَانُوْا یَفْعَلُوْنَ ۟
যিসকল ইয়াহুদী আৰু ঈছায়ীয়ে নিজৰ ধৰ্মক বিভিন্ন ভাগত বিভক্ত কৰিছে, কিছুমানক গ্ৰহণ কৰিছে আৰু কিছুমানক এৰি দিছে তথা বিভিন্ন দলত বিভিক্ত হৈছে। হে ৰাছুল! সিহঁতৰ লগত আপোনাৰ কোনো সম্পৰ্ক নাই। সিহঁতৰ পথভ্ৰষ্টতাৰ পৰা আপুনি সম্পূৰ্ণৰূপে মুক্ত। আপোনাৰ দায়িত্ব হৈছে কেৱল সিহঁতক সতৰ্ক কৰা। সিহঁতৰ সকলো বিষয় আল্লাহৰ দায়িত্বত। তেৱেঁই ক্বিয়ামতৰ দিনা সিহঁতক পৃথিৱীত কৰা কৰ্ম সম্পৰ্কে অৱগত কৰাব আৰু ইয়াৰ প্ৰতিদানো প্ৰদান কৰিব।
阿拉伯语经注:
这业中每段经文的优越:
• أن الدين يأمر بالاجتماع والائتلاف، وينهى عن التفرق والاختلاف.
নিশ্চয় ধৰ্মই মিলাপ্ৰীতি বজায় ৰাখি একেলগে থকাৰ আদেশ দিয়ে, তথা বিভিন্ন দলত বিভক্ত হোৱা আৰু ভেদভাৱৰ পৰা বিৰত ৰাখে।

• من تمام عدله تعالى وإحسانه أنه يجازي بالسيئة مثلها، وبالحسنة عشرة أمثالها، وهذا أقل ما يكون من التضعيف.
এইটো আল্লাহৰ পৰিপূৰ্ণ ন্যায় তথা অনুগ্ৰহৰ প্ৰমাণ যে, তেওঁ বেয়া কৰ্মৰ প্ৰতিদান সেই অনুপাতেই প্ৰদান কৰে, আনহাতে নেকীৰ প্ৰতিদান দহগুণ বৃদ্ধি কৰি দিয়ে। বৰং এইটো তেওঁৰ ফালৰ পৰা প্ৰদান কৰা নিম্নতম প্ৰতিদান, তেওঁ ইয়াতকৈয়ো অধিক প্ৰদান কৰে।

• الدين الحق القَيِّم يتطَلب تسخير كل أعمال العبد واهتماماته لله عز وجل، فله وحده يتوجه العبد بصلاته وعبادته ومناسكه وذبائحه وجميع قرباته وأعماله في حياته وما أوصى به بعد وفاته.
সত্য ধৰ্মই এইটো বিচাৰে যে, বান্দাৰ সকলো কৰ্ম তথা সম্পূৰ্ণ মনোনিৱেশ আল্লাহৰ ওপৰত কেন্দ্ৰিত হওঁক। এতেকে বান্দাই নিজৰ চালাত, ইবাদত, হজ্জত কৰা আমলসমূহ, কুৰবানী, সকলো ধৰণৰ ইবাদত তথা জীৱনৰ সকলো কাম আৰু মৃত্যুৰ পিছৰ অছীয়তত কেৱল আল্লাহৰ সন্তুষ্টি লাভৰ লক্ষ্য ৰখা উচিত।

 
含义的翻译 段: (159) 章: 艾奈尔姆
章节目录 页码
 
《古兰经》译解 - 古兰经简要注释阿萨姆语翻译 - 译解目录

古兰经简要注释阿萨姆语翻译,古兰经研究注释中心发行

关闭