《古兰经》译解 - 古兰经简要注释阿萨姆语翻译

external-link copy
39 : 6

وَالَّذِیْنَ كَذَّبُوْا بِاٰیٰتِنَا صُمٌّ وَّبُكْمٌ فِی الظُّلُمٰتِ ؕ— مَنْ یَّشَاِ اللّٰهُ یُضْلِلْهُ ؕ— وَمَنْ یَّشَاْ یَجْعَلْهُ عَلٰی صِرَاطٍ مُّسْتَقِیْمٍ ۟

যিসকলে আমাৰ নিদৰ্শনসমূহক অস্বীকাৰ কৰিছে, সিহঁত হৈছে কলা ব্যক্তিৰ দৰে, যিসকলে শুনা নাপায়, লগতে বোবা ব্যক্তিৰ দৰে যিসকলে কথা ক'ব নোৱাৰে। লগতে সিহঁত অন্ধকাৰত পৰি আছে, সিহঁতে একোৱে দেখা নাপায়। এতেকে যি এনেকুৱা অৱস্থাত আছে সি হিদায়ত কেনেকৈ পাব? আল্লাহে যাক পথভ্ৰষ্ট কৰিব বিচাৰে তাক পথভ্ৰষ্ট কৰি দিয়ে। আৰু যাক হিদায়ত দিব বিচাৰে তাক পোন পথৰ হিদায়ত প্ৰদান কৰে, যি পথত কোনো বক্ৰতা নাই। info
التفاسير:
这业中每段经文的优越:
• تشبيه الكفار بالموتى؛ لأن الحياة الحقيقية هي حياة القلب بقَبوله الحق واتباعه طريق الهداية.
কাফিৰসকলক মৃত ব্যক্তিৰ লগত তুলনা কৰা হৈছে। কাৰণ বাস্তৱ জীৱন হৈছে হৃদয়ৰ জীৱন, যেতিয়া লৈকে ই সত্য গ্ৰহণ কৰিব আৰু হিদায়তৰ পথ অনুসৰণ কৰিব। info

• من حكمة الله تعالى في الابتلاء: إنزال البلاء على المخالفين من أجل تليين قلوبهم وردِّهم إلى ربهم.
আল্লাহে মানুহক বিপদ-আপদ দিয়াৰ এটা ৰহস্য এই যে, যিসকলে আল্লাহৰ অবাধ্যতা কৰে, আল্লাহে সিহঁতক বিপদত পেলায়, যাতে সিহঁতৰ অন্তৰ কোমল হয় আৰু আল্লাহৰ পিনে প্ৰত্যাৱৰ্তন কৰে। info

• وجود النعم والأموال بأيدي أهل الضلال لا يدل على محبة الله لهم، وإنما هو استدراج وابتلاء لهم ولغيرهم.
পথভ্ৰষ্ট ব্যক্তিৰ হাতত ধন-সম্পত্তি তথা নিয়ামত থকাটো এই কথাৰ প্ৰমাণ বহন নকৰে যে, আল্লাহে সিহঁতক ভাল পায়, বৰং এইটো আল্লাহৰ ফালৰ পৰা সিহঁতৰ বাবে পৰীক্ষা আৰু অৱকাশ। info