Check out the new design

《古兰经》译解 - 古兰经简要注释阿萨姆语翻译 * - 译解目录


含义的翻译 章: 蒜夫   段:
وَاِذْ قَالَ عِیْسَی ابْنُ مَرْیَمَ یٰبَنِیْۤ اِسْرَآءِیْلَ اِنِّیْ رَسُوْلُ اللّٰهِ اِلَیْكُمْ مُّصَدِّقًا لِّمَا بَیْنَ یَدَیَّ مِنَ التَّوْرٰىةِ وَمُبَشِّرًا بِرَسُوْلٍ یَّاْتِیْ مِنْ بَعْدِی اسْمُهٗۤ اَحْمَدُ ؕ— فَلَمَّا جَآءَهُمْ بِالْبَیِّنٰتِ قَالُوْا هٰذَا سِحْرٌ مُّبِیْنٌ ۟
হে ৰাছুল! সেই সময়ক স্মৰণ কৰক, যেতিয়া ঈছা ইবনে মাৰইয়াম আলাইহিছ ছালামে কৈছিল, হে বনী ইছৰাঈল! নিশ্চয় মই আল্লাহৰ ৰাছুল, মোৰ পূৰ্বে অৱতীৰ্ণ হোৱা তাওৰাতক সমৰ্থন কৰিবলৈ মোক তোমালোকৰ ওচৰলৈ প্ৰেৰণ কৰা হৈছে। এতেকে মই কোনো নতুন ৰাছুল নহয়, লগতে এজন ৰাছুলৰ সুসংবাদ দিবলৈ প্ৰেৰণ কৰিছে, যিজন মোৰ পিছত আহিব, তেওঁৰ নাম হ'ব আহমদ। যেতিয়া ঈছা আলাইহিছ ছালামে সিহঁতৰ ওচৰত নিজৰ সমৰ্থনত দলিল প্ৰমাণ দাঙি ধৰিলে, তেতিয়া সিহঁতে ক'লেঃ এয়া দেখোন স্পষ্ট যাদু। গতিকে ইয়াক আমি কেতিয়াও মানি নলওঁ।
阿拉伯语经注:
وَمَنْ اَظْلَمُ مِمَّنِ افْتَرٰی عَلَی اللّٰهِ الْكَذِبَ وَهُوَ یُدْعٰۤی اِلَی الْاِسْلَامِ ؕ— وَاللّٰهُ لَا یَهْدِی الْقَوْمَ الظّٰلِمِیْنَ ۟ۚ
আৰু সেই ব্যক্তিতকৈ ডাঙৰ অত্যাচাৰী আন কোনো হ'ব নোৱাৰে, যিয়ে আল্লাহৰ প্ৰতি মিছা ৰচনা কৰে, তথা তেওঁৰ লগত অংশীদাৰ স্থাপন কৰি তেওঁৰ বাহিৰে সেইবোৰৰ পূজা অৰ্চনা কৰে। অথচ তাক ইছলামৰ ফালে আহ্বান কৰা হৈছে, যিটো নিৰ্ভেজাল সঠিক তাওহীদৰ ধৰ্ম। আৰু আল্লাহে সেইসকল লোকক হিদায়ত আৰু সত্যৰ পথ নেদেখুৱায় যিসকলে শ্বিৰ্ক আৰু পাপ কৰ্মৰ মাধ্যমত নিজৰ ওপৰত অত্যাচাৰ কৰে।
阿拉伯语经注:
یُرِیْدُوْنَ لِیُطْفِـُٔوْا نُوْرَ اللّٰهِ بِاَفْوَاهِهِمْ ؕ— وَاللّٰهُ مُتِمُّ نُوْرِهٖ وَلَوْ كَرِهَ الْكٰفِرُوْنَ ۟
এই অস্বীকাৰকাৰী সকলে আল্লাহৰ জ্যোতিক নিজৰ মিছা কথাৰ সহায়ত আৰু সত্যক বিকৃত কৰি নুমাই দিব বিচাৰে। আৰু সিহঁতে নিবিচৰাৰ পিছতো আল্লাহে নিজৰ ধৰ্মক পৃথিৱীৰ চৌদিশে বিয়পাই তেওঁৰ কলিমাক পূৰ্ণতা প্ৰদান কৰিব।
阿拉伯语经注:
هُوَ الَّذِیْۤ اَرْسَلَ رَسُوْلَهٗ بِالْهُدٰی وَدِیْنِ الْحَقِّ لِیُظْهِرَهٗ عَلَی الدِّیْنِ كُلِّهٖ ۙ— وَلَوْ كَرِهَ الْمُشْرِكُوْنَ ۟۠
আল্লাহ তেৱেঁই যিয়ে তেওঁৰ ৰাছুল মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামক ইছলাম ধৰ্মৰ সৈতে প্ৰেৰণ কৰিছে। যিটো সত্য আৰু কল্যাণৰ পথ প্ৰদৰ্শক তথা উপকাৰী জ্ঞান আৰু সত্কৰ্মৰ ধৰ্ম। যাতে মুশ্বৰিকসকলে নিবিচৰাৰ পিছতো এই ধৰ্মক সকলো ধৰ্মতকৈ উচ্চ কৰি দিয়ে। যিসকলে ইয়াক পৃথিৱীত প্ৰতিষ্ঠিত হোৱাটো পছন্দ নকৰে।
阿拉伯语经注:
یٰۤاَیُّهَا الَّذِیْنَ اٰمَنُوْا هَلْ اَدُلُّكُمْ عَلٰی تِجَارَةٍ تُنْجِیْكُمْ مِّنْ عَذَابٍ اَلِیْمٍ ۟
হে আল্লাহৰ প্ৰতি ঈমান পোষণকাৰী আৰু তেওঁৰ চৰীয়তৰ প্ৰতি আমলকাৰীসকল! মই তোমালোকক এটা লাভদায়ক ব্যৱসায়ৰ পথ দেখুৱাই দিমনে, যিটোৱে তোমালোকক কষ্টদায়ক শাস্তিৰ পৰা ৰক্ষা কৰিব?
阿拉伯语经注:
تُؤْمِنُوْنَ بِاللّٰهِ وَرَسُوْلِهٖ وَتُجَاهِدُوْنَ فِیْ سَبِیْلِ اللّٰهِ بِاَمْوَالِكُمْ وَاَنْفُسِكُمْ ؕ— ذٰلِكُمْ خَیْرٌ لَّكُمْ اِنْ كُنْتُمْ تَعْلَمُوْنَ ۟ۙ
এই লাভদায়ক ব্যৱসায়টো হৈছে এই যে, তোমালোকে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ প্ৰতি ঈমান পোষণ কৰা, আৰু তেওঁৰ পথত নিজৰ ধন খৰচ কৰি আৰু নিজৰ প্ৰাণ আহুতি দি তেওঁৰ সন্তুষ্টি লাভৰ বাবে যুদ্ধ কৰা। এই আমল তোমালোকৰ বাবে উত্তম। যদি তোমালোকে এই বিষয়ে অৱগত তেন্তে ইয়াৰ ফালে সোনকালে অগ্ৰসৰ হোৱা।
阿拉伯语经注:
یَغْفِرْ لَكُمْ ذُنُوْبَكُمْ وَیُدْخِلْكُمْ جَنّٰتٍ تَجْرِیْ مِنْ تَحْتِهَا الْاَنْهٰرُ وَمَسٰكِنَ طَیِّبَةً فِیْ جَنّٰتِ عَدْنٍ ؕ— ذٰلِكَ الْفَوْزُ الْعَظِیْمُ ۟ۙ
আৰু এই ব্যৱসায়ৰ লাভাংশ হৈছে এই যে, আল্লাহে তোমালোকৰ পাপসমূহ ক্ষমা কৰি দিব আৰু তোমালোকক এনেকুৱা জান্নাতত প্ৰৱেশ কৰাব যাৰ অট্টালিকা আৰু বৃক্ষবোৰৰ তলেদি নিজৰা প্ৰৱাহিত হ'ব। আৰু তোমালোকক চিৰস্থায়ী জান্নাতৰ উৎকৃষ্ট ঘৰবোৰত প্ৰৱেশ কৰাব। এই প্ৰতিদানেই সেই ডাঙৰ সফলতা, যাৰ সমান আন কোনো সফলতা হ'ব নোৱাৰে।
阿拉伯语经注:
وَاُخْرٰی تُحِبُّوْنَهَا ؕ— نَصْرٌ مِّنَ اللّٰهِ وَفَتْحٌ قَرِیْبٌ ؕ— وَبَشِّرِ الْمُؤْمِنِیْنَ ۟
এই ব্যৱসায়ৰ আৰু এটা লাভ আছে, যিটোক তোমালোকে ভাল পোৱা আৰু সেইটো পৃথিৱীতেই প্ৰাপ্ত হয়, সেয়া হৈছে আল্লাহে তোমালোকক তোমালোকৰ শত্ৰুৰ বিৰুদ্ধে সহায় কৰিব আৰু তোমালোকে এটা সন্নিকট বিজয় লাভ কৰিবা অৰ্থাৎ মক্কা বিজয়ী হ'বা। এতেকে হে ৰাছুল! আপুনি মুমিনসকলক সুসংবাদ দিয়ক, যিটোৱে তেওঁলোকক আনন্দিত কৰিব অৰ্থাৎ পৃথিৱীত সহায়প্ৰাপ্ত হোৱাৰ আৰু পৰকালত জান্নাত লাভ কৰাৰ সুসংবাদ।
阿拉伯语经注:
یٰۤاَیُّهَا الَّذِیْنَ اٰمَنُوْا كُوْنُوْۤا اَنْصَارَ اللّٰهِ كَمَا قَالَ عِیْسَی ابْنُ مَرْیَمَ لِلْحَوَارِیّٖنَ مَنْ اَنْصَارِیْۤ اِلَی اللّٰهِ ؕ— قَالَ الْحَوَارِیُّوْنَ نَحْنُ اَنْصَارُ اللّٰهِ فَاٰمَنَتْ طَّآىِٕفَةٌ مِّنْ بَنِیْۤ اِسْرَآءِیْلَ وَكَفَرَتْ طَّآىِٕفَةٌ ۚ— فَاَیَّدْنَا الَّذِیْنَ اٰمَنُوْا عَلٰی عَدُوِّهِمْ فَاَصْبَحُوْا ظٰهِرِیْنَ ۟۠
হে আল্লাহৰ প্ৰতি ঈমান পোষণকাৰী আৰু তেওঁৰ চৰীয়তৰ প্ৰতি আমলকাৰীসকল! ৰাছুলে তোমালোকৰ ওচৰলৈ লৈ অহা দ্বীন ইছলামক সহায় কৰি আল্লাহৰ সহায়ক হৈ যোৱা। ঠিক সেইদৰে যিদৰে হাৱাৰীসকলে সহায় কৰিছিল, যেতিয়া ঈছা আলাইহিছ ছালামে তেওঁলোকক কৈছিলঃ আল্লাহৰ দ্বীন প্ৰচাৰৰ ক্ষেত্ৰত মোক কোনে কোনে সহায় কৰিবা? তেতিয়া তেওঁলোকে ক্ষীপ্ৰতাৰে উত্তৰ দিছিল যে, আমি হম আল্লাহৰ সহায়ক। ফলত বনী ইছৰাঈলৰ এটা দলে ঈছা আলাইহিছ ছালামৰ প্ৰতি ঈমান আনিলে আৰু আনটো দলে তেখেতক মানিবলৈ অস্বীকাৰ কৰিলে। এতেকে আমি সেইসকল লোকক কাফিৰসকলৰ বিৰুদ্ধে সমৰ্থন কৰিলো, যিসকলে ঈছা আলাইহিছ ছালামৰ প্ৰতি ঈমান পোষণ কৰিছিল। অৱশেষত তেওঁলোক সিহঁতৰ ওপৰত বিজয় প্ৰাপ্ত হ'ল।
阿拉伯语经注:
这业中每段经文的优越:
• تبشير الرسالات السابقة بنبينا صلى الله عليه وسلم دلالة على صدق نبوته.
বিগত ৰাছুলসকলে নবী চাল্লাল্লাহু আলাইহি অছাল্লাম সম্পৰ্কে সুসংবাদ দিয়াটো তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামৰ বাবে সত্য ৰাছুল হোৱাৰ প্ৰমাণ।

• التمكين للدين سُنَّة إلهية.
দ্বীন প্ৰতিষ্ঠা কৰা আল্লাহৰ নীতি।

• الإيمان والجهاد في سبيل الله من أسباب دخول الجنة.
ঈমান আৰু আল্লাহৰ পথত যুদ্ধ কৰা জান্নাতত প্ৰৱেশ কৰাৰ মাধ্যম।

• قد يعجل الله جزاء المؤمن في الدنيا، وقد يدخره له في الآخرة لكنه لا يُضَيِّعه - سبحانه -.
আল্লাহে কেতিয়াবা কেতিয়াবা মুমিনসকলক পৃথিৱীতেই প্ৰতিদান দিয়ে, আকৌ কেতিয়াবা পৰকালৰ বাবে জমা কৰি ৰাখে। কিন্তু সেয়া বিনষ্ট নকৰে।

 
含义的翻译 章: 蒜夫
章节目录 页码
 
《古兰经》译解 - 古兰经简要注释阿萨姆语翻译 - 译解目录

古兰经注释研究中心发行。

关闭