《古兰经》译解 - 古兰经简要注释阿萨姆语翻译 * - 译解目录


含义的翻译 段: (103) 章: 艾尔拉夫
ثُمَّ بَعَثْنَا مِنْ بَعْدِهِمْ مُّوْسٰی بِاٰیٰتِنَاۤ اِلٰی فِرْعَوْنَ وَمَلَاۡىِٕهٖ فَظَلَمُوْا بِهَا ۚ— فَانْظُرْ كَیْفَ كَانَ عَاقِبَةُ الْمُفْسِدِیْنَ ۟
আমি সেইসকল ৰাছুলৰ পিছত মূছা আলাইহিছ ছালামক আমাৰ স্পষ্ট দলীল-প্ৰমাণ সহকাৰে ফিৰআউন আৰু তাৰ সম্প্ৰদায়ৰ ওচৰত প্ৰেৰণ কৰিছো, যিবোৰ প্ৰমাণে তেওঁক সত্য নবী হিচাপে প্ৰমাণিত কৰে। কিন্তু সিহঁতে সেইবোৰ নিদৰ্শনক অস্বীকাৰ কৰিলে আৰু কুফুৰী কৰিলে। এতেকে হে ৰাছুল! ভাৱি চাওকচোন! ফলত ফিৰআউন আৰু তাৰ সম্প্ৰদায়ৰ কেনেকুৱা পৰিণতি হৈছিল? আল্লাহে সিহঁতক পানীত ডুবাই মাৰিছিল, লগতে পৃথিৱী আৰু আখিৰাতত অভিশপ্ত কৰিছে।
阿拉伯语经注:
这业中每段经文的优越:
• الإيمان والعمل الصالح سبب لإفاضة الخيرات والبركات من السماء والأرض على الأمة.
ঈমান আৰু সৎকৰ্ম হৈছে উম্মতৰ ওপৰত বৰকত আৰু কল্যাণ বৰ্ষণৰ মাধ্যমস্বৰূপ।

• الصلة وثيقة بين سعة الرزق والتقوى، وإنْ أنعم الله على الكافرين فإن هذا استدراج لهم ومكر بهم.
জীৱিকাৰ প্ৰশস্ততা আৰু তাক্বৱাৰ মাজত আছে বৰ ঘনিষ্ঠ সম্পৰ্ক। আনহাতে আল্লাহে যদি কাফিৰসকলক নিয়ামত প্ৰদান কৰিছে, সেয়া হৈছে সিহঁতৰ বাবে অৱকাশ আৰু সিহঁতক গ্ৰেপ্তাৰ কৰাৰ এটা কৌশল।

• على العبد ألا يأمن من عذاب الله المفاجئ الذي قد يأتي في أية ساعة من ليل أو نهار.
বান্দাৰ বাবে আল্লাহৰ আকস্মিক আজাবৰ পৰা নিশ্চিন্ত হোৱা কেতিয়াও উচিত নহয়। সেইটো ৰাতি অথবা দিন যেতিয়া তেতিয়াই আহিব পাৰে।

• يقص القرآن أخبار الأمم السابقة من أجل تثبيت المؤمنين وتحذير الكافرين.
কোৰআনে পূৰ্বৱৰ্তী জাতিসকলৰ কাহিনী, মুমিনসকলৰ অন্তৰ মজবুত কৰিবলৈ আৰু কাফিৰসকলক সাৱধান কৰিবলৈ বৰ্ণনা কৰে।

 
含义的翻译 段: (103) 章: 艾尔拉夫
章节目录 页码
 
《古兰经》译解 - 古兰经简要注释阿萨姆语翻译 - 译解目录

古兰经简要注释阿萨姆语翻译,古兰经研究注释中心发行

关闭