Check out the new design

የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ * - የትርጉሞች ማዉጫ


የይዘት ትርጉም ምዕራፍ: ዩሱፍ   አንቀጽ:
یٰبَنِیَّ اذْهَبُوْا فَتَحَسَّسُوْا مِنْ یُّوْسُفَ وَاَخِیْهِ وَلَا تَایْـَٔسُوْا مِنْ رَّوْحِ اللّٰهِ ؕ— اِنَّهٗ لَا یَایْـَٔسُ مِنْ رَّوْحِ اللّٰهِ اِلَّا الْقَوْمُ الْكٰفِرُوْنَ ۟
পিতৃয়ে সিহঁতক ক'লেঃ হে মোৰ পুত্ৰসকল! যোৱা আৰু ইউছুফ তথা তেওঁৰ ভাতৃৰ সন্ধান কৰাগৈ। আল্লাহে অৱশ্যে তেওঁৰ বান্দাৰ দুখ কষ্ট দূৰ কৰিব, ইয়াৰ পৰা নিৰাশ নহবা। ইয়াৰ পৰা কেৱল কাফিৰ সম্প্ৰদায়হে নিৰাশ হয়। কাৰণ সিহঁতে আল্লাহৰ অসীম ক্ষমতা আৰু গোপন অনুগ্ৰহ সম্পৰ্কে অৱগত নহয়।
የአረብኛ ቁርኣን ማብራሪያ:
فَلَمَّا دَخَلُوْا عَلَیْهِ قَالُوْا یٰۤاَیُّهَا الْعَزِیْزُ مَسَّنَا وَاَهْلَنَا الضُّرُّ وَجِئْنَا بِبِضَاعَةٍ مُّزْجٰىةٍ فَاَوْفِ لَنَا الْكَیْلَ وَتَصَدَّقْ عَلَیْنَا ؕ— اِنَّ اللّٰهَ یَجْزِی الْمُتَصَدِّقِیْنَ ۟
এতেকে সিহঁতে পিতৃ আদেশ পালন কৰিলে আৰু ইউছুফ তথা তেওঁৰ ভাতৃক সন্ধান কৰিবলৈ ওলাই পৰিল। সিহঁত ইউছুফৰ ওচৰত উপস্থিত হৈ ক'লেঃ আমি বিপদত তথা অভাৱত পৰিছো। অলপ মূল্য লৈ আহিছো। কিন্তু আপুনি আমাক পৰিপূৰ্ণ খাদ্য সামগ্ৰী দিয়ক, যিদৰে ইতিপূৰ্বে আমাক প্ৰদান কৰিছিল। আমাৰ প্ৰতি কৃপা কৰক, অলপ বেছিকৈ প্ৰদান কৰি অথবা আমাৰ মূল্যক আওকাণ কৰি। নিশ্চয় আল্লাহে দানকাৰীক উত্তম প্ৰতিদান দিয়ে।
የአረብኛ ቁርኣን ማብራሪያ:
قَالَ هَلْ عَلِمْتُمْ مَّا فَعَلْتُمْ بِیُوْسُفَ وَاَخِیْهِ اِذْ اَنْتُمْ جٰهِلُوْنَ ۟
সিহঁতৰ কথা শুনি ইউছুফৰ অন্তৰ কোমল হ'ল আৰু সিহঁতৰ প্ৰতি পুতৌ জন্মিল। আৰু নিজৰ পৰিচয় দিলে। আৰু সিহঁতক ক'লেঃ তোমালোকৰ মনত আছেনে, তোমালোকে ইউছুফ আৰু তেওঁৰ সহোদৰৰ লগত কি কি কৰিছিলা, অথচ তোমালোক সেইবোৰ কৰ্মৰ পৰিণাম সম্পৰ্কে অৱগত নাছিলা?
የአረብኛ ቁርኣን ማብራሪያ:
قَالُوْۤا ءَاِنَّكَ لَاَنْتَ یُوْسُفُ ؕ— قَالَ اَنَا یُوْسُفُ وَهٰذَاۤ اَخِیْ ؗ— قَدْ مَنَّ اللّٰهُ عَلَیْنَا ؕ— اِنَّهٗ مَنْ یَّتَّقِ وَیَصْبِرْ فَاِنَّ اللّٰهَ لَا یُضِیْعُ اَجْرَ الْمُحْسِنِیْنَ ۟
এই শুনি সিহঁত আচৰিত হ'ল, আৰু ক'লেঃ আপুনিয়ে ইউছুফ নেকি, তেতিয়া ইউছুফে সিহঁতক ক'লেঃ হয়, ময়েই ইউছুফ আৰু মোৰ লগত থকা এওঁ হৈছে মোৰ সহোদৰ ভাতৃ। আল্লাহে আমাৰ প্ৰতি অনুগ্ৰহ কৰিছে আৰু তোমালোকৰ উৎপিড়নৰ পৰা ৰক্ষা কৰি আমাক সন্মানৰ পাত্ৰ বনাইছে। নিশ্চয় যিয়ে আল্লাহৰ আদেশ পালন কৰি আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকি তেওঁৰ তাক্বৱা অৱলম্বন কৰে, লগতে বিপদত ধৈৰ্য ধাৰণ কৰে তেন্তে তাৰ এই কৰ্ম সদাচাৰ বুলি পৰিগণিত হ'ব, নিশ্চয় আল্লাহ সদাচাৰীসকলৰ প্ৰতিদান ব্যৰ্থ নকৰে। বৰং তেওঁলোকৰ বাবে সুৰক্ষিত কৰি ৰাখে।
የአረብኛ ቁርኣን ማብራሪያ:
قَالُوْا تَاللّٰهِ لَقَدْ اٰثَرَكَ اللّٰهُ عَلَیْنَا وَاِنْ كُنَّا لَخٰطِـِٕیْنَ ۟
তেওঁৰ ভাতৃসকলে নিজৰ কৃতকৰ্মৰ বাবে ক্ষমা বিচাৰি ক'লেঃ আল্লাহৰ শপত! নিশ্চয় আল্লাহে আপোনাক পূৰ্ণ বৈশিষ্ট্য প্ৰদান কৰি আমাৰ ওপৰত প্ৰাধান্য দান কৰিছে, আমি আপোনাৰ সৈতে যি ব্যৱহাৰ কৰিছো, সেই ক্ষেত্ৰত আমি আছিলো অন্যায়কাৰী।
የአረብኛ ቁርኣን ማብራሪያ:
قَالَ لَا تَثْرِیْبَ عَلَیْكُمُ الْیَوْمَ ؕ— یَغْفِرُ اللّٰهُ لَكُمْ ؗ— وَهُوَ اَرْحَمُ الرّٰحِمِیْنَ ۟
ইউছুফ আলাইহিছ ছালামে সিহঁতৰ ক্ষমা স্বীকাৰ কৰিলে আৰু ক'লেঃ আজি তোমালোকক কোনো দণ্ডনীয় ভৰ্ৎসনাও কৰা নহ'ব আৰু তোমালোকক কোনো গৰিহণাও দিয়া নহ'ব। মই আল্লাহৰ ওচৰত প্ৰাৰ্থনা কৰোঁ, তেওঁ যেন তোমালোকক ক্ষমা কৰি দিয়ে। তেৱেঁই পৱিত্ৰ আল্লাহ, মহা দয়াৱান।
የአረብኛ ቁርኣን ማብራሪያ:
اِذْهَبُوْا بِقَمِیْصِیْ هٰذَا فَاَلْقُوْهُ عَلٰی وَجْهِ اَبِیْ یَاْتِ بَصِیْرًا ۚ— وَاْتُوْنِیْ بِاَهْلِكُمْ اَجْمَعِیْنَ ۟۠
এতেকে তেওঁ যেতিয়া গম পালে যে, তেওঁৰ পিতৃৰ দৃষ্টিশক্তি হ্ৰাস পাইছে, তেতিয়া তেওঁলোকক নিজৰ কামিচ প্ৰদান কৰি ক'লেঃ মোৰ এই কামিচটো লৈ যোৱা আৰু মোৰ পিতৃৰ মুখমণ্ডলত জাপি দিবা, দেখিবা তেখেতৰ দৃষ্টিশক্তি উভতি আহিছে। তাৰ পিছত পৰিয়ালৰ সকলোকে মোৰ ওচৰলৈ লৈ আনিবা।
የአረብኛ ቁርኣን ማብራሪያ:
وَلَمَّا فَصَلَتِ الْعِیْرُ قَالَ اَبُوْهُمْ اِنِّیْ لَاَجِدُ رِیْحَ یُوْسُفَ لَوْلَاۤ اَنْ تُفَنِّدُوْنِ ۟
যাত্ৰীদল যেতিয়া মিচৰৰ পৰা ৰাওনা হ'ল আৰু তাৰ পৰা ওলাই আহিল, তেতিয়া ইয়াকূব আলাইহিছ ছালামে তেওঁৰ পুত্ৰসকলক আৰু তেওঁৰ ওচৰত থকা লোকসকলক ক'লেঃ যদি তোমালোকে মোক মতিভ্ৰম হোৱা বুলি সন্দেহ নকৰা তথা বৃদ্ধ বয়সত মগজুৰ বিকৃতি হোৱা বুলি নভৱা তেন্তে শুনা! মই ইউছুফৰ সুগন্ধি পাই আছো।
የአረብኛ ቁርኣን ማብራሪያ:
قَالُوْا تَاللّٰهِ اِنَّكَ لَفِیْ ضَلٰلِكَ الْقَدِیْمِ ۟
তেওঁৰ ওচৰত উপস্থিত থকা পুত্ৰসকলে ক'লেঃ আল্লাহৰ শপত! আপুনি ইউছুফৰ প্ৰেম আৰু তাক দেখা পোৱাৰ হেঁপাহত সেই পুৰণি ভ্ৰমতে লিপ্ত হৈ আছে।
የአረብኛ ቁርኣን ማብራሪያ:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• عظم معرفة يعقوب عليه السلام بالله حيث لم يتغير حسن ظنه رغم توالي المصائب ومرور السنين.
আল্লাহ সম্পৰ্কে ইয়াকূব আলাইহিছ ছালামৰ জ্ঞানৰ গভীৰতা। সেই কাৰণেই ধাৰাবাহিক বিপদৰ সন্মুখীন হোৱাৰ পিছতো লগতে কেইবাটাও বছৰ পাৰ হোৱাৰ পিছতো আল্লাহ সম্পৰ্কে তেওঁৰ ধাৰণা উত্তম আছিল।

• من خلق المعتذر الصادق أن يطلب التوبة من الله، ويعترف على نفسه ويطلب الصفح ممن تضرر منه.
সততাৰ সৈতে গুনাহ স্বীকাৰ কৰা ব্যক্তিয়ে আল্লাহৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰে। নিজৰ ভুল নিজে স্বীকাৰ কৰে আৰু তাৰ দ্বাৰা ক্ষতিগ্ৰস্ত ব্যক্তিৰ ওচৰত ক্ষমাৰ দাবী জনায়।

• بالتقوى والصبر تنال أعظم الدرجات في الدنيا وفي الآخرة.
তাক্বৱা আৰু ধৈৰ্যৰ জৰিয়তে পৃথিৱী আৰু আখিৰাতত ডাঙৰ ফলাফল লাভ কৰা সম্ভৱ।

• قبول اعتذار المسيء وترك الانتقام، خاصة عند التمكن منه، وترك تأنيبه على ما سلف منه.
অপৰাধীৰ ক্ষমা আবেদন কবূল কৰা আৰু প্ৰতিশোধ ত্যাগ কৰা, বিশেষকৈ ক্ষমতা হাতত থকা অৱস্থাত। লগতে তাৰ কৃতকৰ্মক কেন্দ্ৰ কৰি তাক গৰিহণা দিয়াৰ পৰাও বিৰত থকা।

 
የይዘት ትርጉም ምዕራፍ: ዩሱፍ
የምዕራፎች ማውጫ የገፅ ቁጥር
 
የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ - የትርጉሞች ማዉጫ

ከቁርአን ተፍሲር ጥናት ማዕከል የተገኘ

መዝጋት