የተከበረው ቁርአን መልዕክተ ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ

external-link copy
11 : 12

قَالُوْا یٰۤاَبَانَا مَا لَكَ لَا تَاْمَنَّا عَلٰی یُوْسُفَ وَاِنَّا لَهٗ لَنٰصِحُوْنَ ۟

যেতিয়া সিহঁত সকলোৱে তেওঁক গায়েব কৰাৰ কথাত একমত হ'ল, তেতিয়া সিহঁতৰ পিতৃ ইয়াকূবৰ ওচৰত সিহঁতে আহি ক'লেঃ হে আমাৰ শ্ৰদ্ধাৰ পিতৃ! আপুনি ইউছুফ সম্পৰ্কে আমাৰ ওপৰত ভৰসা নকৰে কিয়? অথচ আমি তাৰ প্ৰতি স্নেহশীল আৰু তাক সকলো কষ্টৰ পৰা ৰক্ষা কৰো, আমি ইউছুফৰ শুভাকাংক্ষী, আমি তাক ৰক্ষা কৰিম আৰু চোৱাচিতা কৰিম তথা আপোনাৰ ওচৰলৈ সুৰক্ষিত অৱস্থাত ওভোতাই আনিম। তেনে ক্ষেত্ৰত আমাৰ লগত তাক পঠোৱাত আপোনাক কিহে বিৰত ৰাখিছে? info
التفاسير: |
በዚህ ገፅ ያሉት አንቀፆች ከሚያስተላልፉት ጠቃሚ መልዕክት መካከል:
• ثبوت الرؤيا شرعًا، وجواز تعبيرها.
চৰীয়তি দৃষ্টি সপোনৰ বাস্তৱিকতা, আৰু ইয়াৰ অৰ্থ বৰ্ণনা কৰাৰ বৈধতা। info

• مشروعية كتمان بعض الحقائق إن ترتب على إظهارها شيءٌ من الأذى.
কিছুমান সত্যতা গোপন কৰাৰ বৈধতা, যদি সেই সত্যতা প্ৰকাশ কৰিলে কোনো অপ্ৰিয় ঘটনা হোৱাৰ আশংকা হয়। info

• بيان فضل ذرية آل إبراهيم واصطفائهم على الناس بالنبوة.
ইব্ৰাহীম আলাইহিছ ছালামৰ সন্তানৰ শ্ৰেষ্ঠতাৰ বৰ্ণনা, লোকসকলৰ মাজৰ পৰা তেওঁলোকক নুবুওৱতৰ বাবে নিৰ্বাচিত কৰা হৈছে। info

• الميل إلى أحد الأبناء بالحب يورث العداوة والحسد بين الإِخوة.
নিৰ্দিষ্ট কোনো এজন সন্তানক বেছি মৰম কৰিলে, ই ভাতৃসকলৰ মাজত হিংসা, বিদ্বেষ আৰু শত্ৰুতাৰ কাৰণ হয়। info