Check out the new design

የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ * - የትርጉሞች ማዉጫ


የይዘት ትርጉም አንቀጽ: (96) ምዕራፍ: አል ኢስራዕ
قُلْ كَفٰی بِاللّٰهِ شَهِیْدًا بَیْنِیْ وَبَیْنَكُمْ ؕ— اِنَّهٗ كَانَ بِعِبَادِهٖ خَبِیْرًا بَصِیْرًا ۟
হে ৰাছুল! আপুনি কৈ দিয়ক, মোৰ আৰু তোমালোকৰ মাজত সাক্ষী হিচাপে আল্লাহেই যথেষ্ট যে, মই তোমালোকৰ প্ৰতি প্ৰেৰিত এজন ৰাছুল। নিশ্চয় মই তোমালোকক সেই বাৰ্তা পৌঁচাই দিছো যিটো পৌঁচাই দিয়াৰ দায়িত্ব মোক দিয়া হৈছে। নিশ্চয় তেওঁ নিজ বান্দাসকলৰ সকলো অৱস্থা পৰিবেষ্টন কৰি আছে। তেওঁৰ পৰা কোনো বিষয়েই গোপন নহয়। তেওঁ অন্তৰৰ প্ৰত্যেক গোপন বিষয় সম্পৰ্কে অৱগত।
የአረብኛ ቁርኣን ማብራሪያ:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• بيَّن الله للناس في القرآن من كل ما يُعْتَبر به من المواعظ والعبر والأوامر والنواهي والقصص؛ رجاء أن يؤمنوا.
আল্লাহে কোৰআনত মানুহৰ বাবে সকলো প্ৰকাৰৰ উপদেশ, শিক্ষাপ্ৰদ কথা, আদেশ-নিষেধ আৰু বাস্তৱ কাহিনী আদি বৰ্ণনা কৰিছে। যাতে মানুহে ঈমান পোষণ কৰে।

• القرآن كلام الله وآية النبي الخالدة، ولن يقدر أحد على المجيء بمثله.
কোৰআন হৈছে আল্লাহৰ বাণী আৰু নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ চিৰস্থায়ী নিদৰ্শন। কোনেও ইয়াৰ অনুৰূপ দ্বিতীয়খন আনিবলৈ সক্ষম নহয়।

• من رحمة الله بعباده أن أرسل إليهم بشرًا منهم، فإنهم لا يطيقون التلقي من الملائكة.
এয়া বান্দাৰ প্ৰতি আল্লাহৰ ৰহমত যে, তেওঁ সিহঁতৰ প্ৰতি এজন মানুহকেই ৰাছুল হিচাপে প্ৰেৰণ কৰিছে। কিয়নো সিহঁতে প্ৰত্যক্ষভাৱে ফিৰিস্তাসকলৰ পৰা একো শিকিব নোৱাৰিব।

• من شهادة الله لرسوله ما أيده به من الآيات، ونَصْرُه على من عاداه وناوأه.
ৰাছুলৰ সত্যতাৰ বাবে সেইসমূহ নিদৰ্শনো আল্লাহৰ সাক্ষ্য প্ৰদানৰ অন্তৰ্ভুক্ত যিবোৰৰ দ্বাৰা তেওঁ নবীক সমৰ্থন কৰিছে। ঠিক সেইদৰে তেওঁৰ শত্ৰুসকলৰ বিৰুদ্ধে তেওঁক সহায় কৰাও এই সাক্ষ্যৰ অন্তৰ্ভুক্ত।

 
የይዘት ትርጉም አንቀጽ: (96) ምዕራፍ: አል ኢስራዕ
የምዕራፎች ማውጫ የገፅ ቁጥር
 
የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ - የትርጉሞች ማዉጫ

ከቁርአን ተፍሲር ጥናት ማዕከል የተገኘ

መዝጋት