Check out the new design

የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ * - የትርጉሞች ማዉጫ


የይዘት ትርጉም አንቀጽ: (114) ምዕራፍ: አል-በቀራህ
وَمَنْ اَظْلَمُ مِمَّنْ مَّنَعَ مَسٰجِدَ اللّٰهِ اَنْ یُّذْكَرَ فِیْهَا اسْمُهٗ وَسَعٰی فِیْ خَرَابِهَا ؕ— اُولٰٓىِٕكَ مَا كَانَ لَهُمْ اَنْ یَّدْخُلُوْهَاۤ اِلَّا خَآىِٕفِیْنَ ؕ۬— لَهُمْ فِی الدُّنْیَا خِزْیٌ وَّلَهُمْ فِی الْاٰخِرَةِ عَذَابٌ عَظِیْمٌ ۟
সেই ব্যক্তিতকৈ ডাঙৰ অন্যায়কাৰী আৰু কোন হব পাৰে যিয়ে আল্লাহৰ মছজিদত আল্লাহৰ নাম স্মৰণ কৰিবলৈ বাধা প্ৰদান কৰে। এতেকে সেই বাধা নামাজ, যিকিৰ-আজকাৰ আৰু কোৰআন তিলাৱতৰ পৰা নিষেধ কৰাৰ মাধ্যমত হওঁক অথবা মছজিদ বিনষ্ট কৰাৰ মাধ্যমত নাইবা তাৰ ভিতৰত ইবাদত কৰিবলৈ বাধা প্ৰদান কৰি বিধ্বস্ত কৰাৰ মাধ্যমতে হওঁক। মছজিদ বিনষ্ট কৰা এই সকল লোক মছজিদত প্ৰৱেশ কৰাৰ উপযুক্ত নহয়। যদিও মছজিদত প্ৰৱেশ কৰে তেন্তে সিহঁতৰ কুফৰ আৰু আল্লাহৰ মছজিদৰ পৰা মানুহক বাধা প্ৰদান কৰাৰ কাৰণে সিহঁতে ভয় কৰা উচিত আৰু সিহঁতৰ অন্তৰ কপি উঠা উচিত। পাৰ্থিৱ জীৱনত সিহঁতৰ বাবে মুমিনসকলৰ হাতত আছে লাঞ্ছনা আৰু আখিৰাতত আছে মহা শাস্তি। কিয়নো সিহঁতে মানুহক আল্লাহৰ মছজিদৰ পৰা বিৰত ৰাখিছিল আৰু বাধা প্ৰদান কৰিছিল।
የአረብኛ ቁርኣን ማብራሪያ:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• الكفر ملة واحدة وإن اختلفت أجناس أهله وأماكنهم، فهم يتشابهون في كفرهم وقولهم على الله بغير علم.
কুফৰৰ এটাই ধৰ্ম। ইয়াৰ অনুসাৰীসকলৰ কেৱল দল আৰু স্থান বেলেগ বেলেগ। কিন্তু কুফৰৰ ক্ষেত্ৰত আৰু আল্লাহৰ প্ৰতি জ্ঞান নোহোৱাকৈ কথা কোৱাৰ ক্ষেত্ৰত সিহঁত সমান।

• أعظم الناس جُرْمًا وأشدهم إثمًا من يصد عن سبيل الله، ويمنع من أراد فعل الخير.
আটাইতকৈ ডাঙৰ অপৰাধী আৰু পাপিষ্ঠ সেইজন ব্যক্তি যিয়ে মানুহক আল্লাহৰ পথৰ পৰা বিৰত ৰাখে আৰু সত্কৰ্মত বাধা দিয়ে।

• تنزّه الله تعالى عن الصاحبة والولد، فهو سبحانه لا يحتاج لخلقه.
আল্লাহ তাআলা স্ত্ৰী আৰু সন্তানৰ পৰা পৱিত্ৰ। তেওঁৰ পৱিত্ৰ সত্ত্বা সৃষ্টিৰ মুখাপেক্ষী নহয়।

 
የይዘት ትርጉም አንቀጽ: (114) ምዕራፍ: አል-በቀራህ
የምዕራፎች ማውጫ የገፅ ቁጥር
 
የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ - የትርጉሞች ማዉጫ

ከቁርአን ተፍሲር ጥናት ማዕከል የተገኘ

መዝጋት