কুরআনুল কারীমের অর্থসমূহের অনুবাদ - অসমীয়া ভাষায় আল-কুরআনুল কারীমের সংক্ষিপ্ত তাফসীর * - অনুবাদসমূহের সূচী


অর্থসমূহের অনুবাদ আয়াত: (114) সূরা: সূরা আল-বাকারা
وَمَنْ اَظْلَمُ مِمَّنْ مَّنَعَ مَسٰجِدَ اللّٰهِ اَنْ یُّذْكَرَ فِیْهَا اسْمُهٗ وَسَعٰی فِیْ خَرَابِهَا ؕ— اُولٰٓىِٕكَ مَا كَانَ لَهُمْ اَنْ یَّدْخُلُوْهَاۤ اِلَّا خَآىِٕفِیْنَ ؕ۬— لَهُمْ فِی الدُّنْیَا خِزْیٌ وَّلَهُمْ فِی الْاٰخِرَةِ عَذَابٌ عَظِیْمٌ ۟
সেই ব্যক্তিতকৈ ডাঙৰ অন্যায়কাৰী আৰু কোন হব পাৰে যিয়ে আল্লাহৰ মছজিদত আল্লাহৰ নাম স্মৰণ কৰিবলৈ বাধা প্ৰদান কৰে। এতেকে সেই বাধা নামাজ, যিকিৰ-আজকাৰ আৰু কোৰআন তিলাৱতৰ পৰা নিষেধ কৰাৰ মাধ্যমত হওঁক অথবা মছজিদ বিনষ্ট কৰাৰ মাধ্যমত নাইবা তাৰ ভিতৰত ইবাদত কৰিবলৈ বাধা প্ৰদান কৰি বিধ্বস্ত কৰাৰ মাধ্যমতে হওঁক। মছজিদ বিনষ্ট কৰা এই সকল লোক মছজিদত প্ৰৱেশ কৰাৰ উপযুক্ত নহয়। যদিও মছজিদত প্ৰৱেশ কৰে তেন্তে সিহঁতৰ কুফৰ আৰু আল্লাহৰ মছজিদৰ পৰা মানুহক বাধা প্ৰদান কৰাৰ কাৰণে সিহঁতে ভয় কৰা উচিত আৰু সিহঁতৰ অন্তৰ কপি উঠা উচিত। পাৰ্থিৱ জীৱনত সিহঁতৰ বাবে মুমিনসকলৰ হাতত আছে লাঞ্ছনা আৰু আখিৰাতত আছে মহা শাস্তি। কিয়নো সিহঁতে মানুহক আল্লাহৰ মছজিদৰ পৰা বিৰত ৰাখিছিল আৰু বাধা প্ৰদান কৰিছিল।
আরবি তাফসীরসমূহ:
এই পৃষ্ঠার আয়াতগুলোর কতক ফায়দা:
• الكفر ملة واحدة وإن اختلفت أجناس أهله وأماكنهم، فهم يتشابهون في كفرهم وقولهم على الله بغير علم.
কুফৰৰ এটাই ধৰ্ম। ইয়াৰ অনুসাৰীসকলৰ কেৱল দল আৰু স্থান বেলেগ বেলেগ। কিন্তু কুফৰৰ ক্ষেত্ৰত আৰু আল্লাহৰ প্ৰতি জ্ঞান নোহোৱাকৈ কথা কোৱাৰ ক্ষেত্ৰত সিহঁত সমান।

• أعظم الناس جُرْمًا وأشدهم إثمًا من يصد عن سبيل الله، ويمنع من أراد فعل الخير.
আটাইতকৈ ডাঙৰ অপৰাধী আৰু পাপিষ্ঠ সেইজন ব্যক্তি যিয়ে মানুহক আল্লাহৰ পথৰ পৰা বিৰত ৰাখে আৰু সত্কৰ্মত বাধা দিয়ে।

• تنزّه الله تعالى عن الصاحبة والولد، فهو سبحانه لا يحتاج لخلقه.
আল্লাহ তাআলা স্ত্ৰী আৰু সন্তানৰ পৰা পৱিত্ৰ। তেওঁৰ পৱিত্ৰ সত্ত্বা সৃষ্টিৰ মুখাপেক্ষী নহয়।

 
অর্থসমূহের অনুবাদ আয়াত: (114) সূরা: সূরা আল-বাকারা
সূরাসমূহের সূচী পৃষ্ঠার নাম্বার
 
কুরআনুল কারীমের অর্থসমূহের অনুবাদ - অসমীয়া ভাষায় আল-কুরআনুল কারীমের সংক্ষিপ্ত তাফসীর - অনুবাদসমূহের সূচী

অসমীয়া ভাষায় আল-কুরআনুল কারীমের সংক্ষিপ্ত তাফসীর। মারকাযু তাফসীর লিদ-দিরাসাতিল কুরআনিয়্যাহ থেকে প্রকাশিত।

বন্ধ