የተከበረው ቁርአን መልዕክተ ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ

external-link copy
27 : 23

فَاَوْحَیْنَاۤ اِلَیْهِ اَنِ اصْنَعِ الْفُلْكَ بِاَعْیُنِنَا وَوَحْیِنَا فَاِذَا جَآءَ اَمْرُنَا وَفَارَ التَّنُّوْرُ ۙ— فَاسْلُكْ فِیْهَا مِنْ كُلٍّ زَوْجَیْنِ اثْنَیْنِ وَاَهْلَكَ اِلَّا مَنْ سَبَقَ عَلَیْهِ الْقَوْلُ مِنْهُمْ ۚ— وَلَا تُخَاطِبْنِیْ فِی الَّذِیْنَ ظَلَمُوْا ۚ— اِنَّهُمْ مُّغْرَقُوْنَ ۟

আমি নূহ আলাইহিচ্ছালামক সংবাদ প্ৰদান কৰিছিলোঁ যে, আপুনি আমাৰ চকুৰ সন্মুখত আৰু আমি কোৱো পদ্ধতিমতে এখন নাও বনাওক। সিহঁতৰ বিনাশ সম্পৰ্কীয় যেতিয়া আমাৰ আদেশ আহি পৰিব আৰু চৌকাত পানী উথলি উঠিব তেতিয়া প্ৰত্যেক জীৱ-জন্তুৰ মাজৰ পৰা এযোৰ এযোৰকৈ নাঁৱত উঠাই লব, যাতে সেইবোৰৰ বংশ পৃথিৱীত বাকী থাকে। লগতে আপোনাৰ পৰিয়ালকো উঠাই লব, কিন্তু সেইসকল লোকক নাঁৱত নুঠাব যিসকলৰ বিৰুদ্ধে আল্লাহে পূৰ্বেই সিদ্ধান্ত গ্ৰহণ কৰিছে। যেনেঃ আপোনাৰ স্ত্ৰী আৰু আপোনাৰ ল’ৰা। তথা সিহঁতৰ মুক্তি আৰু ৰক্ষাৰ বাবে আপুনি মোৰ ওচৰত প্ৰাৰ্থনা নকৰিব, কিয়নো সিহঁতে কুফৰী কৰি অন্যায় কৰিছে। সিহঁত নিশ্চিতভাৱে পানীত ডুবি ধ্বংস হ'ব। info
التفاسير:
በዚህ ገፅ ያሉት አንቀፆች ከሚያስተላልፉት ጠቃሚ መልዕክት መካከል:
• لطف الله بعباده ظاهر بإنزال المطر وتيسير الانتفاع به.
পানী বৰ্ষণ কৰা আৰু তাৰ দ্বাৰা সহজে উপকৃত হোৱাৰ বিষয়টোৱে প্ৰমাণ কৰে যে, আল্লাহ তেওঁৰ বান্দাসকলৰ প্ৰতি অতি দয়ালু। info

• التنويه بمنزلة شجرة الزيتون.
যাইতুন গছৰ মহত্বৰ বৰ্ণনা। info

• اعتقاد المشركين ألوهية الحجر، وتكذيبهم بنبوة البشر، دليل على سخف عقولهم.
মুশ্বৰিকসকলে শিলক উপাস্যৰূপে গ্ৰহণ কৰা, আৰু নবীসকল যে মানৱ এই কথা অস্বীকাৰ কৰা বিষয়টোৱে হৈছে সিহঁতৰ বিবেকহীন হোৱাৰ অন্যতম প্ৰমাণ। info

• نصر الله لرسله ثابت عندما تكذبهم أممهم.
ৰাছুলসকলক যেতিয়া তেওঁলোকৰ সম্প্ৰদায়ৰ লোকসকলে অস্বীকাৰ কৰে, তেতিয়াই আল্লাহে তেওঁলোকক সহায়ৰ হাত আগবঢ়ায়। info