Check out the new design

የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ * - የትርጉሞች ማዉጫ


የይዘት ትርጉም ምዕራፍ: አል-ሙዕሚኑን   አንቀጽ:

আল-মু'মিনূন

ከመዕራፉ ዓላማዎች:
بيان فلاح المؤمنين وخسران الكافرين.
মুমিনসকলৰ সফলতা আৰু কাফিৰসকলৰ ক্ষতিগ্ৰস্ততাৰ বৰ্ণনা।

قَدْ اَفْلَحَ الْمُؤْمِنُوْنَ ۟ۙ
আল্লাহৰ প্ৰতি ঈমান পোষণকাৰী মুমিনসকল তথা তেওঁৰ চৰীয়তৰ প্ৰতি আমলকাৰী লোকসকল, নিজৰ মনোকামনা পূৰণত আৰু তেওঁলোকে ভয় কৰা বস্তুৰ পৰা মুক্তি লাভ কৰাৰ ক্ষেত্ৰত সফলতা অৰ্জন কৰিছে।
የአረብኛ ቁርኣን ማብራሪያ:
الَّذِیْنَ هُمْ فِیْ صَلَاتِهِمْ خٰشِعُوْنَ ۟ۙ
তেওঁলোকে চালাতত ইমান বিনম্ৰতা অৱলম্বন কৰে যে, চালাত আদায় কৰাৰ সময়ত তেওঁলোকৰ শৰীৰৰ অংগ কোনো ধৰণৰ লৰচৰ নকৰে। লগতে তেওঁলোকৰ অন্তৰ সকলো চিন্তা-ভাৱনাৰ পৰা বিৰত থাকে।
የአረብኛ ቁርኣን ማብራሪያ:
وَالَّذِیْنَ هُمْ عَنِ اللَّغْوِ مُعْرِضُوْنَ ۟ۙ
তেওঁলোকে অসত্য আৰু ব্যৰ্থ তথা সেই সকলো কথা-কৰ্মৰ পৰা বিৰত থাকে যিবোৰ গুনাহৰ কাৰণ হয়।
የአረብኛ ቁርኣን ማብራሪያ:
وَالَّذِیْنَ هُمْ لِلزَّكٰوةِ فٰعِلُوْنَ ۟ۙ
তেওঁলোকে নিজকে সকলো প্ৰকাৰ অপৱিত্ৰতাৰ পৰা পৱিত্ৰ ৰাখে, আৰু যাকাত আদায়ৰ মাধ্যমত নিজৰ সম্পত্তি পৱিত্ৰ কৰি ৰাখে।
የአረብኛ ቁርኣን ማብራሪያ:
وَالَّذِیْنَ هُمْ لِفُرُوْجِهِمْ حٰفِظُوْنَ ۟ۙ
তেওঁলোকে ব্যভিচাৰ, সমকামিতা আৰু সকলো প্ৰকাৰ অশ্লীলতাৰ পৰা নিজকে সুৰক্ষিত ৰাখে, তেওঁলোক সদায় পৰিস্কাৰ-পৰিচ্ছন্ন আৰু পৱিত্ৰ থাকে।
የአረብኛ ቁርኣን ማብራሪያ:
اِلَّا عَلٰۤی اَزْوَاجِهِمْ اَوْ مَا مَلَكَتْ اَیْمَانُهُمْ فَاِنَّهُمْ غَیْرُ مَلُوْمِیْنَ ۟ۚ
কিন্তু সিহঁতৰ পত্নী আৰু অধিকাৰভুক্ত দাসীৰ বাহিৰে। কিয়নো সিহঁতৰ সৈতে মিলনৰ মাধ্যমত উপকৃত হোৱা কোনো নিন্দনীয় বিষয় নহয়।
የአረብኛ ቁርኣን ማብራሪያ:
فَمَنِ ابْتَغٰی وَرَآءَ ذٰلِكَ فَاُولٰٓىِٕكَ هُمُ الْعٰدُوْنَ ۟ۚ
কিন্তু যদি কোনোবাই নিজৰ স্ত্ৰী আৰু দাসীক এৰি আন কোনো পথেৰে উপকৃত হ’ব বিচাৰে, তেন্তে তেনেকুৱা ব্যক্তিয়েই হৈছে আল্লাহে নিৰ্ধাৰণ কৰা সীমা লঙ্ঘনকাৰী। কাৰণ সি আল্লাহে হালাল কৰা যৌন-সম্ভোগৰ পথ এৰি, হাৰাম পথ অৱলম্বন কৰিছে।
የአረብኛ ቁርኣን ማብራሪያ:
وَالَّذِیْنَ هُمْ لِاَمٰنٰتِهِمْ وَعَهْدِهِمْ رٰعُوْنَ ۟ۙ
তথা তেওঁলোকে আল্লাহৰ আমানত আৰু বান্দাৰ আমানত, লগতে তেওঁলোকৰ বচন ৰক্ষা কৰে, কেতিয়াও ভঙ্গ নকৰে; বৰং সদায় পূৰণ কৰাৰ চেষ্টা কৰে।
የአረብኛ ቁርኣን ማብራሪያ:
وَالَّذِیْنَ هُمْ عَلٰی صَلَوٰتِهِمْ یُحَافِظُوْنَ ۟ۘ
তেওঁলোকে চালাতৰ আৰকান, ওৱাজিবাত আৰু মুস্তাহাবসমূহ ৰক্ষা কৰি সদায় যথাসময়ত নিয়মিতভাৱে চালাত আদায় কৰে।
የአረብኛ ቁርኣን ማብራሪያ:
اُولٰٓىِٕكَ هُمُ الْوٰرِثُوْنَ ۟ۙ
উপৰোক্ত বৈশিষ্ট্যসমূহৰ অধিকাৰী ব্যক্তিসকলেই হৈছে ওৱাৰিচ তথা উত্তৰাধিকাৰী।
የአረብኛ ቁርኣን ማብራሪያ:
الَّذِیْنَ یَرِثُوْنَ الْفِرْدَوْسَ ؕ— هُمْ فِیْهَا خٰلِدُوْنَ ۟
তেওঁলোকেই হৈছে আটাইতকৈ উচ্চ জান্নাতৰ উত্তৰাধিকাৰী, য’ত তেওঁলোকে চিৰকাল অৱস্থান কৰিব, তাত তেওঁলোকে যিবোৰ নিয়ামত লাভ কৰিব সেইবোৰ কেতিয়াও শেষ নহ’ব।
የአረብኛ ቁርኣን ማብራሪያ:
وَلَقَدْ خَلَقْنَا الْاِنْسَانَ مِنْ سُلٰلَةٍ مِّنْ طِیْنٍ ۟ۚ
মানুহৰ আদি পিতা আদমক আমি মাটিৰে সৃষ্টি কৰিছিলোঁ; আৰু সেই মাটি পৃথিৱীৰ বোকা মাটিৰ পৰা লোৱা হৈছিল।
የአረብኛ ቁርኣን ማብራሪያ:
ثُمَّ جَعَلْنٰهُ نُطْفَةً فِیْ قَرَارٍ مَّكِیْنٍ ۪۟
ইয়াৰ পিছত তেওঁৰ সন্তানসকলক ধাৰাবাহিকভাৱে বীৰ্যৰ দ্বাৰা সৃষ্টি কৰিছোঁ। যিটো মাকৰ গৰ্ভাশয়ত জন্ম নোহোৱালৈকে অৱস্থান কৰে।
የአረብኛ ቁርኣን ማብራሪያ:
ثُمَّ خَلَقْنَا النُّطْفَةَ عَلَقَةً فَخَلَقْنَا الْعَلَقَةَ مُضْغَةً فَخَلَقْنَا الْمُضْغَةَ عِظٰمًا فَكَسَوْنَا الْعِظٰمَ لَحْمًا ۗ— ثُمَّ اَنْشَاْنٰهُ خَلْقًا اٰخَرَ ؕ— فَتَبٰرَكَ اللّٰهُ اَحْسَنُ الْخٰلِقِیْنَ ۟ؕ
তাৰ পিছত আমি মাকৰ গৰ্ভাশয়ত অৱস্থান কৰা বীৰ্যক ৰঙা ৰক্তপিণ্ডলৈ ৰূপান্তৰিত কৰিছোঁ। ইয়াৰ পিছত সেই ৰক্তপিণ্ডক এটুকুৰা মাংসত ৰূপান্তৰিত কৰিছোঁ। ইয়াৰ পিছত মাংসৰ টুকুৰাৰে মজবুত হাড় সৃষ্টি কৰিছোঁ। ইয়াৰ পিছত সেই হাড়ক মাংস পৰিধান কৰাইছোঁ। তাৰ পিছত ইয়াৰ মাজত ৰূহ প্ৰদান কৰি এটা নতুন সৃষ্টিৰ ৰূপ দিছোঁ। লগতে ইয়াক পাৰ্থিৱ জীৱনৰ বাবে উলিয়াই আনিছোঁ। এতেকে (চোৱা) সৰ্বোত্তম স্ৰষ্টা আল্লাহ তাআলা কিমান বৰকতময়।
የአረብኛ ቁርኣን ማብራሪያ:
ثُمَّ اِنَّكُمْ بَعْدَ ذٰلِكَ لَمَیِّتُوْنَ ۟ؕ
এতেকে শুনা হে মানৱজাতি! এই ধাপসমূহ শেষ হোৱাৰ পিছত, নিৰ্ধাৰিত সময় শেষ হোৱাৰ লগে লগে নিশ্চয় তোমালোকে মৃত্যুবৰণ কৰিবা।
የአረብኛ ቁርኣን ማብራሪያ:
ثُمَّ اِنَّكُمْ یَوْمَ الْقِیٰمَةِ تُبْعَثُوْنَ ۟
মৃত্যুৰ পিছত কিয়ামতৰ দিনা তোমালোকক কবৰৰ পৰা পুনৰুত্থিত কৰা হ’ব। যাতে তোমালোকে কৰা আমলৰ হিচাপ-কিতাপ লব পৰা যায়।
የአረብኛ ቁርኣን ማብራሪያ:
وَلَقَدْ خَلَقْنَا فَوْقَكُمْ سَبْعَ طَرَآىِٕقَ ۖۗ— وَمَا كُنَّا عَنِ الْخَلْقِ غٰفِلِیْنَ ۟
হে মানৱজাতি! নিশ্চয় আমি তোমালোকৰ ওপৰত এটাৰ ওপৰত এটাকৈ সাতখন আকাশ সৃষ্টি কৰিছোঁ। আমি আমাৰ সৃষ্টিৰ পৰা কেতিয়াও অমনোযোগী নহয়, আৰু সিহঁতক পাহৰাও নাই।
የአረብኛ ቁርኣን ማብራሪያ:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• للفلاح أسباب متنوعة يحسن معرفتها والحرص عليها.
সফলতাৰ বিভিন্ন উপায় আছে। মানুহে সেইবোৰ ভালকৈ জনা উচিত আৰু সেইমতে আমল কৰাৰ আগ্ৰহ ৰখা উচিত।

• التدرج في الخلق والشرع سُنَّة إلهية.
পৰ্যায়ক্ৰমে সৃষ্টি কৰা আৰু চৰীয়ত প্ৰণয়ন কৰাটো হৈছে আল্লাহৰ সাধাৰণ নিয়ম।

• إحاطة علم الله بمخلوقاته.
আল্লাহৰ জ্ঞান সকলো সৃষ্টিকে পৰিবেষ্টন কৰি আছে।

 
የይዘት ትርጉም ምዕራፍ: አል-ሙዕሚኑን
የምዕራፎች ማውጫ የገፅ ቁጥር
 
የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ - የትርጉሞች ማዉጫ

ከቁርአን ተፍሲር ጥናት ማዕከል የተገኘ

መዝጋት