Check out the new design

የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ * - የትርጉሞች ማዉጫ


የይዘት ትርጉም ምዕራፍ: አል-ሙዕሚኑን   አንቀጽ:
وَالَّذِیْنَ یُؤْتُوْنَ مَاۤ اٰتَوْا وَّقُلُوْبُهُمْ وَجِلَةٌ اَنَّهُمْ اِلٰی رَبِّهِمْ رٰجِعُوْنَ ۟ۙ
যিসকলে নেক কৰ্ম মনোযোগ সহকাৰে কৰে, লগতে সৎকৰ্মৰ জৰিয়তে আল্লাহৰ নৈকট্য অৱলম্বন কৰিব বিচাৰে। তথা তেওঁলোকে এই ভয়ো পোষণ কৰে যে, আল্লাহে তেওঁলোকৰ দান আৰু সৎকৰ্মক কিয়ামতৰ দিনা কবূল কৰে নে নকৰে, যিদিনা তেওঁলোক তেওঁৰ ওচৰলৈ উভতি যাব।
የአረብኛ ቁርኣን ማብራሪያ:
اُولٰٓىِٕكَ یُسٰرِعُوْنَ فِی الْخَیْرٰتِ وَهُمْ لَهَا سٰبِقُوْنَ ۟
এনেকুৱা মহান বৈশিষ্ট্যৰ অধিকাৰী লোকসকলেই সৎকৰ্ম কৰাৰ ক্ষেত্ৰত পলম নকৰে, তথা এনেকুৱা কৰ্মত সদায় আগভাগ লয়। লগতে এই ক্ষেত্ৰত আন আন লোকসকলক পিচ পেলাই আগুৱাই যায়।
የአረብኛ ቁርኣን ማብራሪያ:
وَلَا نُكَلِّفُ نَفْسًا اِلَّا وُسْعَهَا وَلَدَیْنَا كِتٰبٌ یَّنْطِقُ بِالْحَقِّ وَهُمْ لَا یُظْلَمُوْنَ ۟
আমি প্ৰত্যেক প্ৰাণীৰ ওপৰত সেইখিনিয়ে কৰ্তব্যৰ বোজা অৰ্পন কৰোঁ যিখিনি সি পালন কৰিবলৈ সক্ষম। আমাৰ ওচৰত আছে এখন কিতাব, য’ত আমি প্ৰত্যেক আমলকাৰীৰ আমল লিপিবদ্ধ কৰি থৈছোঁ। সেই কিতাবখনে সত্য কথা কয়, য’ত কোনো সন্দেহ নাই। সিহঁতৰ নেকী হ্ৰাস কৰি অথবা গুনাহ বৃদ্ধি কৰি সিহঁতৰ প্ৰতি কোনো ধৰণৰ অন্যায় কৰা নহ’ব।
የአረብኛ ቁርኣን ማብራሪያ:
بَلْ قُلُوْبُهُمْ فِیْ غَمْرَةٍ مِّنْ هٰذَا وَلَهُمْ اَعْمَالٌ مِّنْ دُوْنِ ذٰلِكَ هُمْ لَهَا عٰمِلُوْنَ ۟
বৰং কাফিৰসকলৰ অন্তৰ এই সত্য কথা কোৱা কিতাবৰ ক্ষেত্ৰত অমনোযোগী হৈ আছে। লগতে সেইখন কিতাবৰ পৰাও অমনোযোগী হৈ আছে যিখন সিহঁতৰ ওপৰত অৱতীৰ্ণ হৈছে। কুফৰীৰ বাহিৰেও সিহঁতে আৰু বহুতো কাম কৰি আছে।
የአረብኛ ቁርኣን ማብራሪያ:
حَتّٰۤی اِذَاۤ اَخَذْنَا مُتْرَفِیْهِمْ بِالْعَذَابِ اِذَا هُمْ یَجْـَٔرُوْنَ ۟ؕ
অৱশেষত কিয়ামতৰ দিনা যেতিয়া আমি সেইসকল লোকক শাস্তি প্ৰদান কৰিম, যিসকলে পৃথিৱীত সুখ-সামগ্ৰীৰ মাজত নিমজ্জিত আছিল, তেতিয়া সিহঁতে চিঞৰি চিঞৰি সহায় প্ৰাৰ্থনা কৰিব।
የአረብኛ ቁርኣን ማብራሪያ:
لَا تَجْـَٔرُوا الْیَوْمَ ۫— اِنَّكُمْ مِّنَّا لَا تُنْصَرُوْنَ ۟
তেতিয়া সিহঁতক আল্লাহৰ ৰহমতৰ পৰা নিৰাশ কৰি কোৱা হ’বঃ আজি চিঞৰি নাথাকিবা, আৰু সহায় প্ৰাৰ্থনাও নকৰিবা। কাৰণ আজি তোমালোকক আল্লাহৰ শাস্তিৰ পৰা ৰক্ষা কৰিবলৈ কোনো সহায়ক নাই।
የአረብኛ ቁርኣን ማብራሪያ:
قَدْ كَانَتْ اٰیٰتِیْ تُتْلٰی عَلَیْكُمْ فَكُنْتُمْ عَلٰۤی اَعْقَابِكُمْ تَنْكِصُوْنَ ۟ۙ
পৃথিৱীত তোমালোকক আল্লাহৰ আয়াতসমূহ শুনোৱা হৈছিল, কিন্তু তোমালোকে সেইবোৰক অপছন্দ কৰি বিমুখ হৈ গুচি গৈছিলা।
የአረብኛ ቁርኣን ማብራሪያ:
مُسْتَكْبِرِیْنَ ۖۚۗ— بِهٖ سٰمِرًا تَهْجُرُوْنَ ۟
তোমালোকে এইবোৰ এই অহংকাৰত কৰিছিলা যে, তোমালোক হৈছা হৰমৰ গৰাকী, প্ৰকৃততে তোমালোক হৰমৰ গৰাকী নাছিলা। হৰমৰ প্ৰকৃত গৰাকী হৈছে সেইসকল লোক যিসকলে আল্লাহক ভয় কৰে। আনহাতে তোমালোকে হৰমৰ আশে-পাশে বেয়া কথা কৈছিলা তথা তাৰ পৱিত্ৰতা আৰু সন্মান হানি কৰিছিলা।
የአረብኛ ቁርኣን ማብራሪያ:
اَفَلَمْ یَدَّبَّرُوا الْقَوْلَ اَمْ جَآءَهُمْ مَّا لَمْ یَاْتِ اٰبَآءَهُمُ الْاَوَّلِیْنَ ۟ؗ
এই মুশ্বৰিকসকলে আল্লাহে অৱতীৰ্ণ কৰা কোৰআন সম্পৰ্কে চিন্তা-চৰ্চা নকৰে নেকি, যাতে ইয়াৰ প্ৰতি ঈমান পোষণ কৰিব পাৰে আৰু তাত থকা বিধান মুতাবিক আমল কৰিব পাৰে? নে সিহঁতৰ ওচৰত এনেকুৱা বস্তু আহি পৰিছে যিটো সিহঁতৰ পুৰ্বপুৰুষসকলৰ ওচৰত অহা নাছিল, সেইকাৰণেই সিহঁতে ইয়াক অস্বীকাৰ কৰি বিমুখ হৈছে নেকি?
የአረብኛ ቁርኣን ማብራሪያ:
اَمْ لَمْ یَعْرِفُوْا رَسُوْلَهُمْ فَهُمْ لَهٗ مُنْكِرُوْنَ ۟ؗ
সিহঁতৰ প্ৰতি আল্লাহে ৰাছুল হিচাপে প্ৰেৰণ কৰা মুহাম্মদক সিহঁতে চিনিয়ে পোৱা নাই নেকি, যাৰ ফলত সিহঁতে তেওঁক অস্বীকাৰ কৰি আছে। প্ৰকৃততে সিহঁতে তেওঁক ভালদৰেই চিনি পায় আৰু তেওঁৰ সততা আৰু আমনতদাৰিতা সম্পৰ্কেও অৱগত।
የአረብኛ ቁርኣን ማብራሪያ:
اَمْ یَقُوْلُوْنَ بِهٖ جِنَّةٌ ؕ— بَلْ جَآءَهُمْ بِالْحَقِّ وَاَكْثَرُهُمْ لِلْحَقِّ كٰرِهُوْنَ ۟
তথাপিও সিহঁতে তেওঁক উন্মাদ বুলি কয়। সিহঁতৰ এই দাবী স্পষ্ট মিছা। বৰং তেওঁ আল্লাহৰ ফালৰ পৰা সিহঁতৰ ওচৰলৈ সত্যৰ বাৰ্তা লৈ আহিছে, যি বাৰ্তাত কোনো ধৰণৰ সন্দেহ নাই। কিন্তু সিহঁতৰ মাজৰ অধিকাংশ লোকে সত্যক অপছন্দ কৰে, ঘৃণা কৰে আৰু হিংসা কৰে, লগতে গোড়ামীত অটল।
የአረብኛ ቁርኣን ማብራሪያ:
وَلَوِ اتَّبَعَ الْحَقُّ اَهْوَآءَهُمْ لَفَسَدَتِ السَّمٰوٰتُ وَالْاَرْضُ وَمَنْ فِیْهِنَّ ؕ— بَلْ اَتَیْنٰهُمْ بِذِكْرِهِمْ فَهُمْ عَنْ ذِكْرِهِمْ مُّعْرِضُوْنَ ۟ؕ
যদি আল্লাহে সিহঁতৰ চাহিদা অনুপাতে সকলো বিষয়ৰ পৰিচালনা কৰে তেন্তে আকাশমণ্ডল আৰু পৃথিৱীৰ ব্যৱস্থাত বিপৰ্যয় সৃষ্টি হ'ব আৰু সিহঁতৰ ওচৰত থকা সকলো বিষয় ওলট-পালট হ'ব। কাৰণ সিহঁত সকলো বিষয়ৰ পৰিণাম আৰু সঠিক অথবা ভুল পৰিচালনা সম্পৰ্কে অৱগত নহয়। বৰং আমি সিহঁতৰ ওচৰলৈ কোৰআন লৈ আহিছোঁ, য'ত আছে সিহঁতৰ বাবে সন্মান আৰু মৰ্যাদা। কিন্তু তথাপিও সিহঁতে বিমুখ হৈ আছে।
የአረብኛ ቁርኣን ማብራሪያ:
اَمْ تَسْـَٔلُهُمْ خَرْجًا فَخَرَاجُ رَبِّكَ خَیْرٌ ۖۗ— وَّهُوَ خَیْرُ الرّٰزِقِیْنَ ۟
হে ৰাছুল! আপুনি যি দ্বীনলৈ সিহঁতৰ ওচৰত আগমন কৰিছে, ইয়াৰ বাবে আপুনি সিহঁতৰ পৰা কোনো পাৰিশ্ৰমিক বিচাৰিছে নেকি? সেইকাৰণেই সিহঁতে আপোনাৰ আহ্বানক নসাৎ কৰে নেকি? এনেকুৱাতো আপুনি কৰা নাই। কাৰণ সিহঁতৰ পাৰিশ্ৰমিকতকৈ আপোনাৰ প্ৰতিপালকৰ ছোৱাব অধিক উত্তম। তেৱেঁই মহাপৱিত্ৰ, উত্তম জীৱিকাদাতা।
የአረብኛ ቁርኣን ማብራሪያ:
وَاِنَّكَ لَتَدْعُوْهُمْ اِلٰی صِرَاطٍ مُّسْتَقِیْمٍ ۟
হে ৰাছুল! নিশ্চয় আপুনি ইহঁতক আৰু ইহঁতৰ লগতে আন আন লোকসকলকো সত্যৰ পথলৈ আহ্বান কৰি আছে, য’ত কোনো ধৰণৰ বক্ৰতা নাই। সেই পথটো হৈছে ইছলাম।
የአረብኛ ቁርኣን ማብራሪያ:
وَاِنَّ الَّذِیْنَ لَا یُؤْمِنُوْنَ بِالْاٰخِرَةِ عَنِ الصِّرَاطِ لَنٰكِبُوْنَ ۟
নিশ্চয় যিসকলে আখিৰাত আৰু ইয়াৰ হিচাপ-নিকাচ তথা শাস্তি আৰু ছোৱাবৰ প্ৰতি ঈমান পোষণ নকৰে, দৰাচলতে সিহঁতেই হৈছে সঠিক ইছলামৰ পৰা ফালৰি কাটি বক্ৰপথ অৱলম্বনকাৰী, যি পথে সিহঁতক জাহান্নামলৈ লৈ যাব।
የአረብኛ ቁርኣን ማብራሪያ:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• خوف المؤمن من عدم قبول عمله الصالح.
মুমিন ব্যক্তিয়ে সদায় নিজৰ সৎকৰ্মকলৈ ভয় পোষণ কৰে, সেয়া কবুল হয় নে নহয়।

• سقوط التكليف بما لا يُسْتطاع رحمة بالعباد.
আল্লাহে বান্দাসকলৰ প্ৰতি কৃপা কৰি সিহঁতৰ প্ৰতি এনেকুৱা কোনো দায়িত্ব দিয়া নাই যিটো সিহঁতৰ সামৰ্থৰ বাহিৰত।

• الترف مانع من موانع الاستقامة وسبب في الهلاك.
সুখ আৰু ধন-সম্পত্তিৰ প্ৰশস্ততা হৈছে সঠিক পথত পৰিচালিত হোৱাত বাধা প্ৰদানৰ এটা কাৰণ, তথা বিনাশৰো অন্যতম কাৰণ।

• قصور عقول البشر عن إدراك كثير من المصالح.
মানুহৰ বিবেক এনেকুৱা বহুতো বিষয়ত ঢুকি নাপায়, যিটো তাৰ নিজৰ বাবেই কল্যাণকৰ।

 
የይዘት ትርጉም ምዕራፍ: አል-ሙዕሚኑን
የምዕራፎች ማውጫ የገፅ ቁጥር
 
የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ - የትርጉሞች ማዉጫ

ከቁርአን ተፍሲር ጥናት ማዕከል የተገኘ

መዝጋት