የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ

external-link copy
71 : 23

وَلَوِ اتَّبَعَ الْحَقُّ اَهْوَآءَهُمْ لَفَسَدَتِ السَّمٰوٰتُ وَالْاَرْضُ وَمَنْ فِیْهِنَّ ؕ— بَلْ اَتَیْنٰهُمْ بِذِكْرِهِمْ فَهُمْ عَنْ ذِكْرِهِمْ مُّعْرِضُوْنَ ۟ؕ

যদি আল্লাহে সিহঁতৰ চাহিদা অনুপাতে সকলো বিষয়ৰ পৰিচালনা কৰে তেন্তে আকাশমণ্ডল আৰু পৃথিৱীৰ ব্যৱস্থাত বিপৰ্যয় সৃষ্টি হ'ব আৰু সিহঁতৰ ওচৰত থকা সকলো বিষয় ওলট-পালট হ'ব। কাৰণ সিহঁত সকলো বিষয়ৰ পৰিণাম আৰু সঠিক অথবা ভুল পৰিচালনা সম্পৰ্কে অৱগত নহয়। বৰং আমি সিহঁতৰ ওচৰলৈ কোৰআন লৈ আহিছোঁ, য'ত আছে সিহঁতৰ বাবে সন্মান আৰু মৰ্যাদা। কিন্তু তথাপিও সিহঁতে বিমুখ হৈ আছে।
info
التفاسير:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• خوف المؤمن من عدم قبول عمله الصالح.
মুমিন ব্যক্তিয়ে সদায় নিজৰ সৎকৰ্মকলৈ ভয় পোষণ কৰে, সেয়া কবুল হয় নে নহয়। info

• سقوط التكليف بما لا يُسْتطاع رحمة بالعباد.
আল্লাহে বান্দাসকলৰ প্ৰতি কৃপা কৰি সিহঁতৰ প্ৰতি এনেকুৱা কোনো দায়িত্ব দিয়া নাই যিটো সিহঁতৰ সামৰ্থৰ বাহিৰত। info

• الترف مانع من موانع الاستقامة وسبب في الهلاك.
সুখ আৰু ধন-সম্পত্তিৰ প্ৰশস্ততা হৈছে সঠিক পথত পৰিচালিত হোৱাত বাধা প্ৰদানৰ এটা কাৰণ, তথা বিনাশৰো অন্যতম কাৰণ। info

• قصور عقول البشر عن إدراك كثير من المصالح.
মানুহৰ বিবেক এনেকুৱা বহুতো বিষয়ত ঢুকি নাপায়, যিটো তাৰ নিজৰ বাবেই কল্যাণকৰ। info