Check out the new design

የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ * - የትርጉሞች ማዉጫ


የይዘት ትርጉም ምዕራፍ: አል-ሙዕሚኑን   አንቀጽ:
اَلَمْ تَكُنْ اٰیٰتِیْ تُتْلٰی عَلَیْكُمْ فَكُنْتُمْ بِهَا تُكَذِّبُوْنَ ۟
সিহঁতক ভৰ্ৎসনা কৰি কোৱা হ'বঃ পৃথিৱীত তোমালোকৰ আগত কোৰআনৰ আয়াতসমূহ তিলাৱত কৰা হোৱা নাছিল নেকি, তোমালোক দেখোন সেইবোৰক অস্বীকাৰ কৰিছিলা?!
የአረብኛ ቁርኣን ማብራሪያ:
قَالُوْا رَبَّنَا غَلَبَتْ عَلَیْنَا شِقْوَتُنَا وَكُنَّا قَوْمًا ضَآلِّیْنَ ۟
সিহঁতে ক'বঃ হে আমাৰ প্ৰতিপালক! আমাৰ দুৰ্ভাগ্যই আমাক পৰাজিত কৰিছিল, যিটো বিষয় তুমি আগৰ পৰাই অৱগত। আৰু আমি আছিলোঁ সত্যৰ পৰা আঁতৰি থকা এটা পথভ্ৰষ্ট সম্প্ৰদায়।
የአረብኛ ቁርኣን ማብራሪያ:
رَبَّنَاۤ اَخْرِجْنَا مِنْهَا فَاِنْ عُدْنَا فَاِنَّا ظٰلِمُوْنَ ۟
হে আমাৰ প্ৰতিপালক! আমাক এই জাহান্নামৰ পৰা মুক্তি দিয়া। ইয়াৰ পিছত পুনৰ যদি আমি কুফৰী আৰু পথভ্ৰষ্টতাত লিপ্ত হওঁ তেন্তে নিশ্চিতভাৱে আমি অন্যায়কাৰী বুলি পৰিগণিত হ'ম। তেতিয়া আমাৰ ওচৰত অজুহাত দাঙি ধৰাৰ কোনো অৱকাশ নাথাকিব।
የአረብኛ ቁርኣን ማብራሪያ:
قَالَ اخْسَـُٔوْا فِیْهَا وَلَا تُكَلِّمُوْنِ ۟
তেতিয়া আল্লাহে ক'বঃ তোমালোকে লাঞ্ছিত অপমানিত হৈ জাহান্নামতেই অৱস্থান কৰা, আৰু মোৰ সৈতে কোনো কথা কোৱাৰ চেষ্টা নকৰিবা।
የአረብኛ ቁርኣን ማብራሪያ:
اِنَّهٗ كَانَ فَرِیْقٌ مِّنْ عِبَادِیْ یَقُوْلُوْنَ رَبَّنَاۤ اٰمَنَّا فَاغْفِرْ لَنَا وَارْحَمْنَا وَاَنْتَ خَیْرُ الرّٰحِمِیْنَ ۟ۚۖ
মোৰ বান্দাসকলৰ মাজৰ কিছুমানে মোৰ প্ৰতি ঈমান পোষণ কৰিছিল আৰু তেওঁলোকে কৈছিলঃ হে আমাৰ প্ৰতিপালক! আমি তোমাৰ প্ৰতি ঈমান পোষণ কৰিছোঁ, গতিকে তুমি আমাৰ গুনাহসমূহ ক্ষমা কৰি দিয়া, আৰু আমাৰ প্ৰতি তুমি দয়া কৰা, নিশ্চয় তুমি অতি দয়ালু।
የአረብኛ ቁርኣን ማብራሪያ:
فَاتَّخَذْتُمُوْهُمْ سِخْرِیًّا حَتّٰۤی اَنْسَوْكُمْ ذِكْرِیْ وَكُنْتُمْ مِّنْهُمْ تَضْحَكُوْنَ ۟
তেতিয়া তোমালোকে সেইসকল মুমিনক উপহাস কৰিছিলা আৰু তেওঁলোকক ঠাট্টা কৰিছিলা, যিসকলে নিজ প্ৰতিপালকৰ প্ৰতি আহ্বান কৰিছিল। আনকি তোমালোকে এই ঠাট্টা-মস্কৰাত লিপ্ত হৈ আল্লাহৰ স্মৰণকো পাহৰি গৈছিলা। দৰাচলতে তোমালোকে উপহাস আৰু বিদ্ৰুপ কৰিবলৈ তেওঁলোকক দেখি হাঁহিছিলা।
የአረብኛ ቁርኣን ማብራሪያ:
اِنِّیْ جَزَیْتُهُمُ الْیَوْمَ بِمَا صَبَرُوْۤا ۙ— اَنَّهُمْ هُمُ الْفَآىِٕزُوْنَ ۟
নিশ্চয় আমি সেইসকল মুমিনক কিয়ামতৰ দিনা প্ৰতিদানস্বৰূপে জান্নাত প্ৰদান কৰিম। কিয়নো তেওঁলোকে আল্লাহৰ আনুগত্যত অটল আছিল আৰু তোমালোকৰ নিৰ্যাতনত ধৈৰ্য্য ধাৰণ কৰিছিল।
የአረብኛ ቁርኣን ማብራሪያ:
قٰلَ كَمْ لَبِثْتُمْ فِی الْاَرْضِ عَدَدَ سِنِیْنَ ۟
আল্লাহে সিহঁতক ক'বঃ তোমালোকে পৃথিৱীত কিমান বছৰ অৱস্থান কৰিছিলা? আৰু কিমান সময় নষ্ট কৰিছিলা?
የአረብኛ ቁርኣን ማብራሪያ:
قَالُوْا لَبِثْنَا یَوْمًا اَوْ بَعْضَ یَوْمٍ فَسْـَٔلِ الْعَآدِّیْنَ ۟
সিহঁতে উত্তৰ দি ক'বঃ আমি তাত এদিন অথবা দিনৰ কিছু অংশহে অতিবাহিত কৰিছিলোঁ। তুমি সিহঁতক সুধি চোৱা, যিসকলে দিন মাহৰ গণনা কৰে।
የአረብኛ ቁርኣን ማብራሪያ:
قٰلَ اِنْ لَّبِثْتُمْ اِلَّا قَلِیْلًا لَّوْ اَنَّكُمْ كُنْتُمْ تَعْلَمُوْنَ ۟
আল্লাহে ক'বঃ সঁচাই তোমালোকে পৃথিৱীত অতি কম সময় অতিবাহিত কৰিছিলা। য'ত অতি সহজেই আল্লাহৰ আনুগত্যত পৰিচালিত হ'ব পাৰিলাহেঁতেন। আফচোচ, তোমালোকে পৃথিৱীৰ এই সংকীৰ্ণ ম্যাদ সম্পৰ্কে আগতেই যদি অৱগত হ’লাহেঁতেন।
የአረብኛ ቁርኣን ማብራሪያ:
اَفَحَسِبْتُمْ اَنَّمَا خَلَقْنٰكُمْ عَبَثًا وَّاَنَّكُمْ اِلَیْنَا لَا تُرْجَعُوْنَ ۟
হে মানৱজাতি! তোমালোকে ভাৱিছা নেকি যে, আমি তোমালোকক কোনো হিকমত নোহোৱাকৈ এনেই খেল-ধেমালিৰ বাবে সৃষ্টি কৰিছোঁ? তোমালোকে চতুষ্পদ জন্তুৰ দৰে নেকি যে, তোমালোকৰ ছোৱাবও নাই আৰু কোনো শাস্তিও নাই? আৰু তোমালোকক কিয়ামতৰ দিনা হিচাপ-নিকাচ আৰু প্ৰতিদানৰ বাবে ওভোতাই অনা নহ’ব নেকি?
የአረብኛ ቁርኣን ማብራሪያ:
فَتَعٰلَی اللّٰهُ الْمَلِكُ الْحَقُّ ۚ— لَاۤ اِلٰهَ اِلَّا هُوَ ۚ— رَبُّ الْعَرْشِ الْكَرِیْمِ ۟
এতেকে আল্লাহ তাআলা হৈছে মহাপৱিত্ৰ, তেৱেঁই হৈছে স্বত্তাধিকাৰী। তেওঁ বান্দাসকলক যিদৰে ইচ্ছা সেইদৰেই প্ৰয়োগ কৰে। তেওঁ সত্য, তেওঁৰ প্ৰতিশ্ৰুতি সত্য, তেওঁৰ কথা সত্য। তেওঁৰ বাহিৰে আন কোনো সত্য উপাস্য নাই। তেওঁ মহাসিংহাসনৰ প্ৰতিপালক, যিখনতকৈ ডাঙৰ কোনো মখলুক নাই। যিজন আটাইতকৈ ডাঙৰ মখলুকৰ ৰব্ব, দৰাচলতে তেৱেঁই সকলো মখলুকৰ ৰব্ব।
የአረብኛ ቁርኣን ማብራሪያ:
وَمَنْ یَّدْعُ مَعَ اللّٰهِ اِلٰهًا اٰخَرَ ۙ— لَا بُرْهَانَ لَهٗ بِهٖ ۙ— فَاِنَّمَا حِسَابُهٗ عِنْدَ رَبِّهٖ ؕ— اِنَّهٗ لَا یُفْلِحُ الْكٰفِرُوْنَ ۟
যিয়ে আল্লাহৰ বাহিৰে আন কোনো উপাস্যক আহ্বান কৰে, উপাসনাৰ উপযুক্ত হোৱাৰ বাবে যাৰ ওচৰত কোনো প্ৰমাণ নাই (আল্লাহৰ বাহিৰে সকলো উপাস্যৰেই এই একেই অৱস্থা) তেনেকুৱা ব্যক্তিৰ বাবে তাৰ এই বেয়া কৰ্মৰ প্ৰতিফলস্বৰূপে তাৰ প্ৰতিপালকৰ ওচৰত আছে বেয়া প্ৰতিদান। গতিকে তেৱেঁই তাক ইয়াৰ শাস্তি বিহিব। নিশ্চয় কাফিৰসকলে লক্ষ্যস্থানত উপনীত হ'বলৈ তথা নিজৰ পছন্দৰ বস্তু পাবলৈ আৰু ভয়-ভীতিমূলক বস্তুৰ পৰা মুক্তি লাভ কৰিবলৈ সক্ষম নহ'ব।
የአረብኛ ቁርኣን ማብራሪያ:
وَقُلْ رَّبِّ اغْفِرْ وَارْحَمْ وَاَنْتَ خَیْرُ الرّٰحِمِیْنَ ۟۠
হে ৰাছুল! আপুনি দুআ কৰক, হে মোৰ প্ৰতিপালক! মোৰ গুনাহসমূহ ক্ষমা কৰি দিয়া, আৰু মোৰ প্ৰতি বিশেষ দয়া কৰা। নিশ্চয় তুমি অতি উত্তম, গুনাহগাৰৰ প্ৰতি কৃপা কৰা আৰু তাৰ তাওবা কবুল কৰা।
የአረብኛ ቁርኣን ማብራሪያ:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• الكافر حقير مهان عند الله.
কাফিৰ আল্লাহৰ দৃষ্টি অতি নিকৃষ্ট তথা লাঞ্ছিত।

• الاستهزاء بالصالحين ذنب عظيم يستحق صاحبه العذاب.
পূণ্যৱান লোকসকলৰ উপহাস কৰা তথা বিদ্ৰুপ কৰাটো হৈছে মহাপাপ। এনেকুৱা ব্যক্তি শাস্তিৰ উপযুক্ত।

• تضييع العمر لازم من لوازم الكفر.
কুফৰে মানুহৰ আয়ু বিনষ্ট কৰে।

• الثناء على الله مظهر من مظاهر الأدب في الدعاء.
আল্লাহৰ প্ৰশংসা কৰাটো দুআ কৰাৰ এটা অন্যতম শিষ্টাচাৰ।

• لما افتتح الله سبحانه السورة بذكر صفات فلاح المؤمنين ناسب أن تختم السورة بذكر خسارة الكافرين وعدم فلاحهم.
যিহেতু আল্লাহে এই ছুৰাটো আৰম্ভ কৰিছে মুমিনসকলৰ সফলতাৰ বৈশিষ্ট্যসমূহৰ জৰিয়তে, সেয়ে কাফিৰসকলৰ ক্ষতিগ্ৰস্ততা আৰু ব্যৰ্থতাৰ বৰ্ণনাৰে এই ছুৰা শেষ কৰাটো হৈছে যথোপযুক্ত।

 
የይዘት ትርጉም ምዕራፍ: አል-ሙዕሚኑን
የምዕራፎች ማውጫ የገፅ ቁጥር
 
የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ - የትርጉሞች ማዉጫ

ከቁርአን ተፍሲር ጥናት ማዕከል የተገኘ

መዝጋት