Check out the new design

የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ * - የትርጉሞች ማዉጫ


የይዘት ትርጉም ምዕራፍ: አል-ሙዕሚኑን   አንቀጽ:
وَاَنْزَلْنَا مِنَ السَّمَآءِ مَآءً بِقَدَرٍ فَاَسْكَنّٰهُ فِی الْاَرْضِ ۖۗ— وَاِنَّا عَلٰی ذَهَابٍ بِهٖ لَقٰدِرُوْنَ ۟ۚ
আকাশৰ পৰা আমি প্ৰয়োজন অনুসাৰে পানী বৰ্ষণ কৰোঁ, বেছিও নকৰোঁ যে বিপদ আহিব, আৰু কমো নিদিওঁ যে, যথেষ্ট নহ'ব। তথা সেই পানীক আমি পৃথিৱীত ৰখাই দিওঁ যাতে মানুহ আৰু জীৱ-জন্তুৱে উপকৃত হ'ব পাৰে। সেই পানীক আমি নাইকীয়া কৰিবলৈকো সক্ষম, ফলত তোমালোকে উপকৃত হ'ব নোৱাৰিবা।
የአረብኛ ቁርኣን ማብራሪያ:
فَاَنْشَاْنَا لَكُمْ بِهٖ جَنّٰتٍ مِّنْ نَّخِیْلٍ وَّاَعْنَابٍ ۘ— لَكُمْ فِیْهَا فَوَاكِهُ كَثِیْرَةٌ وَّمِنْهَا تَاْكُلُوْنَ ۟ۙ
সেই পানীৰ পৰাই আমি তোমালোকক খেজুৰ আৰু আঙুৰৰ বাগান সাজি দিছোঁ। তাত তোমালোকৰ বাবে আছে বিভিন্ন আকাৰৰ আৰু বিভিন্ন ৰঙৰ ফল-মূল। উদাহৰণস্বৰূপে ডিমৰু, ডালিম আৰু আপেল, যিবোৰ তোমালোকে ভক্ষণ কৰা।
የአረብኛ ቁርኣን ማብራሪያ:
وَشَجَرَةً تَخْرُجُ مِنْ طُوْرِ سَیْنَآءَ تَنْۢبُتُ بِالدُّهْنِ وَصِبْغٍ لِّلْاٰكِلِیْنَ ۟
সেই পানীৰ পৰাই আমি তোমালোকৰ বাবে উৎপন্ন কৰিছোঁ যায়তুন গছ, যিটো চিনাই পৰ্বতৰ অঞ্চলত উৎপাদিত হয়। সেই গছৰ ফলৰ পৰা তেল উলিওৱা হয়, আৰু সেইবোৰক তেল আৰু আঞ্জা হিচাপেও ব্যৱহাৰ কৰা হয়।
የአረብኛ ቁርኣን ማብራሪያ:
وَاِنَّ لَكُمْ فِی الْاَنْعَامِ لَعِبْرَةً ؕ— نُسْقِیْكُمْ مِّمَّا فِیْ بُطُوْنِهَا وَلَكُمْ فِیْهَا مَنَافِعُ كَثِیْرَةٌ وَّمِنْهَا تَاْكُلُوْنَ ۟ۙ
হে মানৱজাতি! বাস্তৱতে তোমালোকৰ বাবে ঘৰচীয়া চতুষ্পদ জন্তুবোৰ (উট, গৰু আৰু ছাগলী)ৰ মাজত আছে ডাঙৰ শিক্ষা আৰু নিৰ্দেশনা, যাৰ দ্বাৰা তোমালোকে আল্লাহৰ ক্ষমতা আৰু তোমালোকৰ প্ৰতি তেওঁৰ দয়া তথা কৃপা অতি সহজে অনুভৱ কৰিব পাৰিবা। আমিয়েই তোমালোকক এইবোৰ চতুষ্পদ জন্তুৰ নিৰ্ভেজাল তথা সোৱাদ লগা গাখীৰ খোৱাওঁ। এইবোৰৰ দ্বাৰা তোমালোকে আৰু বহুতো প্ৰকাৰে উপকৃত হোৱা, যেনেঃ পৰিবহণ হিচাপে ব্যৱহাৰ কৰা, ঊন সংগ্ৰহ কৰা, গোবৰ আৰু নোমৰ দ্বাৰাও তোমালোকে উপকৃত হোৱা। তথা তোমালোকে এইবোৰৰ মাংসও ভক্ষণ কৰা।
የአረብኛ ቁርኣን ማብራሪያ:
وَعَلَیْهَا وَعَلَی الْفُلْكِ تُحْمَلُوْنَ ۟۠
স্থলত তোমালোকে চতুষ্পদ জন্তুবোৰৰ মাজৰ পৰা উটক পৰিবহন হিচাপে ব্যৱহাৰ কৰা, আনহাতে সাগৰত তোমালোকক প্ৰকাণ্ড জাহাজক পৰিবহণ হিচাপে ব্যৱহাৰ কৰাৰ সুবিধা প্ৰদান কৰিছোঁ।
የአረብኛ ቁርኣን ማብራሪያ:
وَلَقَدْ اَرْسَلْنَا نُوْحًا اِلٰی قَوْمِهٖ فَقَالَ یٰقَوْمِ اعْبُدُوا اللّٰهَ مَا لَكُمْ مِّنْ اِلٰهٍ غَیْرُهٗ ؕ— اَفَلَا تَتَّقُوْنَ ۟
নিশ্চয় আমি নূহ আলাইহিচ্ছালামক তেওঁৰ সম্প্ৰদায়ৰ ফালে প্ৰেৰণ কৰিছিলোঁ, যাতে তেওঁ সিহঁতক আল্লাহৰ পিনে আহ্বান কৰে। ফলত নূহ আলাইহিচ্ছালামে সিহঁতক কৈছিলঃ হে মোৰ জাতিৰ লোকসকল! তোমালোকে কেৱল এক আল্লাহৰ ইবাদত কৰা। সেই পৱিত্ৰ সত্ত্বাৰ বাহিৰে তোমালোকৰ আন কোনো সত্য উপাস্য নাই। তথাপিও তোমালোকে আল্লাহৰ আদেশ পালন কৰি আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকি তেওঁক ভয় নকৰিবানে?!
የአረብኛ ቁርኣን ማብራሪያ:
فَقَالَ الْمَلَؤُا الَّذِیْنَ كَفَرُوْا مِنْ قَوْمِهٖ مَا هٰذَاۤ اِلَّا بَشَرٌ مِّثْلُكُمْ ۙ— یُرِیْدُ اَنْ یَّتَفَضَّلَ عَلَیْكُمْ ؕ— وَلَوْ شَآءَ اللّٰهُ لَاَنْزَلَ مَلٰٓىِٕكَةً ۖۚ— مَّا سَمِعْنَا بِهٰذَا فِیْۤ اٰبَآىِٕنَا الْاَوَّلِیْنَ ۟ۚۖ
ইয়াৰ পিছত তেওঁৰ সম্প্ৰদায়ৰ সন্মানিত আৰু প্ৰমূখ লোকসকলে (যিসকলে আল্লাহক অস্বীকাৰ কৰিছিল) নিজৰ অনুসাৰীসকলক আৰু সাধাৰণ লোকসকলক সম্বোধন কৰি ক’লেঃ “এই মানুহজন, যিজনে নিজকে ৰাছুল বুলি দাবী কৰে, তোমালোকৰ দৰেই দেখোন এজন মানুহ। দৰাচলতে এওঁ তোমালোকৰ ওপৰত ৰাজত্ব কৰিব বিচাৰে আৰু তোমালোকৰ নেতা হ’ব বিচাৰে। সঁচাই যদি আল্লাহে আমাৰ ফালে ৰাছুল প্ৰেৰণ কৰিব বিচাৰিলেহেঁতেন তেন্তে তেওঁ কোনো ফিৰিস্তাক ৰাছুল হিচাপে প্ৰেৰণ কৰিলেহেঁতেন। মানুহক কেতিয়াও ৰাছুল হিচাপে প্ৰেৰণ নকৰিলেহেঁতেন। আমাৰ পূৰ্বপুৰুষসকলৰ মাজত এনেকুৱা দাবীদাৰ ব্যক্তিৰ বিষয়ে কেতিয়াও আমি শুনা নাছিলোঁ।”
የአረብኛ ቁርኣን ማብራሪያ:
اِنْ هُوَ اِلَّا رَجُلٌۢ بِهٖ جِنَّةٌ فَتَرَبَّصُوْا بِهٖ حَتّٰی حِیْنٍ ۟
এওঁ দৰাচলতে এজন উন্মাদ ব্যক্তি। এওঁ নিজেই নাজানে, এওঁ কি কৈ আছে। গতিকে কিছু সময় অপেক্ষা কৰা, তেওঁৰ সকলো বিষয় মানুহৰ সন্মুখত প্ৰকাশ পাব।
የአረብኛ ቁርኣን ማብራሪያ:
قَالَ رَبِّ انْصُرْنِیْ بِمَا كَذَّبُوْنِ ۟
নূহ আলাইহিচ্ছালামে ক’লেঃ “হে মোৰ প্ৰতিপালক, সিহঁতৰ বিৰুদ্ধে তুমি মোক সহায় কৰা। লগতে সিহঁতে মোক অস্বীকাৰ কৰিছে; গতিকে তুমি ইয়াৰ প্ৰতিশোধ লোৱা।”
የአረብኛ ቁርኣን ማብራሪያ:
فَاَوْحَیْنَاۤ اِلَیْهِ اَنِ اصْنَعِ الْفُلْكَ بِاَعْیُنِنَا وَوَحْیِنَا فَاِذَا جَآءَ اَمْرُنَا وَفَارَ التَّنُّوْرُ ۙ— فَاسْلُكْ فِیْهَا مِنْ كُلٍّ زَوْجَیْنِ اثْنَیْنِ وَاَهْلَكَ اِلَّا مَنْ سَبَقَ عَلَیْهِ الْقَوْلُ مِنْهُمْ ۚ— وَلَا تُخَاطِبْنِیْ فِی الَّذِیْنَ ظَلَمُوْا ۚ— اِنَّهُمْ مُّغْرَقُوْنَ ۟
আমি নূহ আলাইহিচ্ছালামক সংবাদ প্ৰদান কৰিছিলোঁ যে, আপুনি আমাৰ চকুৰ সন্মুখত আৰু আমি কোৱো পদ্ধতিমতে এখন নাও বনাওক। সিহঁতৰ বিনাশ সম্পৰ্কীয় যেতিয়া আমাৰ আদেশ আহি পৰিব আৰু চৌকাত পানী উথলি উঠিব তেতিয়া প্ৰত্যেক জীৱ-জন্তুৰ মাজৰ পৰা এযোৰ এযোৰকৈ নাঁৱত উঠাই লব, যাতে সেইবোৰৰ বংশ পৃথিৱীত বাকী থাকে। লগতে আপোনাৰ পৰিয়ালকো উঠাই লব, কিন্তু সেইসকল লোকক নাঁৱত নুঠাব যিসকলৰ বিৰুদ্ধে আল্লাহে পূৰ্বেই সিদ্ধান্ত গ্ৰহণ কৰিছে। যেনেঃ আপোনাৰ স্ত্ৰী আৰু আপোনাৰ ল’ৰা। তথা সিহঁতৰ মুক্তি আৰু ৰক্ষাৰ বাবে আপুনি মোৰ ওচৰত প্ৰাৰ্থনা নকৰিব, কিয়নো সিহঁতে কুফৰী কৰি অন্যায় কৰিছে। সিহঁত নিশ্চিতভাৱে পানীত ডুবি ধ্বংস হ'ব।
የአረብኛ ቁርኣን ማብራሪያ:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• لطف الله بعباده ظاهر بإنزال المطر وتيسير الانتفاع به.
পানী বৰ্ষণ কৰা আৰু তাৰ দ্বাৰা সহজে উপকৃত হোৱাৰ বিষয়টোৱে প্ৰমাণ কৰে যে, আল্লাহ তেওঁৰ বান্দাসকলৰ প্ৰতি অতি দয়ালু।

• التنويه بمنزلة شجرة الزيتون.
যাইতুন গছৰ মহত্বৰ বৰ্ণনা।

• اعتقاد المشركين ألوهية الحجر، وتكذيبهم بنبوة البشر، دليل على سخف عقولهم.
মুশ্বৰিকসকলে শিলক উপাস্যৰূপে গ্ৰহণ কৰা, আৰু নবীসকল যে মানৱ এই কথা অস্বীকাৰ কৰা বিষয়টোৱে হৈছে সিহঁতৰ বিবেকহীন হোৱাৰ অন্যতম প্ৰমাণ।

• نصر الله لرسله ثابت عندما تكذبهم أممهم.
ৰাছুলসকলক যেতিয়া তেওঁলোকৰ সম্প্ৰদায়ৰ লোকসকলে অস্বীকাৰ কৰে, তেতিয়াই আল্লাহে তেওঁলোকক সহায়ৰ হাত আগবঢ়ায়।

 
የይዘት ትርጉም ምዕራፍ: አል-ሙዕሚኑን
የምዕራፎች ማውጫ የገፅ ቁጥር
 
የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ - የትርጉሞች ማዉጫ

ከቁርአን ተፍሲር ጥናት ማዕከል የተገኘ

መዝጋት