የተከበረው ቁርአን መልዕክተ ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ

external-link copy
33 : 23

وَقَالَ الْمَلَاُ مِنْ قَوْمِهِ الَّذِیْنَ كَفَرُوْا وَكَذَّبُوْا بِلِقَآءِ الْاٰخِرَةِ وَاَتْرَفْنٰهُمْ فِی الْحَیٰوةِ الدُّنْیَا ۙ— مَا هٰذَاۤ اِلَّا بَشَرٌ مِّثْلُكُمْ ۙ— یَاْكُلُ مِمَّا تَاْكُلُوْنَ مِنْهُ وَیَشْرَبُ مِمَّا تَشْرَبُوْنَ ۟ۙ

তেওঁৰ জাতিৰ গণ্যমান্য আৰু প্ৰমুখ লোকসকলে যিসকলে আল্লাহক অস্বীকাৰ কৰিছিল তথা আখিৰাতক নাকচ কৰিছিল আৰু আখিৰাতৰ প্ৰতিফল আৰু শাস্তিক অৱমাননা কৰিছিল, পৃথিৱীত থকা আমাৰ অগণন নিয়ামতে সিহঁতক স্বৈৰাচাৰী বনাইছিল, সেইসকল লোকে নিজৰ অনুসাৰী আৰু সাধাৰণ লোকসকলক সম্বোধন কৰি ক'লেঃ এওঁ দেখোন তোমালোকৰ দৰেই এজন মানুহ। তোমালোকে যি খোৱা, তেৱোঁ সেইটোৱেই খায়। তোমালোকে যি পান কৰা, তেৱোঁ সেইটোৱে পান কৰে। তেওঁৰ মাজত এনেকুৱা কোনো বৈশিষ্ট্য নাই, যাৰ ভিত্তিত তেওঁক তোমালোকৰ প্ৰতি ৰাছুল হিচাপে প্ৰেৰণ কৰা হ'ব। info
التفاسير:
በዚህ ገፅ ያሉት አንቀፆች ከሚያስተላልፉት ጠቃሚ መልዕክት መካከል:
• وجوب حمد الله على النعم.
নিয়ামতৰ বাবে আল্লাহৰ কৃতজ্ঞতা স্বীকাৰ কৰা জৰুৰী। info

• الترف في الدنيا من أسباب الغفلة أو الاستكبار عن الحق.
পাৰ্থিৱ জীৱনৰ সুখ-স্বাচ্ছন্দ হৈছে অমনোযোগীতা সৃষ্টি হোৱাৰ কাৰণ, তথা ই সত্যক অস্বীকাৰ কৰিবলৈ মানুহক উদ্বুদ্ব কৰে। info

• عاقبة الكافر الندامة والخسران.
ক্ষতিগ্ৰস্ত আৰু অনুতাপ হৈছে কাফিৰৰ শেষ পৰিণাম। info

• الظلم سبب في البعد عن رحمة الله.
অন্যায়-অত্যাচাৰ হৈছে আল্লাহৰ ৰহমতৰ পৰা আঁতৰি যোৱাৰ কাৰণ। info